দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনক ৰাজীৱ গান্ধী ছপাৰ স্পেচিয়েলটি চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। মন্ত্ৰী গৰাকী হঠাৎ অসুস্থ হৈ পৰা বাবেই চিকিৎসালয়ত ভৰ্তি কৰা হয়।
জানিব পৰা মতে, সোমবাৰে নিশা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উশাহ-নিশাহ লোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাত চিকিৎসালয়ত ভৰ্তি কৰে।
বৰ্তমান চিকিৎসকৰ নজৰত তেওঁক অক্সিজেন দি ৰখা হৈছে।
উল্লেখ্য যে যিহেতু উশাহ-নিশাহ লোৱাত কষ্ট পোৱাতো ক’ৰ’নাৰ এটা প্ৰধান লক্ষণ হিচাপে ধৰা হয় সেয়ে স্বাস্থ্য মন্ত্ৰীগৰাকীৰ ক’ৰ’নাৰ পৰীক্ষাও কৰা হৈছে।
যোৱা কিছু দিন ধৰি বিভিন্ন বৈঠকত অংশ লৈ থকা পৰিলক্ষিত হৈছিল স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনক।
ক’ৰ’নাৰ এই মহামাৰীৰ সময়ত স্বাস্থ্য মন্ত্ৰী হিচাপে জৈনে মুখ্য মন্ত্ৰী কেজৰিৱাল তথা আন বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে কেইবালনিও বৈঠকত অংশ লৈছিল।
উল্লেখ্য যে কিছু দিন পূৰ্বে দিল্লীৰ মুখ্য মন্ত্ৰী কেজৰিৱাল আৰকু স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ ক’ৰ’না টেষ্টৰ ফলাফল নিগেটিভ আহিছিল।