• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বান আক্ৰান্ত পবিতৰা অভয়াৰণ্য পৰিদৰ্শন ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ; বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰক দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2020 4:56 pm
3.1k
VIEWS
Share on FacebookShare on Twitter

আমফানৰ প্ৰভাৱৰ বাবে বিগত সপ্তাহত ৰাজ্যত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত প্লাবিত হৈ পৰিছে অসম গৌৰৱ এশিঙীয়া গঁড়ৰ বিচৰণস্থলী পবিতৰা অভয়াৰণ্য।

পবিতৰা অভয়াৰণ্যৰ লগতে মায়ং অঞ্চলৰ বিস্তৰ কৃষিভূমি বানৰ কৱলত পৰিছে।

আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথৰ নেতৃত্বত এটি প্ৰতিনিধি দলে ক্ষতিগ্ৰস্ত অঞ্চলত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

আছুৰ দলটোৱে পবিতৰা অভয়াৰণ্যৰ ৰেঞ্জাৰ মুকুল তামূলীৰ সৈতে বান পৰিস্থিতি সন্দৰ্ভতো আলোচনাত মিলিত হয়।

‘‘বিগত বৰ্ষৰ বানপানীত পবিতৰাত দুটাকৈ গঁড়ৰ পোৱালীৰ মৃত্যু হৈছিল। চলিত বৰ্ষত তেনে ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ হাইলেণ্ডসমূহ ভালদৰে নিৰ্মাণ কৰাৰ লগতে আন আন যাৱতীয় ব্যৱস্থা ল’বলৈ বনমন্ত্ৰীক আহ্বান জনাইছো,’’ আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উৎপল শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়।

বন্যপ্ৰাণীৰ সুৰক্ষা সুনিশ্চিত হ’ব‌ই লাগিব বুলিও ছাত্ৰ প্ৰতিনিধি গৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনায় ।

আনহাতে, কৃষিপথাৰৰ শস্য নষ্ট হোৱাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মৰিগাঁও জিলা আছুৰ সাধাৰণ সম্পাদক  দিপুল কুমাৰ নাথে কয় যে, মায়ং অঞ্চলত বছৰৰ প্ৰথমটো বানে কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন কৰিছে। এজন যুৱ খেতিয়কে ২০ বিঘাকৈ মাটিৰ খেতি নষ্ট হোৱাত হতাশগ্ৰস্ত হৈ আত্মহত্যা পৰ্যন্ত কৰিছে । এনে ঘটনা দুৰ্ভাগ্যজনক । চৰকাৰে কৃষকসকলক এই দুৰ্যোগৰ সময়ত যথোচিত সাহায্য দিয়ক ।

আছুৰ প্ৰতিনিধি দলটোত জিলা ছাত্ৰ সন্থাৰ উপসভাপতি দিব্যজ্যোতি বৰুৱা, সহ: সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিৰ লগতে মায়ং, মনহা আৰু ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকল উপস্থিত আছিল ।

Recent News

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd