চীনৰ উহান চহৰত আৰম্ভ হোৱা কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বকে অস্থিৰ কৰি তুলিছে। মাৰাত্মক এই ভাইৰাছৰ সংক্ৰমণৰ আতংকৰ মাজতে ভাৰতকে ধৰি কেইবাখনো দেশে লকডাইন ঘোষণা কৰিছে। তথাপি কৰ’না ভাইৰাছৰ সংক্ৰমণ স্তব্ধ হোৱা নাই।
এতিয়ালৈকে ভাৰতকে ধৰি গোটেই বিশ্বতে কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৬ লাখ ৫০হাজাৰতকৈয়ো অধিক হৈছে আৰু ইয়াৰ ভিতৰত ১ লাখ ৩৭৫জনতকৈয়ো অধিক লোকৰ মৃত্যু ঘটিছে।
আনহাতে, ৩ লাখ ৬৬৮জন লোক চিকিৎসাৰ ফলত সুস্থ হৈ উঠিছে।
মাৰাত্মক মহামাৰীৰ ৰূপ লোৱা এই ভাইৰাছৰ ফলত আটাইতকৈ অধিক মৃত্যু ঘটিছে ইটালীত। দেশখনত মৃত্যু হোৱা লোকৰ সংখ্যা ১৮ হাজাৰ ৮৪৮জন অতিক্ৰম কৰিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ’না ভাইৰাছৰ ৰোগীৰ সংখ্যা ৪লাখ ৭৫হাজাৰ ৭৪৫তকৈয়ো অধিক হৈছে। কৰ’না ভাইৰাছৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত আমেৰিকা দ্বিতীয় স্থানত আছে। দেশখনত এতিয়ালৈকে এই সংখ্যা ১৮ হাজাৰ অতিক্ৰম কৰিছে।
কৰ’না ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে স্পেইন। দেশখনত ১৫হাজাৰ ৯৭০জনতকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছে।
ব্ৰিটেইনত কৰ’না ভাইৰাছৰ ফলত বিগত ২৪ ঘন্টাত এতিয়ালৈকে সৰ্বাধিক ৯৮০জন লোকে প্ৰাণ হেৰুৱাইছে। দেশখনত এতিয়ালৈকে মুঠতে ৮হাজাৰ ৯৫৮জনতকৈয়ো অধিক লোকৰ মৃত্যু ঘটিছে।
সেইদৰে, ফ্ৰান্সত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত যোৱা ২৪ ঘন্টাত ৯৮৭জনতকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছে। দেশখনত এতিয়ালৈকে এই মহামাৰীত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩ হাজাৰ ১৯৭জন স্পৰ্শ কৰিছে।
কৰ’না ভাইৰাছ মহামাৰীত বেলজিয়ামত ৩হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে। যোৱা ২৪ ঘন্টাত দেশখনত ৪৯৬জন লোকৰ মৃত্যু ঘটিছে।
ভাৰতত এতিয়ালৈকে কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৬,৭৬১জন হৈছেগৈ আৰু ২০৬জনৰ মৃত্যু হৈছে। আনহাতে ৫১৫জন ৰোগী চিকিৎসাৰ ফলত সুস্থ হৈ উঠিছে।