• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভুৱা বাতৰিকলৈ ক্ষুব্ধ ৰতন টাটা; কোনটো বাতৰিক লৈ অসন্তুষ্ট প্ৰসিদ্ধ উদ্যোগপতিগৰাকী?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2020 8:45 am
Ratan-tata-570x320

প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটা।

53.1k
VIEWS
Share on FacebookShare on Twitter

দেশৰ প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাই এটা ভুৱা বাতৰিকলৈ ক্ষোভ প্ৰকাশ কৰিছে। এই ভুৱা বাতৰিটোত ৰতন টাটাৰ নামত এটা বিবৃতি প্ৰকাশ পাইছিল।

ৰতন টাটাৰ উদ্ধৃতি দি ‘ভেৰি ম’টিভেশ্যনেল এট দিছ আৱাৰ’ শীৰ্ষক বিবৃতিটোত অৰ্থনীতিৰ ওপৰত কৰ’না ভাইৰাছৰ প্ৰভাৱ সম্পৰ্কে কোৱা হৈছিল।

সম্প্ৰতি ৰতন টাটাই ছচিয়েল মিডিয়াত এই বাতৰি শ্বেয়াৰ কৰি ইয়াৰ প্ৰকৃত সত্য সদৰী কৰিছে।

ৰতন টাটাই তেওঁৰ আনুষ্ঠানিক টুইটাৰ পেইজত লিখিছে,’এই কথা মই কোৱাও নাই আৰু মই লিখাও নাই। মই আপোনালোক সকলকে আহ্বান জনাইছো যে হোৱাটছএপ আৰু আন মিডিয়া প্লেটফৰ্মত প্ৰচাৰিত হোৱা এই প’ষ্টটোৰ সত্যতাৰ সন্ধান কৰক।‘

ৰতন টাটাই লগতে কয় যে ‘মোৰ কিবা ক’বলগীয়া থাকিলেতো মই নিজৰ আনুষ্ঠানিক চেনেলৰ জৰিয়তে কওঁ। আশা কৰো যে আপোনালোক সুৰক্ষিত আছে আৰু নিজৰ যতন ৰাখিছে।‘

This post has neither been said, nor written by me. I urge you to verify media circulated on WhatsApp and social platforms. If I have something to say, I will say it on my official channels. Hope you are safe and do take care. pic.twitter.com/RNVL40aRTB

— Ratan N. Tata (@RNTata2000) April 11, 2020

ৰতন টাটাৰ নামত প্ৰকাশিত ভুৱা বাতৰিটোত লিখা হৈছিল: ‘’বিশেষজ্ঞসকলে কৈছে যে কৰ’নাৰ বাবে অৰ্থনীতি ভাঙি-ছিঙি যাব। মই এই বিশেষজ্ঞসকলৰ বিষয়ে নাজানো কিন্তু এইটো নিশ্চয় ক’ব বিচাৰো যে এই বিশেষজ্ঞসকলৰ মানৱীয় প্ৰেৰণা আৰু আবেগৰ সৈতে চলোৱা প্ৰয়াসৰ বিষয়ে অধিক তথ্য নাই।‘’

তদুপৰি,এই ভুৱা প’ষ্টটোত এনে কিছুমান দৃষ্টান্ত দাঙি ধৰা হৈছে যিয়ে অসম্ভৱকো সম্ভৱ কৰি তুলিছে। ৰতন টাটাৰ নামত প্ৰকাশ কৰা ভুৱা বাতৰিটোত লগতে কোৱা হৈছে,’’যদি বিশেষজ্ঞৰ ওপৰত বিশ্বাস কৰা হয় তেতিয়াহ’লে দ্বিতীয় বিশ্বযুদ্ধত সম্পূৰ্ণ বিধ্বস্ত হৈ পৰা জাপানৰ কোনো ভৱিষ্যত নাথাকিলেহেঁতেন। কিন্তু মাত্ৰ তিনি দশকত জাপানে আমেৰিকাক পানী খুৱাই দিছে।‘’

লগতে কোৱা হৈছিল,’’সেইদৰে আৰৱ দেশসমূহে ইজৰাইলৰ নাম বিশ্বৰ মানচিত্ৰৰ পৰা মচি দিয়াহেঁতেন আজি পৰিস্থিতি বেলেগ হ’লহেঁতেন। সেইদৰে ১৯৮৩ত ভাৰতে বিশ্বকাপ নিজিকিলেহেঁতেন। এথলেটিকছত ৪টা স্বৰ্ণপদক অৰ্জন কৰা ৱিল্মা ৰুড’ল্ফৰ দৌৰাটো দূৰৰে কথা, চলি ফুৰাটোৱ কঠিন হ’লহেঁতেন।‘’

উল্লেখযোগ্য যে কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজত টাটা ট্ৰাষ্টেও সহায়ৰ হাত আগবঢ়াইছে। টাটা ট্ৰাষ্টে ইয়াৰ বাবে ৫০০কোটি টকাৰ বৰঙণি আগবঢ়াইছে।

Recent News

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd