সুকেশ চন্দ্ৰশেখৰৰ ২০০ কোটি টকাৰ প্ৰতাৰণাৰ গোচৰত পুনৰ আদালতে চমন জাৰি কৰিছে বলীউডৰ অভিনেত্ৰী নোৰা ফতেহীক। ২ নৱেম্বৰত দিল্লীৰ ৰাউজ এভিনিউ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। অৱশ্যে অভিনেত্ৰীগৰাকীক এইবাৰ অভিযুক্ত হিচাপে নহয়, গোচৰৰ বিচাৰৰ সাক্ষী হিচাপেহে মতা হৈছে।
গোচৰৰ তৃতীয়খন পৰিপূৰক চাৰ্জশ্বীটত নোৰাৰ নাম সাক্ষী হিচাপে আছে। আদালতৰ এই নিৰ্দেশৰ পিছতে অভিনেত্ৰীগৰাকীৰ সুকেশৰ সৈতে অতীতৰ যোগাযোগ আৰু বহুমূলীয়া উপহাৰ সন্দৰ্ভত বিতৰ্ক পুনৰ চৰ্চালৈ আহিছে।
১৬ অক্টোবৰৰ আদালতৰ আদেশ অনুসৰি নোৰা ফতেহীক ২ নৱেম্বৰত হাজিৰ হ’বলৈ কোৱা হৈছে। তেওঁৰ নাম LW-3 অৰ্থাৎ তৃতীয় পৰিপূৰক অভিযোগনামাত তালিকাভুক্ত সাক্ষী হিচাপে ৰখা হৈছে। আইনী প্ৰক্ৰিয়াত আদালতত হাজিৰ হোৱাৰ পিছত তালিকাভুক্ত সাক্ষীক বিচাৰৰ সাক্ষী বুলি গণ্য কৰা হয়। দিল্লী আৰক্ষীৰ বিশেষ কোষৰ তদন্তৰ অধীনত এই গোচৰৰ সাক্ষ্য লিপিবদ্ধ কৰাৰ প্ৰক্ৰিয়াত নোৰাৰ উপস্থিতি গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে।
এই গোচৰৰ কেন্দ্ৰবিন্দু হৈছে সুকেশ চন্দ্ৰশেখৰ। অভিযোগ অনুসৰি ২০২০-২১ চনত দিল্লীৰ ৰোহিনী কাৰাগাৰত বন্দী হৈ থকাৰ সময়ত তেওঁ চৰকাৰী বিষয়াৰ পৰিচয় দি প্ৰৱঞ্চনাৰ জাল বিয়পাইছিল। তেওঁৰ বিৰুদ্ধে ৰণবেক্সীৰ প্ৰাক্তন মুৰব্বী শিবিন্দৰ মোহন সিঙৰ পত্নী অদিতি সিঙৰ পৰা প্ৰায় ২০০ কোটি টকা ধন দাবী কৰাৰ অভিযোগ আছে।
তদন্তকাৰীয়ে অভিযোগ কৰিছে যে এই বৃহৎ ধনৰাশি তেওঁৰ স্বামীৰ জামিনৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতিৰে লোৱা হৈছিল। এই ঘটনাত মহাৰাষ্ট্ৰ সংগঠিত অপৰাধ নিয়ন্ত্ৰণ আইন (এমচিচিএ)কে ধৰি একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
সুকেশ চন্দ্ৰশেখৰৰ সৈতে নোৰা ফতেহীৰ সম্পৰ্কক লৈ পূৰ্বেও তদন্ত কৰা হৈছে। অভিনেত্ৰীগৰাকীক দিল্লী আৰক্ষীৰ ইকনমিক অফেন্সছ উইঙে (ই অ’ ডব্লিউ) সোধা-পোছা কৰে। তেওঁৰ বক্তব্যও তদন্তকাৰীয়ে লিপিবদ্ধ কৰিছিল। নোৰাই কৈছিল যে মূলতঃ সুকেশৰ পত্নী লীনা মাৰিয়া পৌলুছৰ জৰিয়তে সুকেশৰ সৈতে যোগাযোগ হৈছিল। ২০২০ চনৰ ডিচেম্বৰ মাহত চেন্নাইত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সন্দৰ্ভতো তেওঁক প্ৰশ্ন কৰা হৈছিল।
আনহাতে, সুকেশৰ সৈতে নোৰাৰ সম্পৰ্ক আৰু ব্যয়বহুল উপহাৰক লৈ বিগত সময়ত বিতৰ্কৰ সৃষ্টি হৈছিল। সুকেশে লিখা এখন চিঠি পোহৰলৈ অহাৰ পাছত অভিনেত্ৰীগৰাকীক লৈ একাধিক দাবী পোহৰলৈ আহে। সুকেশে অভিযোগ কৰে যে নোৰাক ব্যয়বহুল উপহাৰ দিয়া হৈছিল। আনকি তেওঁ মৰক্কোৰ কাছাব্লাংকাত ঘৰ কিনিবলৈ কেইবা কোটি টকা দিয়াৰো দাবী কৰিছিল। অৱশ্যে এইবোৰ সুকেশে উত্থাপন কৰা অভিযোগ আৰু আদালতত প্ৰতিষ্ঠা হোৱা নাই।
এই গোচৰত বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ নামো জড়িত হৈ পৰিছে। সুকেশৰ সৈতে তেওঁৰ ব্যক্তিগত যোগাযোগক লৈ দীৰ্ঘদিন ধৰি আইনী বিবাদ চলি আহিছে। সুকেশে দাবী কৰে যে নোৰাই জেকলিনৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ ঈৰ্ষা কৰিছিল আৰু তেওঁক প্ৰভাৱিত কৰি সম্পৰ্ক ভংগ কৰিছিল। অৱশ্যে এই বক্তব্যক সুকেশৰ ব্যক্তিগত দাবী হিচাপেও গণ্য কৰা হৈছে।
ইয়াৰ পূৰ্বে নোৰাই কৈছিল যে সুকেশৰ সৈতে থকা সম্পৰ্কৰ বাবেই তেওঁৰ পেছাদাৰী জীৱনতো প্ৰভাৱ পৰিছে। অভিনেত্ৰীগৰাকীয়ে দাবী কৰে যে তেওঁ কেইবাটাও বিজ্ঞাপন আৰু কাম হেৰুৱাৰ অভিজ্ঞতা লাভ কৰিছিল। এই বিতৰ্কৰ বাবে তেওঁ দীৰ্ঘদিন ধৰি মানসিক চাপত থাকিব লগা হৈছিল।
অৱশ্যে এটা কথা স্পষ্ট যে আদালতে নোৰাক অভিযুক্ত হিচাপে নহয়, সুকেশৰ ২০০ কোটি টকাৰ ধন দাবীৰ গোচৰত সাক্ষী হিচাপে চমন কৰিছে। এই গোচৰত তেওঁক দোষী সাব্যস্ত হোৱা বুলি আদালতে কোনো সিদ্ধান্ত দিয়া নাই। অহা ২ নৱেম্বৰত তেওঁৰ সাক্ষ্যগ্ৰহণৰ ওপৰত সকলোৰে দৃষ্টি থাকিব।





