শিৱসাগৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল; অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ প্ৰতিগৰাকী ব্যক্তি নিৰোগী হৈ থাকিবলৈ চৰকাৰে বান্ধি দিয়া নীতি নিয়ম মানি চলিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
আজি শিৱসাগৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে পৰিদৰ্শন কৰে শিৱসাগৰৰ নগৰ আদৰ্শ চিকিৎসালয়ত থকা কোৱাৰেন্টাইন চেন্টাৰ।
চিকিৎসালয়ৰ চিকিৎসক নাৰ্চসকলৰ লগত মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে।
ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰে সৈতে মতবিনিময় কৰে।
বিজেপি নেতৃত্বধীন অসম চৰকাৰৰ চাৰিটা বৰ্ষ পূৰ্ণ হোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে সমগ্ৰ অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
সাংবাদিক সকলকও ধন্যবাদ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। বিগত চাৰিটা বছৰে সংবাদ মাধ্যমে আগবঢ়োৱা গঠনমূলক পৰামৰ্শ সমালোচনাই এইখন চৰকাৰক অধিক গতিশীল কৰি তোলাত সহায় কৰিছে।
ৰাজ্যবাসীক ক’ৰ’নাৰ সৈতে যুঁজত অসম চৰকাৰক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।
দিনক দিনে ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু বৃদ্ধি পাব। কিন্তু তাৰ বাবে ৰাইজ আতংকিত হ’ব নালাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ প্ৰতিগৰাকী ব্যক্তি নিৰোগী হৈ থাকিবলৈ চৰকাৰে বান্ধি দিয়া নীতি নিয়ম মানি চলিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
আনহাতে এনে নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনেৱালে।
সকলোকে মাস্ক পৰিধান কৰি বাহিৰলৈ ওলাবলৈ আহ্বান জনোৱাৰ লগতে সামাজিক ব্যৱধান মানি চলিবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা ২০ লাখ কোটি টকাৰ পেকেজৰ পৰা যাতে অসমৰ ৰাইজ অধিক লাভাম্বিত হয় তাৰ বাবে ৰাজ্য চৰকাৰে সকলো বেংকৰ লগত আলোচনা কৰি সকলোৰে সহযোগিতা কামনা কৰিছে।
এই ২০ কোটি পেকেজৰ জৰিয়তে অসমৰ অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত খেতিয়কৰ পৰা আৰম্ভ কৰি মীন পালক, পশুপালক, শ্ৰমিক আত্মসহায়ক গোট আদি সকলোকে সহায় কৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীৰ এই কাৰ্যসূচীত মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, বিধায়িকা নৱনীতা সন্দিকৈ, জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈ, বিজেপি জিলা সভাপতি ভবেন মহনকে ধৰি বহু ব্যক্তি উপস্থিত থাকে।