যোৰহাট জিলাৰ মৰিয়নীৰ নাগিনীজান চাহ বাগিচাত ২০১৯ চনতে বাগিচাৰ চিকিৎসালয় নিৰ্মাণৰ কাম আৰম্ভণি হৈছিল৷
১ কোটি টকাৰ অনুমোদনৰে আৰম্ভণি হোৱা চিকিৎসালয় নিৰ্মাণ হোৱা এই চিকিৎসালয়খনৰ নিৰ্মাণৰ প্ৰতিটো কামতে ঠিকাদাৰ বিষয়া কৰ্মচাৰীয়ে বিভিন্ন দূৰ্নীতি কৰাৰ অভিযোগ কৰে স্থানীয় লোকে৷
চিকিৎসালয়ত ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ পাই মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী কালি বাগিচাত উপস্থিত হয় l
মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিম্নমানৰ কাম প্ৰত্যক্ষ কৰি চিকিৎসালয়ৰ দেৱাল ভাঙি ঠিকাদাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ কৰে ৷
লগতে বিধায়ক গৰাকীয়ে চৰকাৰক অতিশীঘ্ৰে এই চিকিৎসালয়ৰ কাম পুনৰ আৰম্ভ কৰিবলৈ দাবী জনায় ৷