নিজামুদ্দিনৰ ধৰ্মীয় অনুষ্ঠান জামাতৰ পৰা ঘুৰি আহি লুকাই থকা লোকসকলৰ প্ৰতিচ্ছবি আৰু তথ্য ৰাজহুৱা কৰিবৰ বাবে আহ্বান জনাইছে উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা শৰণীয়া কবৰস্থান সমিতিৰ সভাপতি নেকিবুৰ জামানে। আজি গুৱাহাটীৰ ইছলামপুৰত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে জামানে।
সংবাদমেলত জামানে কয়, ‘আমি আজি ইছলামিক সমাজে সিদ্ধান্ত গ্ৰহণ কৰিছো যে যদি কোনো লোক জামাতৰ পৰা ঘুৰি আহিছে আৰু লুকাই আছে নতুবা চৰকাৰক এই কথা জনোৱা নাই তেন্তে আমি সকলো প্ৰকাৰৰ চৰকাৰক সহায় কৰিম৷ যদি চৰকাৰৰ হাতত সেইসকল লোকৰ প্ৰতিচ্ছবি আছে তেন্তে প্ৰতিচ্ছবি সহ সেই সকললোকৰ তথ্য ৰাজহুৱা কৰিলে আমি সেইসকল লোকক বিচাৰি উলিয়াব পাৰিম৷’
তদুপৰি, গুৱাহাটীৰ সমূহ মছজিদ, মাদ্ৰাছা, মৰ্কজ সমিতিয়ে অসমৰ সকলো মছজিদ, মাদ্ৰাছা, মৰ্কজ সমিতিক আহ্বান জনাই তেওঁ কয়, ‘যদি অসমৰ কোনো ঠাইত জামাতত গৈ ঘুৰি আহি কোনো লোক আত্মগোপন কৰিছে তেন্তে সেইসকল লোকক বিচাৰি উলিয়াই প্ৰশাসনৰ ওচৰলৈ লৈ আহক৷’
তেওঁ লগতে কয়, ‘আমি জামাতৰ পৰা অহা লোকক আহ্বান জনাইছো যে আপোনালোক কোনো ধৰণৰ অপৰাধী নহয়৷ যদি আপোনোলোকে পলাই থাকি ভাইৰাছ সংক্ৰমণত সহায় কৰে তেন্তে আপোনালোক সামাজিকভাৱে অপৰাধী হৈ পৰিব৷ যদি কোনো লোকে প্ৰশাসনৰ ওচৰ চাপিবলৈ ভয় কৰিছে তেন্তে আমাৰ সৈতে যোগাযোগ কৰক৷’
শৰণীয়া কৱৰস্থান সমিতিয়ে তেওঁলোকক চিকিৎসকৰ ওচৰলৈ নিয়া, চৰকাৰৰ দ্বাৰা সকলো ব্যৱস্থা কৰি দিব বুলি সংবাদমেলত সদৰী কৰে জামানে।
তেওঁ আৰু কয়, ‘আমি শৰণীয়া কৱৰস্থান সমিতিয়ে ইয়াকো সিদ্ধান্ত লৈছো যে যদি চৰকাৰক প্ৰয়োজন হয় তেন্তে পূব-গুৱাহাটী ঈদগাহ খন আইছ’লেশ্যন চেণ্টাৰ কৰিবলৈ দিবৰ বাবে সাজু হৈছো। ঈদগাহ খন যথেষ্ট ডাঙৰ৷’
ইয়াৰোপৰি, চৰকাৰক শৰণীয়া কৱৰস্থান সমিতি আৰু পূব-গুৱাহাটী ঈদগাহ সমিতিয়ে কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ১ লাখ টকা দিয়াৰ কথা উক্ত সংবাদমেলতে ঘোষণা কৰে।
ইপিনে, মুখ্য মন্ত্ৰীয়ে নিজামুদ্দিন কাণ্ডক লৈ ৰাজনীতি নকৰাৰ বাবে বাৰে বাৰে জনোৱা আহ্বানৰ কথা উল্লেখ কৰি জামানে কয়, ‘মুখ্য মন্ত্ৰীৰ এই আহ্বানৰ পিছতো আমি দেখিছো যে ছ’চিয়েল মিডিয়াত দুই এগৰাকী ৰাজনৈতিক দলৰ নেতাই বাক্যবাণ কৰিবলৈ ধৰিছে। মেৰু বিভাজনৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে৷ ছ’চিয়েল মিডিয়াত জঘণ্য আক্ৰমণ আৰম্ভ কৰিছে৷ ইয়াৰ দ্বাৰা সমাজ খনৰ ভাঙোনৰ সৃষ্টি হ’ব৷’
‘সমাজত এক অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হ’ব৷ বিভিন্ন ঠাইৰ পৰা আমাক বিভিন্ন খবৰ দিছে৷ সেই সমূহ কথা আমি ক’ব খোজা নাই৷ কিন্তু এটা খবৰে গুৰুত্ব লাভ কৰিছে৷ বহু অঞ্চলত ৰাস্তাত বাঁহ বান্ধি ইছলামধৰ্মী লোকক প্ৰৱেশ নিষিদ্ধ কৰিছে৷ এই বিলাক কৰিলে আমাৰ সাতামপুৰুষীয়া সম্প্ৰীতি, ঐক্য, সংহতি বিনষ্ট হোৱাৰ আশংকাই দেখা দিব৷ আমি সকলোকে আহ্বান জনাম যে আমাৰ যুদ্ধ কৰ’না ভাইৰাছৰ বিৰুদ্ধে,’-জামানে লগতে কয়।
তাৎপৰ্য্যপূৰ্ণভাৱে আজিৰ শুকুৰবৰীয়া জুম্মাৰ নামাজ তেওঁলোকে মছজিদত পঢ়া নাই বুলি জানিবলৈ দি তেওঁ লগতে কয়, ‘চৰকাৰে নিৰ্দেশ দিয়াৰ পিছৰে পৰা অসমৰ সকলো মছজিদত সমবেত হৈ নামাজ পঢ়া কাৰ্য বন্ধ কৰিছে৷ আমি চৰকাৰে যি নিৰ্দেশ দিছে সেই নিৰ্দেশ পালন কৰিছো৷ সেই কাৰণে আমি চৰকাৰক আহ্বান জনাইছো যে ছ’চিয়েল মিডিয়াৰ এই ধৰণৰ বাক্যবাণবোৰ বন্ধ কৰিবলৈ আইনী ব্যৱস্থা গ্ৰহণ কৰক৷ চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰিলেহে সমাজখন ঠিকে থাকিব৷’