• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

গাৰো পাহাৰত শান্তিপূৰ্ণ ভোটদান : বেলটবাকচত বন্দী হৈ ৰ’ল দুই চাংমাৰ ভাগ্য

চাইদুল খান by চাইদুল খান
February 27, 2018 9:07 pm
MukulSangma &family

ভোটদান কেন্দ্ৰত মুকুল চাংমাৰ পৰিয়াল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ভোটাদান সম্পন্ন হোৱা মেঘালয়ৰ গাৰোপাহাৰ জিলাত ৰাজ্যখনৰ ৰাজনীতিৰ দুই মহাৰথী ক্ৰমে শাসনাধিষ্ঠিত কংগ্ৰেছৰ মুখ্য মন্ত্ৰী মুকুল চাংমা আৰু এন পি পিৰ মুখ্য নেতা কনৰাড চাংমাৰ ভাগ্য বন্দী হৈ ৰ’ল বেলটবাকচত।

কনৰাড চাংমা যদিও এজন প্ৰাৰ্থী নহয়, তেওঁৰ ৰাজনৈতিক ভাগ্য নিঃসন্দেহে এই নিৰ্বাচনে বহু পৰিমাণে নিৰ্ণয় কৰিব। আনকি ৰাজনৈতিক বিশ্লেষকে ২০১৮ ৰ নিৰ্বাচনক দুই চাংমাৰ যুঁজ বুলি অভিহিত কৰা দেখা গৈছে।

Apply Now

যোৱা কেইদিনত গাৰোপাহাৰক ৰাজ্যখনৰ নিৰ্বাচনী ঢৌৰ অন্যতম নাভিকেন্দ্ৰ হিচাপে দেখা গৈছিল। ইয়াত উবুৰি খাই পৰিছিলহি ৰাজ্যখনৰ ৰাজনৈতিক তাৰকা মুকুল চাংমা, কনৰাড চাংমাকে ধৰি কেইবাজনো কেন্দ্ৰীয় নেতাও।

আনহাতে দক্ষিণ তুৰাৰ পৰা এন পি পি দলৰ হৈ উঠা, প্ৰাক্তন সাংসদ পূৰ্ণ এ চাংমাৰ কন্যা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আগাথা চাংমাৰ বাবেও এই নিৰ্বাচন হৈ পৰিছে অতি গুৰুত্বপূৰ্ণ।

আজি সংবাদ মাধ্যমৰ আগত নিজৰ দলৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰি মুকুল চাংমায়ে কয়, ‘মোৰ ৰাজ্যৰ মানুহৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে আৰু অনায়াসে সংখ্যাগৰিষ্ঠতা পাম বুলি আশা কৰি আছো।’

সাংবাদিকে মুকুল চাংমাক তেওঁলোকৰ দলে নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা নাপালে আন কাৰোবাৰ লগত মিত্ৰতা কৰিবলৈ আগ্ৰহী নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কয়, ‘যদিও বিভিন্ন কথা উঠি আছে, এইটো কওঁ যে হয় আমাৰ ভাল বন্ধু আছে আৰু আমি এইটো কৰিম।’ তেওঁ কয় যে বিজেপিয়ে পূৰ্বেও কেইবাবাৰো মেঘালয়ত চেষ্টা কৰিছিল কিন্তু কংগ্ৰেছ দলে সফলতাৰে তেওঁলোকৰ মোকাবিলা কৰিব পাৰিছিল। আৰু এইবাৰো সেইটো অব্যাহত ৰাখিব।

তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী ৰাজনাথ সিঙক হ’ম ৱৰ্ক নকৰাকৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা বুলি আৰু সেয়ে গোকাট মিছা কথা ক’ব লগীয়া হয় বুলি কয়।

Conrad Sangma& wife Mehtab Chandee Sangma
কনৰাড চাংমা আৰু তেওঁৰ পত্নী মেহতাব চাংদী চাংমা।

আনহাতে  কনৰাড চাংমায়ে কয়, ‘আমি আত্মবিশ্বাসী হৈ আছো যে মানুহে পৰিৱৰ্তনৰ বাবে ভোট দিব আৰু আমাক জনাদেশ দিব। মোৰ আমাৰ মানুহৰ জ্ঞানৰ ওপৰত বিশ্বাস আছে আৰু মই নিশ্চিত যে তেওঁলোকে মেঘালয় ৰাজ্যৰ বাবে এটা সচেতন নিৰ্বাচন কৰিব।’

নিৰ্বাচনৰ ঠিক আগে আগে যোৱা ২৪ ফেব্ৰুৱাৰিত জি এন এল এৰ শীৰ্ষনেতা শ্বোহাম ডি চিৰাৰ হত্যাই শংকা কৰা মতে নিৰ্বাচনী প্ৰক্ৰিয়াত কোনো প্ৰভাৱ নেপেলালে। আনকি এন চি পিৰ পৰা উঠা ৱিলিয়ামনগৰ সমষ্টিৰ প্ৰাৰ্থী জনাথন  এন চাংমাৰ হত্যাৰো বিশেষ প্ৰভাৱ পৰা দেখা নগ’ল গাৰো পাহাৰৰ ভোটাৰৰ ওপৰত। আনহাতে মুঠ ৩০ টাতকৈ অধিক ভোটকেন্দ্ৰ থকা গাৰোপাহাৰত ভোটিং মেচিনৰ বিজুতি সম্পৰ্কীয় কোনো বা-বাতৰি অহা নাই। গাৰো পাহাৰত ভোটদানৰ হাৰ প্ৰায় ৭৫ শতাংশ বুলি নিৰ্বাচন আয়োগৰ সূত্ৰই জানিবলৈ দিছে।

উল্লেখযোগ্য যে আজি গাৰো পাহাৰৰ লগতে সমগ্ৰ ৰাজ্যখনতে ভোটদান সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। মেঘালয়ৰ লগতে নাগালেণ্ডতো আজি নিৰ্বাচন হৈ যায়। ইয়াৰ পূৰ্বে যোৱা ১৮ ফেব্ৰুৱাৰিত ত্ৰিপুৰাত নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই তিনিওখন ৰাজ্যৰ ফলাফল অহা ৩ মাৰ্চত ঘোষণা কৰা হ’ব।

চাইদুল খান

চাইদুল খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm
ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm
ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd