• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষক নিযুক্তি বন্ধৰ সিদ্ধান্তই ৰাজহুৱা শিক্ষা ব্যৱস্থাক পংগু কৰিবঃ ডি ৱাই এফ আই

টেট উত্তীৰ্ণসকলক শীঘ্ৰে নিযুক্তি দিয়াৰ দাবী বাওপন্থী ছাত্ৰ সংগঠনটোৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2020 7:08 am
TET-TET-750x375

ফাইল ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে যোৱা ২৬ মে’ৰ কেবিনেট সিদ্ধান্ত অনুসৰি ৮ হাজাৰ প্ৰাথমিক শিক্ষকৰ আৰু ৫,২৪৩ টা হাইস্কুল আৰু হাইমাদ্ৰাছাৰ শিক্ষকৰ খালী পদত নিযুক্তি বন্ধ ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

অসম চৰকাৰৰ এই অদূৰদৰ্শী সিদ্ধান্তই প্ৰাথমিক-উচ্চ প্ৰাথমিক আৰু হাইস্কুল টেট উত্তীৰ্ণ প্ৰায় ২৫ সহস্ৰাধিক চাকৰি প্ৰাৰ্থী যুৱক-যুৱতীলৈ চৰম হতাশা নমাই অনাৰ লগতে অনাগত দিনত ৰাজহুৱা শিক্ষা ব্যৱস্থাক পংগু কৰি পেলাব বুলি অভিযোগ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে৷

Apply Now

এয়া পদ বিলুপ্তিকৰণৰ গোপন নীতিগত অভিসন্ধি বুলি মন্তব্য কৰি এনে সিদ্ধান্ত  তৎকালে বাতিল কৰি খালী পদত শীঘ্ৰে নিযুক্তি দিবলৈ সংগঠনটোৱে দাবী জনাইছে৷

অসম চৰকাৰে বিত্তীয় সংকটৰ দোহাই দি এনেদৰে হাজাৰ হাজাৰ শিক্ষক পদৰ বাবে যোগ্য নিবনুৱাক চৰম বঞ্চনা কৰাৰ লগতে ৰাজহুৱা শিক্ষা ব্যৱস্থাটোক ধ্বংসৰ মুখলৈ ঠেলি দিব ওলাইছে।

চৰকাৰৰ সিদ্ধান্ত অনুসৰি উচ্চতৰ মাধ্যমিক, হাইস্কুল আৰু হাইমাদ্ৰাছাৰ ৫২৪৩ টা  ঠিকাভিত্তিক শিক্ষক, ২৯৭০১ জন ঠিকাভিত্তিক টেট শিক্ষক আৰু ১১,২০৬ জন ষ্টেট পুলৰ ঠিকাভিত্তিক শিক্ষকক চৰ্তভিত্তিক ‘‘প্ৰায় নিয়মীয়া’’ কৰিব।

ইয়াকে অচিলা হিচাপে লৈ চৰকাৰে খালী পদসমূহ পূৰণ প্ৰক্ৰিয়া দীৰ্ঘদিনৰ বাবে বন্ধ ৰখাৰ ভয়ংকৰ সিদ্ধান্ত লৈছে৷  ডি ৱাই এফ আয়ে পূৰ্বৰে পৰাই সুস্থ শৈক্ষিক ব্যৱস্থাৰ বাবে স্থায়ী শিক্ষক নিযুক্তিৰ দাবী জনাই আহিছে।

উল্লেখনীয় কথা যে শিক্ষা বিভাগে প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু হাইস্কুলত খালী হৈ থকা পদ পূৰণ কৰাৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰি তিনিটা পৰ্যায়ত তিনিটাকৈ ‘টেট’ পৰীক্ষা অনুষ্ঠিত কৰিছিল।

৪০০ টকাকৈ মাচুল দি প্ৰাথমিক-উচ্চ প্ৰাথমিক টেট পৰীক্ষাত ৩.৬৭ লাখ আৰু হাইস্কুল টেট পৰীক্ষাত ৩৫, ৮১৪ জন যুৱক-যুৱতীয়ে অৱতীৰ্ণ হৈছিল।

হাইস্কুল টেট পৰীক্ষাৰ ফলাফল ঘোষণাৰ ৪৫ দিনৰ ভিতৰত নিযুক্তি দিয়া হ’ব বুলি শিক্ষা মন্ত্ৰীয়ে দাম্ভিকতাৰে ঘোষণা কৰিছিল।

কিন্তু আশ্চৰ্যজনকভাৱে আজি চাৰি মাহ পাৰহৈ যোৱাৰ পাছতো টেট উত্তীৰ্ণৰ প্ৰমাণ পত্ৰখনকে দিব পৰা নাই।

এনে প্ৰেক্ষাপটত চৰকাৰে লোৱা নিযুক্তি বন্ধৰ সিদ্ধান্তই আৰ্থিক খৰচ আৰু দীৰ্ঘদিনীয়া মানসিক প্ৰস্তুতিৰে নিযুক্তিৰ আশা কৰা হাজাৰ হাজাৰ যুৱক-যুৱতীক আশাহত কৰিছে আৰু চৰকাৰৰ এই সিদ্ধান্তই সমগ্ৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটোলৈ অধিক বিপৰ্যয় কঢ়িয়াই অনাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

ডি ৱাই এফ আয়ে দাবী কৰিছে যে চৰকাৰে শিক্ষক নিযুক্তি বন্ধ ৰখাৰ সিদ্ধান্ত বাতিল কৰি শীঘ্ৰে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক।

অকল ইমানেই নহয়, ৰাজ্য চৰকাৰৰ যোগ্যতাৰ মাপ-কাঠীৰে যোগ্য বুলি  বিবেচিত হোৱা ২০ সহস্ৰাধিক ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ নকৰাকৈ পেলাই থৈছে, ফলত বিনা বেতনে সেৱা আগবঢ়াই অহা এই সকল শিক্ষকে অবৰ্ণনীয় দুখ-কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰি আহিছে।

সমস্যাজৰ্জৰ এই শিক্ষকসকলক আনকি লকডাউনৰ সময়তো সামান্য আৰ্থিক সাহায্য দিবলৈ চৰকাৰে মনত নকৰিলে, অথচ স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীয়ে কোভিডৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰিলে।

বাকী থকা ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ পদসমূহো শীঘ্ৰে প্ৰাদেশিকীকৰণ কৰিবলৈ ডি ৱাই এফ আয়ে দাবী জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd