• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তিনিখন ৰাজ্যৰ পৰা অহা লোকৰ ওপৰত বিশেষ নজৰ দিবলৈ আহ্বান হিমন্তৰ

হঠাৎ কোভিড ৰোগী বৃদ্ধি হোৱাৰ বৃত্তান্তৰে হিমন্ত বিশ্ব শর্মাৰ সংবাদমেল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 31, 2020 7:53 pm
567efece-52ff-4fea-9f0c-c0441e73427e (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হঠাৎ কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বৃত্তান্ত সামৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই।

মন্ত্ৰীগৰাকীয়ে সংবাদমেলত জনোৱা অনুসৰি অসমত ১৫৭ টা পজিটিভ হওঁতে  ৫১ দিন সময় লাগিছিল যদিও ১৫৭ ৰ পৰা ৩৪৬ হ’বলৈ সময় লাগিছিল মাত্ৰ ৪ দিন।

তেওঁ লগতে কয় ‘৩৪৬ ৰ পৰা ৬৪২ হওঁতে সময় লাগিল তিনিদিন সময় লাগিল। ৬৪২ ৰ পৰা ১২১৬ হওঁতে চাৰিদিন সময় লাগিল।‘

ইয়াৰোপৰি, ১৫৭ ৰ পৰা ১২১৬ লৈকে সমাজৰ পৰা পজিটিভ কেচ পোৱা হোৱা নাছিল বুলি সদৰী কৰি মন্ত্ৰীগৰাকীৰ দাবী ‘সকলো কেচেই কোৱাৰেন্টাইন চেন্টাৰৰ পৰা আহিছে।‘

আটাইতকৈ বেছি পজিটিভ কেচ হোজাই জিলাৰ পৰা হৈছে বুলি তেওঁ জানিবলৈ দি লগতে কয় ‘হোজাই জিলাৰ পৰা ১৭৭ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। গোলাঘাট জিলাত ১৬০ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। কামৰূপ মেট্ৰ’ত ১৩৪ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।‘

ইপিনে, তবলিগী জামাতৰ পৰা ৩৬ টা কেচ পোৱা গৈছে বুলি তেওঁ জনায়।

তেওঁলোকৰ লগত সংস্পৰ্শলৈ অহাৰ ফলত আৰু ৩২ গৰাকী লোক আক্ৰান্ত হৈছিল বুলিও মন্ত্ৰীগৰাকীয়ে জনায়।

আনহাতে, তবলিগী জামাতিক বাদ দি যোৱা ৪ মে’ৰ পৰা বাহিৰৰ পৰা অহা ১১২৪ গৰাকী লোকৰ দেহত পোৱা গৈছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

‘এই কেচসমূহ আন্তঃৰাজ্যিক পৰিবহণ ব্যৱস্থা মুকলি নকৰাহেঁতেন নাপালোহেঁতেন।‘ মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

ইপিনে, কোন ৰাজ্যৰ পৰা অহা কিমানসংখ্যক ৰোগীৰ দেহত এই ভাইৰাছৰ সংক্ৰমণ হৈছিল তাৰ এক হিচাপ দাঙি কৰে।

তেওঁ কয় ‘মহাৰাষ্ট্ৰৰ পৰা অহা ৩১২ গৰাকী ব্যক্তিৰ কোভিড-১৯ পজিটিভ হৈছে। তামিলনাডুৰ পৰা অহা ৩৩৩ গৰাকী, দিল্লীৰ পৰা অহা ১৩৪ গৰাকীৰ পশ্চিমবংগৰ পৰা অহা ১১১ গৰাকী হাৰিয়ানা ৫৭ গৰাকী আৰু উত্তৰ প্ৰদেশৰ পৰা অহা ৫৭ গৰাকী, ৰাজস্থান ৩১ গৰাকী, কৰ্ণাটকৰ পৰা অহা ২৪ গৰাকী, তেলেংগনাৰ পৰা অহা ২৫ গৰাকী, বিহাৰ ৯, অন্ধ্ৰপ্ৰদেশ ৯ গৰাকী মধ্যপ্ৰদেশৰ পৰা অহা ৪ গৰাকী, ঝাৰখণ্ডৰ পৰা অহা এগৰাকীৰ  দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছে।‘

ইয়াৰোপৰি, ভাৰতৰ ১৪ খন ৰাজ্যৰ পৰা অহা লোকৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছে বুলি তেওঁ জনায়।

তাৎপয্যপূৰ্ণভাৱে তিনিখন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, তামিলনাডু আৰু দিল্লীৰ পৰা অহা লোকৰ ওপৰত বিশেষভাৱে নজৰ ৰাখিব লাগে বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘কোৱাৰেন্টাইনৰ ক্ষেত্ৰত তেওঁলোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব।‘

অৱশ্যে অসমত পজিটিভ হোৱা কেচ মাত্ৰ ২৪ টাহে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি লগতে কয় ‘এইকেইগৰাকীৰ কোনোধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই।‘

সংবাদমেলখনত মন্ত্ৰীগৰাকীয়ে লগতে কয় ‘আজিৰ দিনটোলৈকে মুঠ ১ লাখ টেষ্ট সম্পূৰ্ণ হৈছে। অহা ১৪ জুনৰ ভিতৰত দিনে ১০ হাজাৰকৈ প্ৰায় ২ লাখ টেষ্ট সম্পূৰ্ণ কৰাৰ লক্ষ্য আৰু উদ্দেশ্য লোৱা হৈছে।‘

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

August 21, 2025 7:25 pm
অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

August 21, 2025 6:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd