ল’কডাউনৰ বাবে মহাৰাষ্ট্ৰৰ এটা ৰেডজ’ন এলেকাত আৱদ্ধ হৈ থাকিবলগীয়া হৈছে বোকাখাতৰ চাৰিজন যুৱক ৷
কৰ্মসূত্ৰে বিগত পাঁচ বছৰ ধৰি মহাৰাষ্ট্ৰত থকা বোকাখাতৰ কুৰুৱাবাহী সত্ৰৰ চাৰিজন যুৱকে অসমৰ আন দুজন যুৱকৰ লগত সম্প্ৰতি মহৰাষ্ট্ৰৰ পুনেৰ জাম্বলিক চ’ক নামৰ ঠাইত তীব্র সংকটৰ মাজত গৃহকন্দী হৈ থাকিব লগা হৈছে।
জানিব পৰা মতে, আৱদ্ধ হৈ থকা যুৱক কেইজনৰ হাতত এতিয়া ফুটাকড়িও এটাও নায়। গৃহবন্দী হৈ থকা যুৱক কেইজনে এটা ভিডিঅ’ বাৰ্তাৰে সকলোৰে পৰা সহায় ভিক্ষা কৰিছে ৷
প্রথম পর্যায়ৰ ল’কডাউনৰ অন্ত পৰাৰ পিচতে তেওঁলোকে ঘৰলৈ ঘুৰি অহাৰ কথা চিন্তা কৰিছিল যদিও পুনৰ ল’কডাউনৰ সময়সীমা বৃদ্ধি হোৱাত আৱদ্ধ হৈ পৰিবলগীয়া হয় যুৱক কেইজন।
ভিডিঅ’টোৰ যোগেদি তেওঁলোকে এতিয়া অসম চৰকাৰ, অসমবাসী আৰু বোকাখাত মহকুমা প্রশাসনৰ সহায় ভিক্ষা কৰিছে । আৱদ্ধ হৈ থকা কুৰুৱাবাহী পুৰণি সত্ৰৰ দেৱজিৎ শইকীয়া, বিতোপন শইকীয়া, বিজয় বৰা, দিলীপ ভুঞা আৰু নগাঁৱৰ দুজন যুৱক ৷
বর্তমান তেওঁলোক যিটো কোঠাত আৱদ্ধ হৈ আছে সেই কোঠাটোত সামাজিক ব্যৱধান মানি চলি বাস কৰাটো অসম্ভৱ বুলি তেওঁলোকে জানিবলৈ দিছে।
পুনেৰ জাম্বলিক চক অঞ্চলটো কভিড-১৯ সংক্ৰমণৰ ৰেডজ’ন হিচাপে পৰিগণিত হৈ পৰাত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে যুৱক কেইজন।
তেওঁলোকে জনোৱা মতে ৪০ টকা দৰত এক কেজি চাউলে ক্ৰয় কৰি ৬ জন যুৱকে দু-সাঁজলৈকে খাব লগা হৈছে।
একেদৰে প্ৰতি কেজিত ৪০ টকা দৰত আলু কিনি এক কেজি আলুৰে তিনি-চাৰিদিন পর্যন্ত চলিব লগা হৈছে তেওঁলোকে।
যুৱক কেইজনে প্ৰেৰণ কৰা ভিডিঅ’টো পায় বোকাখাতৰ কেইজনমান সাংবাদিকে স্থানীয় ব্যৱসায়ী তথা সমাজকর্মী মহাবীৰ প্রসাদ আগৰৱালাৰ অৱগত কৰাত মহাবীৰ প্ৰসাদ আগৰৱালাই যুৱক কেইজনৰ বেংক একাউন্টত দহ দিন চলিব পৰাকৈ পাঁচ হাজাৰ টকা প্ৰেৰণ কৰে।
পৰৱৰ্তী সময়ত পৰিস্থিতি সাপেক্ষে অধিক সহায়ৰ বাবেও তেওঁ আশ্বাসো দিয়ে। এই ধনৰাশি ইতিমধ্যে প্রাপ্তিৰ কথাও স্বীকাৰ কৰিছে মহাৰাষ্ট্ৰৰ ৰেড জ’নত গৃহবন্দী হৈ থকা যুৱক কেইজনে।
উল্লেখ্য যোগ্য যে, ৰাজ্যৰ বাহিৰত থকা লোক সকলক ঘৰলৈ অহাৰ সুবিধা কৰি দিবৰ বাবে অসম চৰকাৰে মুকলি কৰি দিয়া ১০৪ নম্বৰত ফোন কৰিও কোনো সঁহাৰি নোপোৱাৰ কথা যুৱক কেইজনে জানিবলৈ দিয়ে।
এতিয়া বোকাখাত মহকুমা প্রশাসনে যুৱক কেইজনক ঘূৰাই অনাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বোকাখাতৰ সাংবাদিক সকলে আহ্বান জনাইছে।