ভাৰততে আছে মনোৰম এক ‘বাংলাদেশ’। কাশ্মীৰৰ উত্তৰফালৰ জিলা বান্দিপুৰাৰ পৰা মাত্ৰ পাঁচ কি.মি. গলেই এই বাংলাদেশ পোৱা যায়।
সুবিখ্যাত উলাৰ হ্ৰদৰ পাৰত এই গাওঁ অৱস্থিত।
এই গাঁৱৰ সকলো লোকেই স্থানীয়। বাংলাদেশৰ সৈতে তেওঁলোকৰ কোনো যোগাযোগ নাই। কিন্তু কেনেকৈ এই গাঁৱৰ নাম বাংলাদেশ হ’ল? তাৰ প্ৰেক্ষাপট খুব কৰুণ।
এই নামৰ সৈতে সংযুক্ত হৈ আছে ’৭১ৰ মুক্তিযুদ্ধৰ। ১৯৭১ত পাকিস্তানী বাহিনীৰ নিষ্ঠুৰ আক্ৰমণৰ সময়ত কাশ্মীৰৰ বাণ্ডিপুৰাত এখন জীলা আছিল, নাম জুৰিমন।
পাকিস্তানী বাহিনীয়ে লগোৱা জুইত গাওঁখনৰ ৫-৬টি ঘৰ পুৰি ছাঁই হৈ যায়। গৃহহীন হৈ পৰে গাঁৱৰ মানুহ।
অসহায় মানুহবোৰে চকুৰ পানী টুকি ভস্মীভূত ঘৰবোৰৰ কিছু দূৰত নতুনকৈ বসবাস/ জীৱন আৰম্ভ কৰিলে।
আৰু এই একেই সময়তে ৰক্তৰ বিনিময়ত স্বাধীনতা লাভ কৰিলে বাংলাদেশে! অৱেগ, ভালপোৱাত উচ্ছ্বসিত জুৰিমনৰ দুখীয়া মানুহবোৰে নিজৰ গাঁৱৰ নাম ৰাখিলে “বাংলাদেশ”!
আজিৰ পৰা দহ বছৰ পূৰ্বে অৰ্থাৎ ২০১০ চনত কাগজে-কলমেও গাঁৱৰ মৰ্য্যাদা লাভ কৰিলে এই বাংলাদেশে।
প্ৰথম অৱস্থাত জুৰিমন গাঁৱত মাত্ৰ ৫-৬ঘৰ মানুহ আছিল। বৰ্তমান এই সংখ্যা বাঢ়ি অৰ্ধশতকৰো বেছি হৈছেগৈ। আনদিশে জনসংখ্যা বাঢ়ি ৫০জনৰ পৰা হৈছেগৈ ৩০০জন।
মাছ ধৰাই এই গাঁৱৰ মানুহৰ প্ৰধান জীৱিকা। বাদাম সংগ্ৰহো তেওঁলোকৰ এক অন্যতম কাম।