ক’ৰ’না ভাইৰাছৰ বাবে চলি থকা লকডাউনৰ সময়ত ঐক্য, শান্তি-সম্প্ৰীতিৰ বাতাবৰণ বিনষ্ট কৰাৰ মানসেৰে কিছুমান লোকে অপপ্ৰচাৰ চলোৱা দৃষ্টিগোচৰ হৈছে শিৱসাগ জিলা প্ৰশাসনৰ।
জিলাখনৰ ৰাইজ যাতে কোনোপধ্যে উৰাবাতৰি, অপপ্ৰচাৰত ভীতিগ্রস্ত নহয় আৰু ইয়াৰ বিৰুদ্ধে মাৰবান্ধি থিয় দি ঐক্যবদ্ধভাৱে ক’ৰ’নাৰ বিৰুদ্ধে এই যুঁজত সহযোগিতা আগবঢ়ায় তাৰ লক্ষ্যৰে উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত সোমবাৰে উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বী সকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়।
বৈঠকত উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে, আজি পৰ্যন্ত জিলাখনত কোনো লোক ক’ৰ’নাত আক্ৰান্ত হোৱা নাই। ক’ৰ’না ভাইৰাছৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি আহিছে।
তেওঁ উল্লেখ কৰে যে, এই জটিল সন্ধিক্ষণত ৰাজ্যখনৰ লগতে জিলাখনৰ সাতামপুৰুষীয়া একতা, শান্তি, পাৰস্পৰিক সৌহার্দৰ বাতাবৰণ বিনষ্ট কৰাৰ মানসেৰে আৰু সমাজত সম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ কিছু দুষ্টচক্ৰই বিভিন্ন মাধ্যমেৰে উৰাবাতৰি আৰু অপপ্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।
এনেধৰণৰ উৰাবাতৰি আৰু অপপ্ৰচাৰত ভোল নাযাই তথা ভীতিগ্রস্ত নহ’বলৈ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ তেওঁ উপস্থিত সকলোকে আহ্বান জনায়।
জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগে ছ’চিয়েল মিডিয়াত উৰাবাতৰি আৰু অপপ্ৰচাৰত লিপ্ত সকলৰ বিৰূদ্ধে তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু এইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ সদৰি কৰে।
বৈঠকত আৰক্ষী অধীক্ষক অমিতাভ সিনহাই নিজ বক্তব্যত ৰাইজৰ হিতৰ বাবে জিলাখনত চলি থকা লকডাউন আৰু কটকটীয়াভাৱে বলৱৎ কৰা হ’ব বুলি উল্লেখ কৰে।
তেওঁ কয় যে উৰাবাতৰি কিছুমানত কোৱাৰ দৰে জিলাখনত দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজৰ পৰা ঘূৰি অহা কোনো ব্যক্তি আত্মগোপন কৰি থকা নাই।
তেওঁ লগতে কয় যে, যদি বাহিৰৰ পৰা অহা কোনো ব্যক্তিৰ যদি কিবা সম্ভেদ পায়, তেন্তে সেই বিষয়ে আৰক্ষী বিভাগ বা জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিব পাৰিব।
বৈঠকত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলিয়ে জিলাখনৰ চিকিৎসালয়সমূহত ইতিমধ্যে ১৬৫ খন বিচনা আইছ’লেশ্যনৰ বাবে আৰু ৪৬৭ খন কোৱাৰেণ্টাইনৰ বাবে মজুত ৰখা হৈছে বুলি জনায়।
ক’ৰ’না ভাইৰাছ সন্দৰ্ভত ওজৰ আপত্তি আৰু কিবা জানিবলগীয়া থাকিলে ১০৭৭, ০৩৭৭২-২২৩৩৯৭, ৮৪৭১৮৬৪৩৫৫ নম্বৰ সমূহত ৰাইজে ফোনযোগে যোগাযোগ কৰিব পাৰিব বুলি উপস্থিত সকলোকে জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।
অতিৰিক্ত উপায়ুক্ত বিদিত দাসে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান জিলাখনত ব্যাহত নহয় আৰু মূল্যবৃদ্ধি নোহোৱাৰ বাবে জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্রহণ কৰা বুলি উল্লেখ কৰে।