দহগৰাকী ব্যক্তি শুকুৰবাৰে ত্ৰিপুৰাত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।
আক্ৰান্তসকলৰ এগৰাকী গুৰুগ্ৰামৰ পৰা আৰু আঠগৰাকী বাংলাদেশৰ পৰা ঘূৰি অহা ব্যক্তি। আন এগৰাকী আক্ৰান্ত বি এছ এফৰ ৮৬নং বেটেলিয়নৰ।
মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে টুইটাৰত এই তথ্য সদৰী কৰিছে।
মুখ্য মন্ত্ৰী দেবে সদৰী কৰা মতে ৰাজ্যখনত শুকুৰবাৰে ৯১৫গৰাকী ব্যক্তিৰ নমুনা পৰীক্ষা কৰা হৈছিল।
চৰকাৰীভাৱে সদৰী কৰা নাই যদিও এই দহগৰাকী নতুন আক্ৰান্তৰ সৈতে ৰাজ্যখনত মুঠ ক’ভিড-১৯ চিনাক্ত ব্যক্তি ২৫৪লৈ বৃদ্ধি পোৱা বুলি ধাৰণা কৰা হৈছে।
বৃ্হস্পতিবাৰে ৰাজ্যখনত মুঠ আক্ৰান্ত ২৪৪গৰাকীলৈ বৃদ্ধি পাইছিল।
কোনো ক’ভিড-১৯ আক্ৰান্তই শুকুৰবাৰে আৰোগ্য লাভ কৰা বুলি দেবে সদৰী কৰা নাই।
10 people found COVID-19 #POSITIVE in Tripura today after test of 915 persons. (1 person Gurugram returnee, 8 are Bangladesh returnees & 1 person is from 86 BN BSF).
Airport passengers all tested negative.
Govt is taking all precautionary measures to keep everyone secure.
— Biplab Kumar Deb (@BjpBiplab) May 29, 2020
শেহতীয়াকৈ ত্ৰিপুৰাত ক’ভিড-১৯ পজিটিভ চিনাক্ত প্ৰায়ভাগ ব্যক্তিয়েই বহিঃৰাজ্যৰ ত্ৰিপুৰালৈ ঘূৰি অহা।
বৃ্হস্পতিবাৰে ক’ভিড-১৯ পজিটিভ চিনাক্ত ব্যক্তি দুগৰাকী মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যখনলৈ ঘূৰি আহিছিল।
বুধবাৰে ৰাজ্যখনত দহগৰাকী ব্যক্তি ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছিল।
তাৰে এগৰাকী ৰেলৱেৰ পেণ্ট্ৰি ষ্টাফ হোৱাৰ বিপৰীতে পাঁচগৰাকী চেন্নাই, বেংগালুৰু আৰু চাৰিগৰাকী মুম্বাইৰ পৰা ৰাজ্যলৈ ঘূৰি অহা।
ৰাজ্যখনত মঙলবাৰে ২৩গৰাকী আৰু সোমবাৰে ১১গৰাকী ব্যক্তি ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছিল।
আক্ৰান্তসকলৰ বেছিভাগেই আছিল মহাৰাষ্ট্ৰৰ পৰা ৰেলযোগে ৰাজ্যখনলৈ ঘূৰি অহা ব্যক্তি।
মঙলবাৰে চিনাক্ত পাঁচগৰাকী ক’ভিড-১৯ পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ আহিছিল।
আনহাতে সোমবাৰে চিনাক্ত এগৰাকী বি এছ এফৰ ৮৬নং বেটেলিয়নৰ জোৱানৰ পৰিয়ালৰ ব্যক্তি আছিল।
ত্ৰিপুৰাত বৃ্হস্পতিবাৰলৈকে সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা হৈছে ৭৪গৰাকী।
১৬৭গৰাকী ব্যক্তি ইতিমধ্যে আৰোগ্য হৈছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।
ৰাজ্যখনত ক’ভিড-১৯ত এতিয়ালৈকে কোনো ব্যক্তিৰ মৃত্যু হোৱা নাই। তিনিগৰাকী ব্যক্তিক আন ঠাইলৈ স্থানান্তৰিত কৰা হৈছে।