• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গণ সংক্ৰমণ ৰোধৰ বাবে সোমবাৰৰ পৰা ডিমা হাছাওত ১৪ দিনীয়া লকডাউন

পংকজ কুমাৰ দেৱ by পংকজ কুমাৰ দেৱ
July 5, 2020 10:45 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ সমান্তৰালকৈ পাৰ্বত্য জিলা ডিমা হাছাওত শেহতীয়াকৈ দেখা দিয়া ক’ৰ’নাৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ আৰু প্ৰশাসনৰ যুটীয়া বৈঠকত জিলাখনত অহা ১৪ দিনৰ বাবে লকডাউনৰ সিদ্ধান্ত লোৱা হয়।

অৱশ্যে চৰকাৰেও পাৰ্বত্য পৰিষদ আৰু জিলা প্ৰশাসনৰ সিদ্ধান্তক আদৰণি জনায়।

Apply Now

উল্লেখ্য, কামৰূপ মেট্ৰ’ৰ পাছতে ৰাজ্যৰ ভিতৰত পুনৰবাৰ লকডাউন ঘোষণা কৰা দ্বিতীয়খন জিলা হ’ল পাহাৰীয়া ডিমা হাছাও।

জিলাখনৰ প্ৰশাসনে ক’ভিডক লৈ সজাগ আৰু সচেতন হোৱা পৰিলক্ষিত হোৱাৰ লগতে প্ৰথমটো গণ সংক্রমণৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে লকডাউনৰ বাবে চৰকাৰক আহ্বান জনাইছিল।

আজি হাফলং জিলা উপায়ুক্ত কাৰ্যালয়ত সংবাদ মেল পাতি উপায়ুক্ত পল বৰুৱায় ৰাইজক কয় যে আপোনালোকে নিজে নিজৰ দায়িত্ব পালন কৰি ঘৰৰ ভিতৰত থাকক। বিশেষ একো কাম নাথাকিলে ওলাই নাহিব।

ইয়াৰ উপৰি নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন অধিক কঠোৰ হ’ব বুলিও উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে।

লকডাউনৰ নিয়ম আৰু নিৰ্দেশাৱলী সমূহ  

লকডাউন ৬ জুলাই (সোমবাৰ)ৰ পুৱা ৬ বজাৰ আৰম্ভ হ’ব আৰু ১৯ জুলাইলৈকে অব্যাহত থাকিব। ২০ জুলাইৰ ৰাতিপুৱাৰ পৰা লকডাউন নাথাকে।

লকডাউনৰ সময়ছোৱাত দোকান-পোহাৰ বজাৰ আদি সম্পূৰ্ণ বন্ধ থাকিব।

অকল সপ্তাহত তিনিদিন অৰ্থাৎ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে ৰাতিপুৱা ১১ বজাৰ পৰা  আবেলি ৪ বজালৈকে বজাৰৰ ৩০ শতাংশ গেলামাল দোকান খোলা থাকিব।

গেলামাল দোকানত থকা স্বত্বাধিকাৰী বা কৰ্মচাৰীৰ উপৰি গ্ৰাহক সকলেও মাস্ক পিন্ধিব লাগিব। ইয়াৰ উপৰি চেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক। লগতে সামাজিক দূৰত্ব বজাই ৰাখি চলিব লাগিব।

গেলামালৰ হোলছেল দোকান সমূহ দেওবাৰ আৰু বৃহস্পতিবাৰে আবেলি ৩ বজাৰ পৰা ৬ বজালৈকে খোলা থাকিব। ই-কমাৰ্ছৰ বয়-বস্তু প্ৰতি শুকুৰবাৰে ৰাতিপুৱা ১১ বজাৰ পৰা পৰা বিয়লি ৪ বজালৈকে যোগান ধৰিব পাৰিব।

পথৰ দাঁতিত কোনো ধৰণৰ ফল-মূল, শাক-পাচলি, মাছ, মাংসৰ দোকান চলাব নোৱাৰিব।

ফাৰ্মাছি, ক্লিনিকেল এষ্টাব্লিছমেন্ট, পেট্ৰোল পাম্প আৰু এলপিজি আউটলেট ( সামাজিক দূৰত্ব, পৰ্যাপ্ত স্বচ্ছতা) খোলা থাকিব।

যিকোনো পৰিস্থিতিত বহিঃজিলাৰ পৰা ডিমা হাছাও জিলা অতিক্ৰম কৰি বেলেগ জিলাত মালবাহী ট্ৰাক নৰখাকৈ চলাচল কৰিব পাৰিব।

বেংক, পোষ্ট অফিচ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ব্যবসায়ী  প্ৰতিষ্ঠান বন্ধ থাকিব। অৱশ্যে ATM খোলা থাকিব। বেচৰকাৰী তথা বাণিজ্যিক যানবাহনৰ চলাচল বন্ধ থাকিব।

জিলা প্ৰশাসন/ জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, স্বাস্থ্য পৰিসেৱা (চৰকাৰী/বেচৰকাৰী), সেনা/ মিলিটাৰী, প্যাৰা মিলিটাৰী, আৰক্ষী, এম্বুলেন্স, নিত্য প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াই নিয়া আৰু জৰুৰীকালীন পৰিসেৱাৰ লগত জড়িত থকা যানবাহন চলাচল কৰিব পাৰিব।

ই-পাছৰ কাৰণে ডিমা হাছাও জিলা প্রশাসনৰ সৈতে হোৱাটছ এ’প নম্বৰ 7576943253 আৰু  email :help [email protected] যোগাযোগ কৰিব পাৰিব।

মাইবাঙ মহকুমা এলেকাৰ ই-পাছ SDO (Civil) এ ইছ্যু কৰিব।

ইপিনে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ চি ই এম দেব’লাল গার্লছায়ো ডিমা হাছাও জিলাৰ ৰাইজক সোমবাৰৰ পৰা চৈধ্য দিনৰ লকডাউন মানি চলাৰ আহ্বান জনায়।

তেওঁ কয়, ‍‘মহানগৰী গুৱাহাটীৰ পৰিস্থিতি অতিকৈ বেয়াৰ দিশত গতি কৰিছে। সেই কাৰণে আমি আগতীয়াকৈ সজাগ হ’ব লাগিব। কাৰণ ডিমা হাছাওত ইতিমধ্যে ছটাকৈ পজিটিভ ৰোগী ধৰা পৰিছে। যি সকল গণ সংক্রমণ। যাৰ বাবে আমি ঘৰত থাকিলে গণ সংক্রমণৰ পৰা ডিমা হাছাওক ৰক্ষা কৰাত সহজ হ’ব’।

Tags: COVID-19
পংকজ কুমাৰ দেৱ

পংকজ কুমাৰ দেৱ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd