• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ৰ’না : শিৱসাগৰত জিলা উপায়ুক্তৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বী সকলৰ সৈতে বৈঠক

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 7, 2020 7:04 am
IMG-20200406-WA0069

ফটো : নৰ্থ-ইষ্ট নাও

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক‍’ৰ’না ভাইৰাছৰ বাবে চলি থকা লকডাউনৰ সময়ত ঐক্য, শান্তি-সম্প্ৰীতিৰ বাতাবৰণ বিনষ্ট কৰাৰ মানসেৰে কিছুমান লোকে অপপ্ৰচাৰ চলোৱা দৃষ্টিগোচৰ হৈছে শিৱসাগ জিলা প্ৰশাসনৰ।

জিলাখনৰ ৰাইজ যাতে কোনোপধ্যে উৰাবাতৰি, অপপ্ৰচাৰত ভীতিগ্রস্ত নহয় আৰু ইয়াৰ বিৰুদ্ধে মাৰবান্ধি থিয় দি ঐক্যবদ্ধভাৱে ক’ৰ’নাৰ বিৰুদ্ধে এই যুঁজত সহযোগিতা আগবঢ়ায় তাৰ লক্ষ্যৰে উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত সোমবাৰে উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বী সকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়।

Apply Now

বৈঠকত উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে, আজি পৰ্যন্ত জিলাখনত কোনো লোক ক’ৰ’নাত আক্ৰান্ত হোৱা নাই। ক’ৰ’না ভাইৰাছৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

তেওঁ উল্লেখ কৰে যে, এই জটিল সন্ধিক্ষণত ৰাজ্যখনৰ লগতে  জিলাখনৰ সাতামপুৰুষীয়া একতা, শান্তি, পাৰস্পৰিক সৌহার্দৰ বাতাবৰণ বিনষ্ট কৰাৰ মানসেৰে আৰু সমাজত সম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ কিছু দুষ্টচক্ৰই বিভিন্ন মাধ্যমেৰে উৰাবাতৰি আৰু অপপ্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।

এনেধৰণৰ উৰাবাতৰি আৰু অপপ্ৰচাৰত ভোল নাযাই তথা ভীতিগ্রস্ত নহ’বলৈ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ তেওঁ উপস্থিত সকলোকে আহ্বান জনায়।

জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগে ছ’চিয়েল মিডিয়াত উৰাবাতৰি আৰু অপপ্ৰচাৰত লিপ্ত সকলৰ বিৰূদ্ধে তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু এইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ সদৰি কৰে।

বৈঠকত আৰক্ষী অধীক্ষক অমিতাভ সিনহাই নিজ বক্তব্যত ৰাইজৰ হিতৰ বাবে জিলাখনত চলি থকা লকডাউন আৰু কটকটীয়াভাৱে বলৱৎ কৰা হ’ব বুলি উল্লেখ কৰে।

তেওঁ কয় যে উৰাবাতৰি কিছুমানত কোৱাৰ দৰে জিলাখনত দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজৰ পৰা ঘূৰি অহা কোনো ব্যক্তি আত্মগোপন কৰি থকা নাই।

তেওঁ লগতে কয় যে, যদি বাহিৰৰ পৰা অহা কোনো ব্যক্তিৰ যদি কিবা সম্ভেদ পায়, তেন্তে সেই বিষয়ে আৰক্ষী বিভাগ বা জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিব পাৰিব।

বৈঠকত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলিয়ে জিলাখনৰ চিকিৎসালয়সমূহত ইতিমধ্যে ১৬৫ খন বিচনা আইছ’লেশ্যনৰ বাবে আৰু ৪৬৭ খন কোৱাৰেণ্টাইনৰ বাবে মজুত ৰখা হৈছে বুলি জনায়।

ক’ৰ’না ভাইৰাছ সন্দৰ্ভত ওজৰ আপত্তি আৰু কিবা জানিবলগীয়া থাকিলে ১০৭৭, ০৩৭৭২-২২৩৩৯৭, ৮৪৭১৮৬৪৩৫৫ নম্বৰ সমূহত ৰাইজে ফোনযোগে যোগাযোগ কৰিব পাৰিব বুলি উপস্থিত সকলোকে জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

অতিৰিক্ত উপায়ুক্ত বিদিত দাসে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান জিলাখনত ব্যাহত নহয় আৰু মূল্যবৃদ্ধি নোহোৱাৰ বাবে জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্রহণ কৰা বুলি উল্লেখ কৰে।

Tags: COVID-19
পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd