ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ল’কডাউনৰ সিদ্ধান্ত একাংশ লোকে মানি নচলাটো এতিয়া ফেশ্যনত পৰিণত হৈছে একাংশ লোকৰ বাবে।
যাৰ বাবে অসম আৰক্ষী বিভিন্ন ঠাইত কঠোৰ হ’বলগীয়া হৈছে। গোৱালপাৰা জিলাৰ কৃষ্ণাইত তলাবন্ধ অমান্য কৰা সকলোৰ বিৰুদ্ধে অসম আৰক্ষীয়ে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা দেখা গ’ল।
জিলাখনৰ একাংশ লোকে বিভিন্ন অজুহাত দেখুৱাই বাহিৰলৈ ওলোৱাৰ বিপৰীতে আন একাংশ লোকে বেংক বা ফাৰ্মাচীলৈ বুলি ওলাই গৈছে।
যিসকলে লোকে বিনাকাৰণত ঘৰৰ পৰা বাহিৰলৈ ওলাই গৈছে সেই সকল লোকক আৰক্ষীয়ে বাটত আটক কৰি বিভিন্ন প্ৰকাৰৰ শাস্তি প্ৰদান কৰা দেখা গৈছে।
আৰক্ষীয়ে কিছুসংখ্যক লোকক প্ৰথমতে কাণত ধৰি উঠ-বহা কৰাৰ পাছত ২৫ বাৰকৈ পুশ্ব-আপ আৰু কাণত ধৰি ভেঁকুলী জাপ মাৰিবলৈ দিয়াও ৰাজপথত দেখা গ’ল।
আনহাতে, আন কিছু সংখ্যক লোকে ঘৰৰ বাহিৰলৈ যোৱাৰ সময়ত মাস্ক পৰিধান কৰিবলৈ পাহৰাৰ বাবে আৰক্ষীয়ে তেওঁলোকক পিন্ধি থকা টি-শ্বাৰ্ট অথবা চোলাটোকে মাস্ক হিচাপে পৰিধান কৰিবলৈ নিৰ্দেশ দিয়ে।
মহামাৰী ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে ল’কডাউন ঘোষণা কৰাৰ পাছত যিসকল লোকে এই ল’কডাউন উলংঘা কৰিছে সেই সকল লোকৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হোৱা কাৰ্য্যক একাংশই পূৰ্ণ সমৰ্থন আগবঢ়াইছে।