• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজস্থানৰ আজমেৰ শ্বৰীফৰ পৰা অহা বাছখন কিয় পোনে পোনে যাবলৈ দিয়া হ’ল কাছাৰলৈ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 9, 2020 7:18 pm
Lockdown: Why was the bus that came from Ajmer Sharif allowed to go directly to Kachar?

আজমেৰ শ্বৰিফৰ পৰা অহা বাছখন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বজুৰি কৰ’না ভাইৰাছৰ সন্ত্ৰাস আৰু তাৰ মাজতে দেশজুৰি চলি আছে তৃতীয় পৰ্য্যায়ৰ লকডাউন।

এই তৃতীয় পৰ্য্যায়ৰ লকডাউনৰ মাজতে ৰাজ্য চৰকাৰে বহিঃৰাজ্যত লকডাউনৰ ফলত আবদ্ধ হৈ থকা লোকসকলক ঘূৰাই অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল।

Apply Now

সেই অনুসৰিয়ে বহিঃৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষ বাছযোগে অনা হৈছে বহু লোকক। সেই সকল লোকক কুৱাৰেণ্টাইন কৰা হৈছে সৰুসজাই ষ্টেডিয়ামৰ লগতে সীমান্তৱৰ্তী এলেকাত।

তাৰ মাজতে চৰ্চিত হৈছে এখন বিশেষ বাছৰ প্ৰসংগ। যিখন বাছ ৰাজস্থানৰ আজমেৰ শ্বৰীফৰ পৰা আহি অসমত প্ৰৱেশ কৰি গুৱাহাটী হৈ পোনে পোনে পালেগৈ কাছাৰ জিলা।

ইয়াৰোপৰি বাছখনত ৪২ গৰাকী যাত্ৰীক একেলগে অনা হৈছিল বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে।

লকডাউনৰ মাজতে কোনোধৰণৰ সামাজিক দূৰত্ব নামানি কেনেকৈ ৪২ জন যাত্ৰী সুদূৰ ৰাজস্থানৰ পৰা কেইবাখনো ৰাজ্য পাৰ হৈ আহি অসমত উপস্থিত হ’লহি তাক লৈয়ো এতিয়া কিছু অৱকাশ থাকি গৈছে।

ইপিনে, এইক্ষেত্ৰত বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৰাজস্থান চৰকাৰৰ বিৰুদ্ধে।

ৰাজস্থানৰ পৰা বাছখনে উত্তৰ-প্ৰদেশ, মধ্যপ্ৰদেশ, বিহাৰ আৰু পশ্চিমবংগকে ধৰি বহুকেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ আহি অসমত প্ৰৱেশ কৰিলেহি।

অসমৰ দৰেই আন আন ৰাজ্যসমূহত সামাজিক দূৰত্ব নামানি যাত্ৰী কঢ়িয়াই অনা সত্ত্বেও বাছখনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল কিয়?

বাছখনত অহা যাত্ৰীসকলক পোনে পোনে স্বাস্থ্য পৰীক্ষা নকৰাকৈ তেওঁলোকৰ গৃহলৈ যাবলৈ দিয়া হোৱা বুলি চ’ছিয়েল মিডিয়াযোগে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশই।

ইতিমধ্যে কাছাৰ জিলা প্ৰশাসনে ১১ খনকৈ গাওঁ কণ্টেইনমেন্ট জ’নলৈ ৰূপান্তৰ কৰাৰ উপৰিও ৪২ গৰাকী যাত্ৰীৰ সংস্পৰ্শলৈ অহা ডেৰ শতাধিক লোকক ইতিমধ্যে কুৱাৰেণ্টাইন কৰিছে।

যোৱা ৬ মে’ৰ পৰা কালিলৈকে বাছখনৰ ১০ গৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে তথা এই সংখ্যা বৃদ্ধি পোৱাৰো আশংকা নিশ্চয় নথকা নহয়।

এনে সময়ত সামাজিক মাধ্যমৰ জৰিয়তে বহুতে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে।

সামাজিক দূৰত্ব বৰ্তাই ৰাখি বহিঃৰাজ্যৰ পৰা আবদ্ধ হৈ থকা লোকসকলক অনা হ’ব বুলি স্বাস্থ্য মন্ত্ৰীৰ ঘোষণা যেন ফুটুকাৰ ফেনত পৰিণত কৰিলে এই ঘটনাই।

“ৰাজস্থানৰ আজমীৰৰ পৰা ৪৬ জন যাত্ৰী কঢ়িয়াই এখন বাছ শিলচৰত কেনেকৈ উপস্থিত হ’ল? অসম সীমান্তত নিৰ্ধাৰিত বিধি অনুসৰি কিয় যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা নহ’ল? অসম চৰকাৰৰ অনুমতি সাপেক্ষেহে নিশ্চয় বাছখন অসমত প্ৰৱেশ কৰিছিল,” প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই এইদৰে প্ৰশ্ন উত্থাপন কৰে নিজৰ টুইটাৰৰ জৰিয়তে।

ইয়াৰোপৰি, আন কেতবোৰ প্ৰশ্ন উত্থাপিত হৈছে ফেচবুকৰ জৰিয়তে।

ৰাজস্থানৰ আজমেৰ শ্বৰীফৰ পৰা অহা বাছখন কিয় পোনে পোনে যাবলৈ দিয়া হ’ল কাছাৰলৈ?

সামাজিক ব্যৱধান হেৰাল ক’ত? বহুকেইখন ৰাজ্যৰ মাজেদি কেনেকৈ এখন বাছত আহিল ৪২ জনকৈ যাত্ৰী?

কিয় সীমান্তৱৰ্তী এলেকাত বা গুৱাহাটীতে কুৱাৰেন্টাইন কৰা নহ’ল যাত্ৰীসকলক?

উল্লেখযোগ্য যে, কাছাৰৰ পৰা যোৱা ১৬ মাৰ্চত ৰাজস্থানৰ আজমেৰ শ্বৰীফ দৰ্শনৰ বাবে গৈছিল দলটো।

তাৰ পাছত ২৪ মাৰ্চৰ পৰা দেশজুৰি লকডাউন আৰম্ভ হোৱা বাবে তেওঁলোক উক্ত স্থানতে আবদ্ধ হৈ ৰৈছিল।

প্ৰাপ্ত তথ্য অনুসৰি আজমীৰ শ্বৰীফক ৰেড জ’ন হিচাপে ঘোষণা কৰিছিল ৰাজস্থান চৰকাৰে।

তাৰ পাছতো গজানন্দ ট্ৰেভেলছ নামৰ RJ 27PB 7071 নম্বৰৰ বাহনেৰে অসমৰ কাছাৰ জিলাত উপস্থিত হৈছিল ৪২ জনীয়া ভ্ৰমণকাৰী দলটো।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd