ক’ৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱ আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা ল’কডাউনৰ ফলত দেশ তথা ৰাজ্যৰ জনসাধাৰণ এক জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আজি ৰাজ্য চৰকালৈ জনাইছে কেইটামান বিশেষ আহ্বান।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ বাৰ্তা যোগে তৰুণ গগৈয়ে চৰকাৰৰ প্ৰতি এই আহ্বান জনায়।
সাম্প্রতিক জটিল পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ চৰকাৰে অনতিপলমে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে।
ইয়াৰোপৰি দৈনিক মজদুৰ ,কৃষক, শ্ৰমিক,পশুপালক, মীনপালক, চাহ মজদুৰ, ঠেলাৱালা, ৰিক্সাৱালা আদিৰ লগতে দুখীয়া-দৰিদ্র সীমাৰেখাৰ লোকসকলৰ সাহায্যৰ বাবে চৰকাৰে অনতিপলমে এখন “সম্পূর্ণ আঁচনি ” গ্রহণ কৰিবলৈ চৰকাৰক গগৈয়ে আহ্বান জনায়।
ইপিনে, ৰাজ্যখনে সন্মুখীন হ’বলগীয়া সম্ভাব্য অৰ্থনৈতিক সংকটৰ মুখামুখি হোৱাৰ বাবে চৰকাৰে ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন ক্ষেত্রৰ বিশেষজ্ঞ সকলৰ লগত বিশদ আলোচনা কৰি এখন “Action Plan” গ্রহণ কৰিবলৈ গগৈয়ে আহ্বান জনায়।
আনহাতে, সম্ভাব্য অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰিবলৈ অসম চৰকাৰৰ কৃষি বিভাগ, পশুপালন বিভাগ, যোগান বিভাগ আদিয়ে যিধৰণৰ ক্ষিপ্রতাৰে যাৱতীয় ব্যৱস্থা আৰু আঁচনি গ্রহণ কৰিব লাগিছিল তাক গ্রহণ কৰাত চৰকাৰ ব্যর্থ হৈছে বুলিও গগৈয়ে অভিযোগ কৰে।