• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিক্ষানুষ্ঠান, কোৱাৰেণ্টাইন কেন্দ্ৰ আৰু নতুন শিক্ষাবৰ্ষ

তাপস মালী by তাপস মালী
May 27, 2020 12:03 pm
Quarantine-facility-in-Sarusajai-Stadium.-Image-credit-Twitter

প্রতিনিধিত্বমূলক ফটো

13.2k
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ৰ’নাই মহামাৰী ৰূপ ধাৰণ কৰিছে। ক’ৰ’না আক্ৰান্তৰ ক্ষেত্ৰত ভাৰতে ক’ৰ’ণাৰ জন্মস্হান চীনকো ইতিমধ্যে চেৰ পেলাইছে। এক কথাত মহামাৰী ক’ৰ’নাই সম্প্ৰতি এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। এই ৰোগৰ লগত যুঁজ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰসমূহে পাৰ্যমানে চেষ্টা চলাই আছে।

এই ৰোগ যাতে সামাজিক সংক্ৰমণৰ পৰ্যায়লৈ বাগৰি যাব নোৱাৰে তাৰ বাবে প্ৰত্যেকজন বাহিৰৰ পৰা অহা লোক, আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহা লোক তথা যিকোনো লক্ষণে দেখা দিয়া লোকসমূহক কোৱাৰেণ্টাইন (Quarantine)ত ৰখাৰো ব্যৱস্হা কৰা হৈছে।

বিভিন্ন স্কুল, হোটেল, ষ্টেডিয়াম, ফিল্ড, বিশ্ববিদ্যালয় আদিক কোৱাৰাণ্টেইন (Quarantine)ৰ বাবে ব্যৱহাৰ কৰা হৈছে। ইতিমধ্যে তেজপুৰ বিশ্ববিদ্যালয় আৰু কাজিৰঙা বিশ্ববিদ্যালয়ক কোৱাৰানটিন্ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা হৈছে।

হয়তো অনাগত দিনত অসমৰ আন বিশ্ববিদ্যালয় সমূহো কোৱাৰাণ্টাইন কেন্দ্ৰলৈ পৰিণত কৰা হ’ব পাৰে। কিন্তু প্ৰশ্ন হয়, শিক্ষানুষ্ঠানসমূহক কোৱাৰাণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য?

যদি উদাহৰণস্বৰূপে তেজপুৰ বিশ্ববিদ্যালয়ৰ কথাই আমি চাবলৈ যাওঁ, শোণিতপুৰ জিলা প্ৰশাসনে তাত ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু ধেমাজি জিলাৰ অসমৰ পৰা বাহিৰৰ পৰা আহিবলগা লোকসকলৰ বাবে স্কেনিং আৰু কোৱাৰেণ্টাইন (Quarantine)ৰ ব্যৱস্হা কৰিছে।

তেজপুৰ বিশ্ববিদ্যালয় এখন আবাসিক বিশ্ববিদ্যালয়। বৰ্তমানেও বিশ্ববিদ্যালয়খনত প্ৰায় ৩৮০ টা পৰিয়াল বাস কৰাৰ লগতে প্ৰায় ২৫ জন মান বিদেশৰ ছাত্ৰ–ছাত্ৰীয়ো আছে। গতিকে বিশ্ববিদ্যালয়খন কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে সম্প্ৰতি বিশ্ববিদ্যালয় চৌহদত থকা এই সকল লোকে যে শংকাত দিন কটাবলগীয়া হৈছে সেয়া নিশ্চিত।

ইয়ে তেওঁলোকৰ স্বাস্হ্যৰ ক্ষেত্ৰত ভাবুকি অনাৰ লগতে মানসিকভাৱেও তেওঁলোকৰ ওপৰত এক নেতিবাচক প্ৰভাৱ পেলাব। অকল যে চৌহদত থকা ছাত্ৰ–ছাত্ৰীসকলেই শংকাত ভুগিছে তেনেকুৱা নহয়, নিজ নিজ ঘৰত থকা ছাত্ৰ–ছাত্ৰীসকলো নিজৰ শৈক্ষিক ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে।

কিয়নো তলাবন্ধ উঠাই দিয়াৰ পিছতো তেওঁলোক কি সাহত বিশ্ববিদ্যালয়লৈ উভতি যাব বা তেওঁলোকৰ পিতৃ–মাতৃয়ে কি সাহসত তেওঁলোকৰ সন্তানক শিক্ষানুষ্ঠানখনলৈ পঠিয়াব? গতিকে অনতি পলমে ৰাজ্য চৰকাৰ তথা শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা কুৱাৰানটিন্ কেন্দ্ৰটো অন্য কোনো স্হানলৈ স্হানান্তৰিত কৰি এই লোকসকলক সকাহ দিয়াৰ বাবে ব্যৱস্হা কৰিব লাগে।

আৰু লগতে অনাগত দিনবোৰত যাতে কোনো বিশ্ববিদ্যালয় তথা আবাসিক মহাবিদ্যালয় কোৱাৰাণ্টাইন কেন্দ্ৰলৈ ৰূপান্তৰ কৰা নহয়, ৰাজ্য চৰকাৰে সেই কথাৰ আশ্বাস প্ৰদান কৰিব লাগে। কিয়নো শিক্ষাৰ্থীসকল হৈছে দেশৰ ভৱিষ্যত আৰু বৰ্তমানৰ সমস্যাৰ লগত মোকাবিলা কৰিবলৈ ভৱিষ্যতক সংকটত পেলোৱাতো কোনো কালেই গ্ৰহণযোগ্য হ’ব নোৱাৰে। 

আকৌ, UGC য়ে নিজৰ নিৰ্দেশনাত তলাবন্ধৰ সময়ছোৱাত ছাত্ৰ–ছাত্ৰীসকলৰ যাতে শৈক্ষিক দিশত কোনোধৰণৰ ক্ষতি নহয়,তাৰ বাবে অনলাইন পাঠদানৰ কথা উল্লেখ কৰিছে। কিন্তু এই ব্যৱস্হা কিমান দূৰ কাৰ্যকৰী কৰা সম্ভৱ হৈছে বা ছাত্ৰ–ছাত্ৰীসকলে ইয়াৰ পৰা কিমান দূৰ লাভাৱান্বিত হ’ব পাৰিছে সেইটোৱো এটা প্ৰশ্নৰ বিষয়।

অনলাইন পাঠদান ব্যৱস্হা গ্ৰহণৰ বাবে কম্পিউটাৰ বা লেপটপ, এনড্ৰইড মোবাইল, ইন্টাৰনেট সংযোগ আৰু বিজুলী বাতিৰ প্ৰয়োজন। কিন্তু আজিও অসমৰ ১০০ শতাংশ ছাত্ৰ–ছাত্ৰীৰ যে কম্পিউটাৰ, লেপটপ বা এনড্ৰইড মোবাইল আছে সেইটো কোৱা টান আৰু মোবাইল বা লেপটপ থকা খিনিৰো যদি এই তলাবন্ধৰ সময়ত কিবা কাৰিকৰী বিজুটি ঘটে তেন্তে তাক ঠিক কৰাৰ বাবে কোনো দোকানৰ ব্যৱস্হাও নাই।

আকৌ অসমৰ ভিতৰুৱা গাঁওসমূহত নেটৱৰ্কৰ ইমান বেয়া অৱস্হা যে সেইবোৰ ঠাইত ঘৰৰ পৰা বাহিৰৰ কোনো মুকলি ঠাইত আহিলেহে ভালদৰে কথা ক’ব পাৰি।

গতিকে তেনেকুৱা ঠাইৰ ছাত্ৰ–ছাত্ৰীয়ে কেনেদৰে নিজৰ শিক্ষাৰ ধাৰাবাহিকতা অনলাইন পাঠদানৰ জৰিয়তে বজাই ৰাখিব সেই কথা চিন্তা কৰাৰ থল আছে।

ঠিক সেইদৰে এই গাৱসমূহত বিজুলী সংযোগৰ ব্যৱস্হাও ইমান সুবিধাজনক নহয়।বৰ্তমান সময়ত সঘনাই আহি থকা বতাহ–বৰুষুণৰ ফলস্বৰূপে বেছিভাগ সময়েই বিজুলী সেৱাৰ সুবিধা নাথাকে। যাৰ ফলত এই ছাত্ৰ–ছাত্ৰীসকলে নিজৰ মোবাইল বা লেপটপ চাৰ্জ দিয়াৰ পৰা আৰম্ভ কৰি নিজৰ অনলাইন পাঠদান গ্ৰহণৰ লগতে নিজৰ এচাইন্টমেন্ট আদি সময়মতে কৰি জমা দিয়াৰ ক্ষেত্ৰত বহুত বেছি অসুবিধাৰ সন্মুখীন হৈছে।

বহুতো ঠাইত ৫–৬ দিন পৰ্যন্ত বিজুলী নথকা বাবে গাঁৱৰ কাষৰ কোনোবা বেটাৰী থকা মানুহৰ ঘৰতো পইচাৰ বিনিময়ত চাৰ্জ কৰিব লগা হৈছে। মুঠৰ ওপৰত ছাত্ৰ–ছাত্ৰীসকলৰ সমস্যাৰ অন্ত নোহোৱা হৈছে।

এফালে যদি নিজৰ ছেমেষ্টাৰৰ যাৱতীয় কাম–কাজ কৰাৰ বাবে শিক্ষক–শিক্ষয়িত্ৰীয়ে দিয়া কামৰ বোজা, আনফালে আকৌ দেশ তথা ৰাজ্যত ক্ৰমাগত ভাৱে বাঢ়ি অহা ক’ৰ’না আক্ৰান্তৰ খবৰবোৰে ছাত্ৰ–ছাত্ৰী সকলক মানসিকভাৱে ভাগৰাই তুলিছে।

