• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ল’কডাউনৰ সময়ত মহাৰাষ্ট্ৰৰ ৰেডজ’নত চৰম বিপৰ্যয়ৰ মাজত আৱদ্ধ বোকাখাতৰ চাৰিজন যুৱক; ভিডিঅ’ বাৰ্তাৰে সহায় আহ্বান

by
April 29, 2020 7:47 am
আৱদ্ধ হৈ থকা অসমৰ যুৱক কেইজন

আৱদ্ধ হৈ থকা অসমৰ যুৱক কেইজন

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল’কডাউনৰ বাবে মহাৰাষ্ট্ৰৰ এটা ৰেডজ’ন এলেকাত আৱদ্ধ হৈ থাকিবলগীয়া হৈছে বোকাখাতৰ চাৰিজন যুৱক ৷

কৰ্মসূত্ৰে বিগত পাঁচ বছৰ ধৰি মহাৰাষ্ট্ৰত থকা বোকাখাতৰ কুৰুৱাবাহী সত্ৰৰ চাৰিজন যুৱকে অসমৰ আন দুজন যুৱকৰ লগত সম্প্ৰতি মহৰাষ্ট্ৰৰ পুনেৰ জাম্বলিক চ’ক নামৰ ঠাইত তীব্র সংকটৰ মাজত গৃহকন্দী হৈ থাকিব লগা হৈছে।

Apply Now

জানিব পৰা মতে, আৱদ্ধ হৈ থকা যুৱক কেইজনৰ হাতত এতিয়া ফুটাকড়িও এটাও নায়। গৃহবন্দী হৈ থকা যুৱক কেইজনে এটা ভিডিঅ’ বাৰ্তাৰে সকলোৰে পৰা সহায় ভিক্ষা কৰিছে ৷

প্রথম পর্যায়ৰ ল’কডাউনৰ অন্ত পৰাৰ পিচতে তেওঁলোকে ঘৰলৈ ঘুৰি অহাৰ কথা চিন্তা কৰিছিল যদিও পুনৰ ল’কডাউনৰ সময়সীমা বৃদ্ধি হোৱাত আৱদ্ধ হৈ পৰিবলগীয়া হয় যুৱক কেইজন।

ভিডিঅ’টোৰ যোগেদি তেওঁলোকে এতিয়া অসম চৰকাৰ, অসমবাসী আৰু বোকাখাত মহকুমা প্রশাসনৰ সহায় ভিক্ষা কৰিছে । আৱদ্ধ হৈ থকা কুৰুৱাবাহী পুৰণি সত্ৰৰ দেৱজিৎ শইকীয়া, বিতোপন শইকীয়া, বিজয় বৰা, দিলীপ ভুঞা আৰু নগাঁৱৰ দুজন যুৱক ৷

বর্তমান তেওঁলোক যিটো কোঠাত আৱদ্ধ হৈ আছে সেই কোঠাটোত সামাজিক ব্যৱধান মানি চলি বাস কৰাটো অসম্ভৱ বুলি তেওঁলোকে জানিবলৈ দিছে।

পুনেৰ জাম্বলিক চক অঞ্চলটো কভিড-১৯ সংক্ৰমণৰ ৰেডজ’ন হিচাপে পৰিগণিত হৈ পৰাত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে যুৱক কেইজন।

তেওঁলোকে জনোৱা মতে ৪০ টকা দৰত এক কেজি চাউলে ক্ৰয় কৰি ৬ জন যুৱকে দু-সাঁজলৈকে খাব লগা হৈছে।

একেদৰে প্ৰতি কেজিত ৪০ টকা দৰত আলু কিনি এক কেজি আলুৰে তিনি-চাৰিদিন পর্যন্ত চলিব লগা হৈছে তেওঁলোকে।

যুৱক কেইজনে প্ৰেৰণ কৰা ভিডিঅ’টো পায় বোকাখাতৰ কেইজনমান সাংবাদিকে স্থানীয় ব্যৱসায়ী তথা সমাজকর্মী মহাবীৰ প্রসাদ আগৰৱালাৰ অৱগত কৰাত  মহাবীৰ প্ৰসাদ আগৰৱালাই যুৱক কেইজনৰ বেংক একাউন্টত দহ দিন চলিব পৰাকৈ পাঁচ হাজাৰ টকা প্ৰেৰণ কৰে।

পৰৱৰ্তী সময়ত পৰিস্থিতি সাপেক্ষে অধিক সহায়ৰ বাবেও তেওঁ আশ্বাসো দিয়ে। এই ধনৰাশি ইতিমধ্যে প্রাপ্তিৰ কথাও স্বীকাৰ কৰিছে মহাৰাষ্ট্ৰৰ ৰেড জ’নত গৃহবন্দী হৈ থকা যুৱক কেইজনে।

উল্লেখ্য যোগ্য যে, ৰাজ্যৰ বাহিৰত থকা লোক সকলক ঘৰলৈ অহাৰ সুবিধা কৰি দিবৰ বাবে অসম চৰকাৰে মুকলি কৰি দিয়া ১০৪ নম্বৰত ফোন কৰিও কোনো সঁহাৰি নোপোৱাৰ কথা যুৱক কেইজনে জানিবলৈ দিয়ে।

এতিয়া বোকাখাত মহকুমা প্রশাসনে যুৱক কেইজনক ঘূৰাই অনাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বোকাখাতৰ সাংবাদিক সকলে আহ্বান জনাইছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm
অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

October 4, 2026 4:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd