• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাহজোৰা ৰাজনৈতিক নাটকৰ অন্তত আজি নাগালেণ্ডত অনুষ্ঠিত হৈছে নিৰ্বাচনৰ ভোটগ্ৰহণ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2018 11:24 am
Nagaland-polls-2-570x320
115
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচন হোৱা নোহোৱাক লৈ ৰাজনৈতিক নাটক চলি থকাৰ পিছত আৰু ৰাজনৈতিক দলবোৰৰ নিৰ্বাচনী কুচ কাৱাজৰ অন্তত মঙলবাৰে পুৱা ৭ বজাৰ পৰা নাগালেণ্ডত অনুষ্ঠিত হৈছে নিৰ্বাচনৰ ভোটগ্ৰহণ।

ভোটগ্ৰহণ আবেলি ৪ বজাত সমাপ্ত হ’ব । অৱশ্যে, কিছুমান ভিতৰুৱা অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ ৩ বজাতে সমাপ্ত হ’ব।

নিৰ্বাচনৰ দিন ঘোষণা কৰাৰে পৰা ৰাজ্যখনত দৃশ্যপট সঘনে সলনি হোৱা দেখিবলৈ পোৱা গৈছিল। কিছুমান পক্ষই নিৰ্বাচনৰ আগতে নাগা ৰাজনৈতিক সমস্যাটোৰ সমাধান হোৱাটো বিচাৰিছিল।

ভোটদাতাসকলে ৯ টা ৰাজনৈতিক দল আৰু নিৰ্দলীয়কে ধৰি মুঠ ১৯৫ গৰাকী প্ৰাৰ্থীৰ বাবে ভোটদান কৰিব। ৬০ জনীয়া বিধানসভাখনৰ ৫৯ টা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। আনহাতে, ১১ নং উত্তৰ আংগামী-২ সমষ্টিৰ প্ৰাৰ্থী এনডিপিপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তথা নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে।

মঙলবাৰৰ ভোটগ্ৰহণৰ বাবে ৰাজ্যখনৰ ১১,৭০,৫৪৮ গৰাকী ভোটদাতাই ২১৫৬ টা ভোটকেন্দ্ৰত তেওঁলোকৰ ভোটাধিকাৰ সাৱ্যস্ত কৰিব।

ছয়খন জিলাৰ ১০৩ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণৰ সময় ৰাতিপুৱা ৭ বজাৰ পৰা ৩ বজালৈ ভোটগ্ৰহণৰ সময় নিৰ্দ্ধাৰণ কৰা হৈছে। বাকী ২০৫৩ টা ভোটগ্ৰহণ কেন্দ্ৰত ৰাতিপুৱা ৭ বজাৰ পৰা ৪ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

আনহাতে, নিৰ্বাচন আয়োগে ১০৬২ টা ভোটগ্ৰহণ কেন্দ্ৰক সমস্যাপূৰ্ণ, ৫৩০ টাক স্পৰ্শকাতৰ আৰু ৫৬৪ টাক স্বাভাৱিক বুলি চিনাক্ত কৰিছে।

সৰ্বমুঠ ১৭,৫৩২ গৰাকী নিৰ্বাচনী বিষয়াক নিৰ্বাচনৰ বাবে নিয়োগ কৰা হৈছে। ইয়াৰে ১৫,৫২৩ গৰাকী প্ৰকৃত নিৰ্বাচনী কৰ্তৱ্যত থাকিব আৰু বাকী ২,০০০ নিৰ্বাচন সম্পৰ্কীয় আন কৰ্তৱ্যত নিয়োজিত হৈছে।

অহা ৩ মাৰ্চত ৰাতিপুৱা ৮ বজাৰ পৰা ৰাজ্যখনৰ ১২ টা স্থানৰ মুঠ ৫৯ টা হলত ভোটগণনা অনুষ্ঠিত হ’ব।

 

Recent News

কেদাৰনাথ যাত্ৰাৰ পথত হেলিকপ্টাৰ ভাঙি পৰি দুৰ্ঘটনাগ্ৰস্ত; ৭ জনৰ মৃত্যুৰ আশংকা

কেদাৰনাথ যাত্ৰাৰ পথত হেলিকপ্টাৰ ভাঙি পৰি দুৰ্ঘটনাগ্ৰস্ত; ৭ জনৰ মৃত্যুৰ আশংকা

বন্দুকধাৰীৰ গুলীত নিহত আমেৰিকাৰ এগৰাকী সাংসদ, গুৰুতৰভাৱে আহত আন এগৰাকী সাংসদো

বন্দুকধাৰীৰ গুলীত নিহত আমেৰিকাৰ এগৰাকী সাংসদ, গুৰুতৰভাৱে আহত আন এগৰাকী সাংসদো

কৰ্পোৰেট লুণ্ঠনৰ বাবে ৰাজ্যৰ থলুৱাক উচ্ছেদ আৰু চৰকাৰৰ সাম্প্ৰদায়িক বৰ্বৰতাৰ বিৰুদ্ধে বাওঁ দলসমূহৰ প্ৰতিবাদ

কৰ্পোৰেট লুণ্ঠনৰ বাবে ৰাজ্যৰ থলুৱাক উচ্ছেদ আৰু চৰকাৰৰ সাম্প্ৰদায়িক বৰ্বৰতাৰ বিৰুদ্ধে বাওঁ দলসমূহৰ প্ৰতিবাদ

ভাৰতৰ বিৰুদ্ধে ড্ৰ’ৰে আৰম্ভ, অষ্ট্ৰেলিয়াক পৰাজিত কৰি শেষ; ২৭ বছৰৰ অপেক্ষাৰ অৱসান দক্ষিণ আফ্ৰিকাৰ

ভাৰতৰ বিৰুদ্ধে ড্ৰ’ৰে আৰম্ভ, অষ্ট্ৰেলিয়াক পৰাজিত কৰি শেষ; ২৭ বছৰৰ অপেক্ষাৰ অৱসান দক্ষিণ আফ্ৰিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd