নৰ সংহাৰী ক’ৰ’না ভাইৰাছ পাদৰ জৰিয়তেও সংক্ৰমিত হ’ব পাৰে। এই দাবী কৰিছে চিকিৎসকে।
চিকিৎসকৰ উদ্ধৃতি দি ব্ৰিটিছ সংবাদ পত্ৰ ডেইলী ষ্টাৰে কয় যে চলিত বৰ্ষৰ আৰম্ভণিতে ক’ৰ’না আক্ৰান্তৰ লোকৰ অৰ্ধেক সংখ্যক আক্ৰান্তই পাদৰ দ্বাৰা সংক্ৰমিত হৈছে।
ইয়াৰ পূৰ্বে চিকিৎসকে সৰ্তক কৰি দিছিল যে পাদৰ দ্বাৰা নিৰ্গত বায়ুত ক্ষুদ্ৰ বীজাণু বিয়পি পৰিব পাৰে। ডেইলী ষ্টাৰে এই দৰে কয়।
ডাঃ জেণ্ডাৰ ভান টুল্লেকেন নামৰ চিকিৎসকজনে চিবিবিচিৰ ধাৰাবাহিকৰ বাবে প্ৰস্তুত কৰা তথ্যচিত্ৰসমূহতো এই বিষয়ে উল্লেখ আছে বুলি ডেইলী ষ্টাৰে উল্লেখ কৰিছে।
অষ্ট্ৰেলিয়ান চিকিৎসক ডাঃ এণ্ডি টেগৰ মতে স্বাস্থ্য পৰীক্ষাসম্পন্ন নোহোৱা কোনো ক’ৰ’না আক্ৰান্ত লোকে ধেমালিতে পাদিলে ওচৰত থকা লোকৰ শৰীৰলৈ এই মাৰাত্মক ভাইৰাছবিধ সংক্ৰমিত হ’ব পাৰে।
ডাঃ টেগৰ মতে চলিত বৰ্ষৰ আৰম্ভণিতে ৫৫% শতাংশ ক’ৰ’না আক্ৰান্ত ইয়াৰ দ্বাৰাই সংক্ৰমিত হৈছে।
উল্লেখ্য চিকিৎসকসকলৰ পূৰ্বৱৰ্তী অধ্যয়নতো পাদৰ যোগেদি যথেষ্ট দূৰত্বলৈকে বীজাণুৱে সংক্ৰমিত হ’ব পাৰে বুলি প্ৰমাণিত হৈছিল।
২০০১ চনত অষ্ট্ৰেলিয়াৰ চিকিৎসক কাৰ্ল ক্ৰুজেল্নিকি আৰু মাইক্ৰ’বাঅ’লজিষ্ট লুক টেন্নান্টে পাদৰ জৰিয়তে বীজাণু বিয়পিব পাৰে বুলি এক অধ্যয়নৰ যোগেদি প্ৰমাণ কৰিছিল।
ডাঃ টেন্নান্টৰ মতে পেন্ট পিন্ধি থাকিলেও পাদৰ জৰিয়তে নিৰ্গত বায়ুৰেৰে ৫ ছেণ্টিমিটাৰ পৰ্যন্ত বীজাণু তথা বেক্টেৰিয়া আদি সংক্ৰমিত হ’ব পাৰে।
চলিত বৰ্ষৰ আৰম্ভণিতে চীনৰ চেন্টাৰ ফ’ৰ ডিজিছ কন্ট্ৰ’ল এণ্ড প্ৰিভেনশ্যনে ঘোষণা কৰিছিল যে সংক্ৰমিত লোকৰ পাদৰ ফলত পৰিধান কৰা পেন্টৰ সংস্পৰ্শলৈ আহিলে অসংক্ৰমিত লোকেও এই মাৰাত্মক ভাইৰাছ বিধৰ আক্ৰান্ত হ’ব পাৰে।
সেয়ে চিকিৎসকসকলে সতৰ্ক কৰি দিছে যে আক্ৰান্ত লোকৰ পেন্ট পিন্ধাৰ পৰা বিৰত থকা উচিত।