আকৌ এই সংকটৰ কালত দৈনিক অনলাইন ক্লাছৰ বাবে প্ৰয়োজন হোৱা ইন্টাৰনেটৰ বাবে ৰিছাৰ্জ কৰাটোও শিক্ষাৰ্থীসকলৰ বাবে এক ধৰণৰ সমস্যাৰ সৃষ্টি নকৰাকৈ থকা নাই।

এনেবোৰ পৰিস্হিতিৰ মাজতে আকৌ UGC-য়ে নতুন শিক্ষাবৰ্ষৰ সময় নিৰ্ধাৰণ কৰাটো কিমান দূৰ সমীচিন সেয়াও বিচাৰ্য বিষয়। যি সময়ত তলাবন্ধৰ বাবে চলিত বৰ্ষৰ শিক্ষাৰ্থী সকলে ভালদৰে শিক্ষা লাভ কৰিব পৰা নাই,১৬ মাৰ্চৰ পৰা অধিকাংশ শিক্ষানুষ্ঠানত পাঠদান সম্পূৰ্ণৰূপে বন্ধ হৈ আছে,বহুতৰে চূড়ান্ত বৰ্ষত থকা ডিজাৰটেশ্যন, প্ৰজেক্ট আদিৰ কাম আধৰুৱা হৈ আছে।

ঠিক সেই সময়তে আকৌ আগন্তুক শিক্ষা বৰ্ষত নতুনকৈ শিক্ষাৰ্থীৰ নামভৰ্তি কৰিবৰ বাবে যি ধৰণৰ যোজা চলিছে সেইটোৱে পুনৰবাৰ এটা প্ৰশ্নৰ অৱতাৰণা কৰে যে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্হাই শিক্ষাৰ গুণগত মানদণ্ডৰ ওপৰত কিমান গুৰুত্ব দিয়ে?

আজি যিখিনি চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীক যেনে তেনে বিদায় দি নতুন শিক্ষাৰ্থীৰ নামভৰ্তিৰ এক ধৰণৰ চিন্তাৰ আৰম্ভ কৰিছে, সেই চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলে এনেকুৱা কঠিন পৰিস্হিতিত পাবলগীয়া শিক্ষাখিনি লাভ কৰিব নে, এইখিনি শিক্ষাৰ্থীয়ে ভৱিষ্যতলৈ নিজকে মানৱ সম্পদ হিচাপে গঢ় দিব পাৰিব নে? আকৌ নতুনকৈ নামভৰ্তি কৰা শিক্ষাৰ্থীসকলে যে ভালদৰে শিক্ষা গ্ৰহণ কৰিব পাৰিব তাৰ নিশ্চয়তা কোনে প্ৰদান কৰিব?

নতুনকৈ আৰম্ভ হ’বলগীয়া শিক্ষাবৰ্ষৰ সময়লৈ যে ক’ৰ’নাৰ ভয়াৱহতা হ্ৰাস পাব তাৰেই বা নিশ্চয়তা ক’ত? গতিকে চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলে যাতে ভালদৰে নিজৰ শৈক্ষিক অৰ্হতা খিনি অৰ্জন কৰিব পাৰে, তাৰ বাবে তলাবন্ধ খোলাৰ পিছত অন্ততঃ ৪৫ দিনৰ  পাঠদানৰ অন্তত পৰীক্ষাৰ আয়োজন কৰিব লাগে।

কিয়নো অকল শিক্ষাবৰ্ষৰ ধাৰাবাহিকতা ৰক্ষাৰ নামত এইদৰে এটা শিক্ষা বৰ্ষৰ অন্ত পেলাই আন এটা শিক্ষাবৰ্ষ আৰম্ভ কৰিব বিচৰাটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে।

এনে ধৰণৰ ব্যৱস্হাৰ ফলত গোটেই শৈক্ষিক ব্যৱস্হাটো কেৱল মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট কেন্দ্ৰিক হৈ পৰিব যাৰ ফলত আমাৰ দেশখনে অনাগত ভৱিষ্যতত দক্ষতাৰ ক্ষেত্ৰত অন্যান্য দেশৰ লগত প্ৰতিযোগিতাত ফেৰ মৰাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ’ব।

গতিকে বিভাগীয় কৰ্তৃপক্ষ সমূহক এই সকলো দিশ ভালদৰে চালি–জাৰি চাই নিজৰ সিদ্ধান্ত সমূহ পুনৰবাৰ বিবেচনা কৰাৰ বাবে অনুৰোধ থাকিল।

লেখক তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ

ফোন : ৭৫৭৭০৯৯৩৯৩

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd