• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপিৰ জন-সম্পৰ্ক অভিযানক কৰিণা কাপুৰৰ ১০ টকীয়া ‘লাক্স’ চাবোনৰ বিজ্ঞাপনৰে তুলনা!

২০১৬ ৰ ভিজন ড’ক’মেন্টত থকা কি কি কথা চিঠিত লিখিবলৈ সাহস নকৰিলে সোণোৱালে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 20, 2020 9:07 pm
Sonowal Final
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৬ চনৰ পৰা বৰ্তমানলৈকে মুঠ ৪ বছৰীয়া কামৰ খাতিয়ান পত্ৰ আকাৰে প্ৰকাশ কৰি এতিয়া ঘৰে ঘৰে গৈ সেই পত্ৰ বিতৰণৰে ৰাজ্যিক বিজেপিয়ে চলাই নিছে জন সম্পৰ্ক অভিযান।

সোণোৱাল চৰকাৰৰ দিনত সম্পাদিত বহুকেইটা গুৰুত্বপূৰ্ণ উন্নয়নমূলক কাম তথা কৰিবলগীয়া কিছুমান কামৰ বিষয়ে পত্ৰখনত উল্লেখ কৰা হৈছে। সেইখিনি উল্লেখ কৰি শেষৰ ফালে বিজেপি চৰকাৰক ২০২১ ৰ নিৰ্বাচনত ভোদদান কৰি জয়ী কৰিবলৈ অনুৰোধ জনাইছে সোণোৱালে।

সোণোৱাল চৰকাৰৰ দিনত হোৱা কামৰ খাতিয়ানসমূহ নিশ্চয়কৈ পত্ৰখন পঢ়াসকলে সোই কথা গম পাইছে বা অনুধাৱন কৰিব পাৰিছে।

কিন্তু ২০১৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰকাশ কৰি উলিওৱা নিৰ্বাচীন ইস্তাহাৰত উল্লেখ থকা মূল কেইবাটাও প্ৰসংগৰ নাম গোন্ধই পোৱা নগ’ল চাৰিবছৰীয়া কামৰ খতিয়ানৰ জয়জয় ময়ময়কাৰ পত্ৰখন।

অথচ সেইকেইটা সমস্যাৰ সমাধান বিচাৰিয়েই পৰিৱৰ্তনৰ আশাত বিজেপিক ভোট দি জয়যুক্ত কৰিছিল জনতাই।

তাৰে ভিতৰত অন্যতম আছিল অসমৰ হৃদপিণ্ডস্বৰূপ অসম চুক্তিৰ সফল ৰূপায়ণ। যিটো ১৯৮৫ চনত স্বাক্ষৰিত হোৱাৰ পৰা কংগ্ৰেছ চৰকাৰৰ শাসনৰ কালত অসমৰ জনসাধাৰণৰ আশা পূৰণ নহ’ল।

অগপ আৰু কংগ্ৰেছৰ বিকল্প হিচাপে অসম চুক্তিৰ সফল ৰূপায়ণ কৰি বিদেশী সমস্যাৰ স্থায়ী সমাধান বিজেপিয়ে কৰিব বুলি ৰাইজে বিশ্বাস কৰি লৈছিল।

ইপিনে, অসম চুক্তিৰ ৬ নং দফাৰ সফল ৰূপায়ণৰ বাবে চলিত বৰ্ষত দ্বিতীয় বাৰৰ বাবে কেন্দ্ৰই উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এখন উচ্চস্তৰীয় কমিটি গঠন কৰি দিছিল।

কমিটিয়ে ৰাজ্য চৰকাৰৰ অসম চুক্তি ৰূপায়ণ দপ্তৰৰ হাতত প্ৰতিবেদনখন জমা দিলে যদিও এতিয়াও সেই প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ হাতত পৰা নাই বুলি সুত্ৰত প্ৰকাশ।

ইয়াৰোপৰি বিদেশী মুক্ত অসম গঢ় দিয়াৰ প্ৰতিশ্ৰুতি ভিজন ডকুমেন্টত উল্লেখ আছিল যদিও এতিয়া নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ জৰিয়তে ২০১৪ চনলৈকে অহা হিন্দু, খ্ৰীষ্টান, জৈন ইত্যাদি ৬ টা ধৰ্মৰ লোকক নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্ত ল’লে। য’ত নেকি বিদেশীমুক্ত অসমৰ ঠাইত হ’লগৈ বিদেশীযুক্ত অসম।

ইপিনে, পূৰ্বতে এনআৰচি বিজেপিৰ ফচল বুলি দাবী কৰাসকলেই ২০১৯ৰ আগষ্ট মাহত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন বিজেপি দলে ইতিমধ্যে নাকচ কৰিছে।

নতুনকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এখনৰো পোষকতা কৰিছে বিজেপিয়ে।

সেয়েহে হয়তো ভিজন ড’কুমেন্টত উল্লেখ থকা অসম চুক্তিৰ সফল ৰূপায়ণ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সফল উন্নীতকৰণৰ কথা সোণোৱালৰ পত্ৰত স্থান নাপালে।

দ্বিতীয়তে, অসমৰ বাৰিষা কালৰ প্ৰধান সমস্যা হৈছে বানপানী আৰু গৰা খহনীয়া। বিজেপি চৰকাৰৰ ২০১৬ চনৰ নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি আছিল ব্ৰহ্মপুত্ৰৰ খনন আৰু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা যাতে বানপানী সমস্যাৰ স্থায়ী সমাধান হয়।

জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ২০১৭ চনতে ড্ৰেজাৰৰ জৰিয়তে শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ খনন কৰা হ’ব বুলি ঘোষণা কৰিছিল। কিন্তু সেই ঘোষণা ঘোষণা হৈয়ে ৰ’ল।

আজিও ৰাজ্যৰ হাজাৰ হাজাৰ গাঁও বানৰ কবলত পৰিছে আৰু লাখ লাখ লোক গৃহহাৰা হৈ আশ্ৰয় শিবিৰত দিন কটাবলগীয়া হৈছে।

সেয়েহে হয়তো বান গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান বাদেই সমাধান কৰাৰ চেষ্টা কৰা হৈছে বুলিও সোণোৱালে পত্ৰত উল্লেখ কৰিব সাহস নকৰিলে।

তৃতীয়তে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ’ব বুলি ভিজন ড’কুমেন্টত উল্লেখ কৰা আছিল যদিও এই চাৰিবছৰে জনজাতিকৰণৰ বাবে কোনোধৰণৰ ব্যৱস্থাৱলী গ্ৰহণ নকৰিলে।

বিগত লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি বিষয়টো মীমাংসা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এটা মন্ত্ৰীগোট গঠন কৰিছিল। যোৱাবৰ্ষৰ ১৫ ফেব্ৰুৱাৰিৰ দিনা তেওঁলোকে ইয়াৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ পঠিওৱাৰ কথা আছিল যদিও আজিও একো উমঘাম নাই সেই প্ৰতিবেদন বা মন্ত্ৰীগোটৰ কাম-কাজক লৈও কোনেও প্ৰশ্ন উত্থাপন কৰা নাই।

সেয়েহে হয়তো ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ সোণোৱালৰ চিঠিখন সনিবিষ্ট কৰিবলৈ সাহস নকৰিলে তেওঁ। অৱশ্যে, সোণোৱালৰ পত্ৰত ছয় জনগোষ্ঠীৰ বাবে স্বায়ত্ত শাসিত পৰিষদ বা উন্নয়ন পৰিষদ গঠনৰ বাবে পদক্ষেপ লোৱা হ’ব বুলিহে উল্লেখ আছে।

ইয়াৰোপৰি, সীমান্ত ছীল, মুল্য বৃদ্ধি ৰোধ কৰা, ২৪ ঘন্টাই ঘৰে ঘৰে বিজুলী যোগান আৰু দৰিদ্ৰতা নিৰ্মূলকৰণ ইত্যাদি সমস্যাসমূহ ভিজন ড’কুমেন্টত উল্লেখ আছিল যদিও সেয়া এটাও বৰ্তমানলৈকে সোণোৱালৰ কাৰ্যকালত হৈ নুঠিল। সেয়েহে হয়তো এই প্ৰসংগসমূহৰ কথা উল্লেখ কৰিবলৈ সাহস নকৰিলে মুখ্য মন্ত্ৰী সোণোৱালে।

ইপিনে, বিজেপিয়ে সোণোৱালৰ পত্ৰ লৈ ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ চলি থকাৰ মাজতে বিজেপিৰ সকলো নেতা বা কাৰ্যকৰ্তাই ঘৰে ঘৰে গৈ ‘জন-সম্পৰ্ক অভিযান’ চলোৱাক লৈ ক্ষোভ প্ৰকাশ কৰিছে সমাজকৰ্মী মীৰা বৰঠাকুৰে। বৰঠাকুৰে এই অভিযানক কৰীণা কাপুৰৰ ১০ টকীয়া লাক্স চাবোনৰ বিজ্ঞাপনৰ সৈতেও তুলনা কৰে।

বৰঠাকুৰে কয় ‘কৰীণা কাপুৰে যেনেকৈ তেওঁৰ সৌন্দৰ্যৰ আঁৰত দহটকীয়া লাক্স চাবোনৰ অৱদান আছে বুলি কয়। বিজেপিয়েও তেনে এক পদক্ষেপেই লৈছে। বিজেপিয়ে ভাল কাম কৰা নাই বাবেই তেওঁলোকে এনেধৰণে ঘৰে ঘৰে গৈ বিজ্ঞাপন চলাবলগীয়া হৈছে। উন্নয়নমূলক কামতকৈ এই চৰকাৰখনে বহু জনবিৰোধী কাম কৰিছে।‘

‘ক’ৰ’নাৰ দোহাই দি সকলোকে ঘৰৰ ভিতৰত ভৰাই তেওঁলোক নিজে মানুহৰ ঘৰলৈ গৈ আছে। মোদী আৰু সোণোৱাল চৰকাৰৰ ব্যৰ্থতা ঢাকিবৰ বাবে কৰীণা কাপুৰৰ ১০ টকীয়া লাক্স চাবোনৰ বিজ্ঞাপন দিয়াদি এতিয়া প্ৰচাৰ চলাইছে।‘ তেওঁ লগতে কয়।

জনকল্যাণ পৰিপন্থী তথা ৰাজহুৱা সম্পত্তি ব্যক্তিগত খণ্ডক বিক্ৰী কৰা বিজেপি চৰকাৰক ২০২১ ৰ নিৰ্বাচনত ওফৰাই পেলাবলৈ অসমৰ জনসাধাৰণক বৰঠাকুৰে আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd