• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

স্বাস্থ্যমন্ত্রীলৈ কেইটামান প্ৰশ্ন

কিশোক কুমাৰ কলিতা by কিশোক কুমাৰ কলিতা
July 11, 2020 6:53 pm
Mother tongue to be medium of instruction upto Class V in Assam schools
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মাননীয় স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৰে আমিও চিকিৎসা বিজ্ঞানৰ ছাত্র নহয়। উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ বিজ্ঞানৰ ছাত্র আছিলো যদিও আজিও চিকিৎসা শাস্ত্রক এক দুৰ্বোধ বিজ্ঞান বুলিয়ে বিবেচনা কৰো। এই বিজ্ঞান বুজিবলৈ প্ৰয়োজন প্ৰচুৰ মেধা, দক্ষতা আৰু নিৰন্তৰ প্ৰয়াসৰ। আমাৰ সেই ক্ষমতা নাই বাবে মাজে সময়ে চিকিৎসা বিষয়ক খোকোজা লাগিলে দুই চাৰি চিকিৎসক বন্ধুক ফোন কৰো। গতিকে চিকিৎসা শাস্ত্র বিষয়ক দুই চাৰিটা প্ৰশ্ন সোধাৰ ক্ষেত্রত আমাৰ মনৰ মাজত ভালেখিনি দ্বিধাগ্ৰস্থতা আছে। কিন্তু যিহেতু অসমৰ ক্ষেত্ৰত কোভিড-১৯ৰ সংক্ৰমণ, তাৰ চিকিৎসা, ল’কডাউন আদি সমগ্ৰ বিষয় অসমৰ সন্মানীয় স্বাস্থ্য মন্ত্রীজনৰ নিৰ্দেশত চলি আছে, সেয়েহে মন্ত্রীজনাক প্ৰশ্ন সোধাৰ সাহস গোটাইছো। মন্ত্রীজনাও চিকিৎসা বিজ্ঞানৰ ছাত্র নহয় আৰু এই লেখকো বিজ্ঞানৰ কোনো বিষয়ৰে পূৰ্ণকালীন ছাত্র নহয়। সেয়েহে এগৰাকী সাধাৰণ নাগৰিক হিচাপে সাংবিধানিক অধিকাৰৰ ভিত্তিত মন্ত্রীজনালৈ কেইটামান প্ৰশ্ন এৰিছো। আমি নিশ্চিত যে অসম মন্ত্রীসভাৰ আনসকল মন্ত্রীৰ সহজাত প্ৰবৃত্তিৰ লেখীয়াকৈ মাননীয় স্বাস্থ্যমন্ত্রীজনেও এই প্ৰশ্নবোৰৰ উত্তৰ নিদিব আৰু পৰোক্ষভাৱে উত্তৰ দিলেও সেইবোৰ প্ৰকাশিত বা প্ৰচাৰিত হ’ব তেখেতৰ দ্বাৰা প্ৰভাৱান্বিত কাকত-চেনেলত।

প্ৰথম প্ৰশ্ন, যোৱা ৩০ জুন পৰ্যন্ত দেশৰ ৰাজধানী নতুন দিল্লীত ৮৩ হাজাৰৰো অধিক লোকৰ দেহলৈ ক’ৰনা ভাইৰাছৰ সংক্ৰমণ হোৱাৰ পাছতো আৰু ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ২৭শ লোকৰ মৃত্যু ঘটাৰ পাছতো কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাজধানী দিল্লীত গণ সংক্ৰমণ হোৱা নাই বুলি দাবী কৰিছিল। ইয়াৰ বিপৰীতে গুৱাহাটীত এক সহস্ৰাধিক লোকৰ দেহত ক’ৰনা সংক্ৰমণ ধৰা নপৰোতেই স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত কৰ’না ভাইৰাছৰ গণ সংক্ৰমণ হোৱা বুলি দাবী কৰি সমগ্ৰ কামৰূপ মহানগৰ জিলাখনত ল’কডাউন ঘোষণা কৰিছিল। এতিয়া কথা হৈছে যে নতুন দিল্লীত যদি ৮৩ হাজাৰ লোক সংক্ৰমিত হোৱাৰ পিছতো ত‍াত গণ সংক্ৰমণ হোৱা বুলি ঘোষণা কৰা নহয় তেন্তে গুৱাহাটীত মাথো এক হাজাৰ লোক সংক্ৰমিত হোৱাৰ পিছতেই গণ সংক্ৰমণ হোৱা বুলি ঘোষণা কৰা হ’ল কিয়? কোনটো পৰ্যায়ৰ পৰা গণ সংক্ৰমণ হোৱা বুলি ধৰা হ’ব তাৰ কিবা চৰকাৰী নিৰ্দেশাৱলী আছেনে? নে এনেভাৱে ঘোষণা দিয়াৰ একক কৰ্তৃত্ব মন্ত্রীৰ হাতত এৰি দিয়া হৈছে?

Apply Now

দ্বিতীয়তে, প্ৰথমাৱস্থাত কোভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত ৰোগীজনক কমেও তিনিবাৰ নিগেটিভ পোৱাৰ পিছতহে ঘৰলৈ যাব দিয়া হৈছিল। কিন্তু সম্প্ৰতি এবাৰ নিগেটিভ পালেই ৰোগীজনক ঘৰলৈ যাবলৈ দিয়া হৈছে। প্ৰথমতে কোৱাৰেন্টাইনৰ সময়সীমা ১৪ দিন আছিল, এতিয়া এই সময়সীমা কোনো ক্ষেত্রত তিনি দিনলৈকে কম কৰা হৈছে। একেদৰে প্ৰথমাৱস্থাত কোৱাৰেন্টাইন বাধ্যতামূলক কৰা হৈছিল যদিও, এতিয়া স্থানৰ অভাৱত সেই স্থিতিৰ পৰা আঁতৰি আহি বহিঃৰাজ্যৰপৰা অহা লোকে নিজে ঘৰতে কোৱাৰেন্টাইন হৈ থাকিলেও হ’ব বুলি কোৱা হৈছে। এনে সিদ্ধান্তসমূহ স্বাস্থ্যমন্ত্রীজনে নিজা বিবেচনাৰে সাল-সলনি কৰি আছে নে আই.চি.এম.আৰ(ICMR)ৰ নিৰ্দেশক্ৰমে কৰিছে? যদিহে আই.চি.এম.আৰৰ নিৰ্দেশ অনুসৰিহে সকলো ব্যৱস্থা লৈ থকা হৈছে তেন্তে স্বাস্থ্যমন্ত্ৰীজনে যোৱা ৫ জুলাই তাৰিখে আই. চি. এম. আৰ.ৰ শেহতীয়া নিৰ্দেশনাটো পালন নকৰে বুলি কিয় ঘোষণা দিলে? উল্লেখ্য যে আই. চি. এম. আৰ.ৰ নতুন নিৰ্দেশনা অনুসৰি লক্ষণ নথকা ক’ৰনা পজিটিভ ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ প্ৰয়োজন নাই। ক’ৰনা পজিটিভ হ’লেও ঘৰতেই অৰ্থাৎ হোম আইছ’লেচনত চৰ্ত সাপেক্ষে থাকিব পাৰিব। অৱশ্যে আন জটিল ৰোগত আক্ৰান্ত ৰোগীক কোভিড-১৯ পজিটিভ হ’লে চিকিৎসালয়ত ভৰ্তি হ’ব লাগিব। ৬০ বছৰৰ ঊৰ্দ্ধৰ ব্যক্তিৰ বাবেও এই নতুন নিৰ্দেশনা প্ৰযোজ্য নহ’ব। এই নতুন নিৰ্দেশনা অসমত প্ৰযোজ্য কৰাটো অসম্ভৱ বুলি উল্লেখ কৰি অসমৰ স্বাস্থ্যমন্ত্ৰীজনে কৈছে যে যদি অসমত হোম আইছ’লেচন কৰা হয় তেন্তে ফ্লেট আৰু কলনীৰ লোকসকলে ব্যাপকভাৱে হৈ চৈ সৃষ্টি কৰিব যাক তেওঁ নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। মন্ত্ৰীজনে প্ৰকৃততে নিজৰ অসহায় অৱস্থাটোৰ স্বীকাৰোক্তি দিছে নে প্ৰশাসনিক কৰ্তৃত্ব নথকাৰ অক্ষমতাৰ কথা দোহাৰিছে ? যদিহে ঘন্টাৰ ভিতৰতে পুলিচ মিলিটাৰী লগাই গুৱাহাটী মহানগৰীত পূৰ্ণ লকডাউন আৰোপ কৰিবলৈ তেওঁ সমৰ্থ তেন্তে কিহৰ বাবে ‘হোম আইছ’লেচন’ কৰিব পৰা নাযায় ?

তৃতীয়তে, স্বাস্থ্যমন্ত্ৰীজনে ৰাজ্য চৰকাৰে নিজাববীয়াকৈ চীনৰ পৰা পঞ্চাশ হাজাৰ পি. পি. ই. কিট অনা বুলি সংবাদমেল পাতি ঘোষণা দিছিল। কেৱল সংবাদ মেলেই নহয় গুৱাহাটী বিমান বন্দৰত ব্লু ডাৰ্টৰ এখন বিমানৰ কাষত থিয় হৈ ফটো তুলি সেই ফটো নিজৰ টুইটাৰ একাউন্টত পোষ্ট কৰাও দেখা গৈছিল। পৰৱৰ্তী সময়ত সেই কিটখিনি ব্যৱহাৰ নকৰি গুদামত ৰাখি থোৱা বুলি মন্ত্ৰীজনাই সংবাদমেলত সদৰি কৰিছিল। সেই কিটখিনিৰ কি হ’ল? কোনো ধৰণৰ বিচাৰ বিবেচনা নকৰি ৰাজকোষৰ ধন অপব্যয় কৰাৰ নৈতিক দায়িত্ব এতিয়া কোনে গ্ৰহণ কৰিব?

চতুৰ্থতে, ভাৰতীয় চিকিৎসা সংস্থাৰ অসম শাখাই অসমৰ স্বাস্থ্যমন্ত্ৰীলৈ অসন্তুষ্টি প্ৰকাশ কৰি জুলাইৰ ৭ তাৰিখে যিখন স্মাৰকপত্ৰ প্ৰকাশ কৰিছে তাত কোৱা হৈছে যে অসমৰ স্বাস্থ্য বিভাগে কাৰো সৈতে আলোচনা নকৰাকৈ হুৰমূৰকৈ সিদ্ধান্তবোৰ লৈছে। চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক একেৰাহে এঘাৰ দিনৰ বাবে সেৱাত জড়িত কৰি মাথো ৩ দিনৰ কোৱাৰেন্টাইনত ৰাখি পুনৰ সেৱাত মকৰল কৰা কাৰ্যৰ বিৰোধিতা কৰি সংস্থাটোৱে এনেদৰে কৈছে , “ইয়াক উল্লেখ কৰা নিস্প্ৰয়োজন যে পূৰ্ণ পি. পি. ই. কিট পৰিধান কৰি একেৰাহে ১১ দিন ডেই পুৰি নিয়া গৰমত কোভিড ৱাৰ্ডত,- যিবোৰৰ সৰহ ভাগতে শীত-তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা নাই, কাম কৰাটো অতিকৈ কষ্টকৰ আৰু ক্লান্তিকৰ। ভাৰতীয় চিকিৎসা সংস্থাই শংকা কৰে যে চৰকাৰৰ এনে সিদ্ধান্তই সমূখত থাকি কাম কৰা সকলক হতাশ কৰিব।” প্ৰশ্ন হ’ল- পূৰ্ণ কিট পিন্ধি একো একোজন চিকিৎসক বা স্বাস্থ্যকৰ্মীক আচলতে কিমান সময় কামত নিয়োজিত কৰাটো স্বাস্থ্যসন্মত ? এই ক্ষেত্ৰত আই. চি. এম. আৰৰ কিবা নিৰ্দেশাৱলী আছেনে ?

শেষত, চিকিৎসা সংস্থাটোৱে কৈছে যে আই. চি. এম. আৰ. এ ইতিমধ্যে Antigen Test ক কম সংবেদনশীল বুলি কৈছে যেতিয়া কোভিড আছে নে নে নাই তাক নিশ্চিত কৰিবলৈ PCR পৰীক্ষা অতি জৰুৰী। এতিয়া কথা হৈছে যে গুৱাহাটী মহানগৰীকে ধৰি অসমৰ বিভিন্ন কোণত ৰেপিড টেষ্টৰ নামত যি Antigen Test কৰি থকা হৈছে সেইবোৰত যিবোৰ নিগেটিভ ওলাইছে সেইবোৰৰ ক্ষেত্ৰত PCR টেষ্টৰ ব্যৱস্থা কৰা হৈছে নে নাই? নে চৰকাৰে Antigen Test ৰ দ্বাৰাই সকলো দায়িত্ব সামৰিব বিচাৰিছে ?

আমাৰ নিচিনা সাধাৰণ নাগৰিকৰ মনত জন্ম হোৱা এনে সন্দেহবোৰ চৰকাৰে দূৰ কৰিবনে ?

(লেখকৰ e-mail : [email protected])

Tags: COVID-19
কিশোক কুমাৰ কলিতা

কিশোক কুমাৰ কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd