• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

নাগালেণ্ডৰ নিৰ্বাচনে ডাঙৰ সকাহ দিলে নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰক

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
February 28, 2018 3:33 pm
Nagaland
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডত ২৭ ফেব্ৰুৱাৰিত প্ৰায় মসৃণভাৱে আৰু ব্যাপক সংখ্যক নাগা ৰাইজৰ সঁহাৰিৰ (৭৫ শতাংশ ভোটদানলৈ মনত পেলাব পাৰি) মাজেৰে সম্পন্ন হোৱা বিধানসভা নিৰ্বাচনে এক ডাঙৰ সকাহ দিলে কেন্দ্ৰীয় চৰকাৰৰ লগতে নিৰ্বাচন আয়োগক। দৰাচলতে নিৰ্বাচনৰ মাত্ৰ কেইদিন মান আগলৈকে এন এছ চি এন (আই এম) আৰু নাগা হো হো বিলাকৰ ক’ৰ কমিটিৰ দাবী তথা আহ্বানে সৃষ্টি কৰা ৰাজনৈতিক অচলাৱস্থাৰ কোনো প্ৰভাৱ দেখা নগ’ল এই নিৰ্বাচনত। নিম্নতম বিক্ষিপ্ত ঘটনাৰ বাদে নিৰ্বাচনী হিংসা নাছিল বুলিব পাৰি।

এই নিৰ্বাচনৰ মাজেৰে নাগা ৰাইজে যে গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰদৰ্শন কৰিলে, কেৱল সেয়ে নহয়। নাগালিম দাবীত আঁকোৰগোজ হৈ থকা নাগা সংগঠনবোৰ, বিশেষকৈ এন এছ চি এন (আই এম) আৰু নাগা হোহো বিলাকৰ গ্ৰহণযোগ্যতা সম্পৰ্কতো এক প্ৰশ্ন থিয় কৰাইছে।

Apply Now

উল্লেখযোগ্য যে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ কেইদিনমানৰ পিছতে নাগা হোহো বিলাক আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিয়ে (CCNTHCO) বৈঠকত মিলিত হৈ সকলোকে নাগালিমৰ প্ৰসংগটোৰ চয়-নিশ্চয় নোহোৱা পৰ্য্যন্ত নিৰ্বাচনৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল। একেই দাবী কৰিছিল ৰাজ্যখনৰ শক্তিশালী বিদ্ৰোহী সংগঠন এন এছ চি এনেও।

এই আহ্বানৰ প্ৰতি সঁহাৰি দি প্ৰথম অৱস্থাত ৰাজ্যখনৰ ১১টাকৈ (বিজেপি, কংগ্ৰেছকে ধৰি আটাইবোৰ দল) দলৰ প্ৰতিনিধিসকল নিৰ্বাচন বৰ্জনৰ সিদ্ধান্তত উপনীত হৈছিল। কিন্তু পৰৱৰ্তী সময়ত প্ৰথমে বিজেপি সেই স্থিতিৰ পৰা আঁতৰি আহে। দলটোৱে উক্ত বৈঠকত উপস্থিত থাকি এই সম্পৰ্কীয় বিবৃতিত চহী কৰা দলৰ নেতাজনক নিলম্বনো কৰে। ইয়াৰ পিছতে ক্ৰমে এন পি এফ, কংগ্ৰেছকে ধৰি বাকীবোৰ দলো সেই স্থিতিৰ পৰা আঁতৰি আহে।

নিৰ্বাচন বৰ্জনৰ ভাবুকি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই বুলি জনাইছিল যে সময়ত নিৰ্বাচন অনুষ্ঠিত কৰাটো চৰকাৰৰ এটা সাংবিধানিক দায়িত্ব আৰু ইয়াক এৰাই চলাৰ অৰ্থ হ’ব সংবিধান অৱমাননাৰ সমান।

আনহাতে নিৰ্বাচন বৰ্জনৰ ভাবুকিৰ মাজতে দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ প্ৰতিবাদত ১ ফেব্ৰুৱাৰিত সমগ্ৰ নাগালেণ্ড বন্ধৰ আহ্বান জনাইছিল নাগা হোহো বিলাক আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিয়ে।

কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে এই বন্ধৰ প্ৰতিও নাগা ৰাইজৰ সঁহাৰি তেনেই কুহুমীয়া আছিল। অৱশেষত নিজৰ স্থিতি ত্যাগ কৰাই নহয়, নাগা হোহো বিলাক আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিখনেই  (CCNTHCO) ভংগ কৰি দিয়া হয়।

যোৱা ২৭ ফেব্ৰুৱাৰিত নাগা ৰাইজে স্বতঃস্ফূৰ্ত ভোটদানৰ জৰিয়তে নিৰ্বাচন প্ৰক্ৰিয়াৰ প্ৰতি প্ৰতি যি নিঃসংকোচ তথা নিৰ্ভীক মনোভাব প্ৰদৰ্শন কৰিলে, তালৈ চাই নাগা ৰাইজৰ আৱেগ-অনুভূতি আৰু নাগা সশস্ত্ৰ বিদ্ৰোহী তথা নাগা হো হো বিলাকৰ উপলব্ধিৰ মাজত বিৰাট পাৰ্থক্য থকা যেন ভাব হৈছে।

সেয়া যি নহওক সাধাৰণ নাগা ৰাইজে কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ বাবে এটা ডাঙৰ কাম কৰিলে। যিটো কাম হয়তো শতাধিক সামৰিক বাহিনীৰ কোম্পানীয়েও কৰিব নোৱাৰিলে হেঁতেন।

কিয়নো, নিৰ্বাচন পাতিব নোৱৰাটো নিৰ্বাচন আয়োগ তথা কেন্দ্ৰীয় চৰকাৰৰ বাবে এটা নজিৰ বিহীন লজ্জাৰ ঘটনা হ’ল হেঁতেন। আনহাতে নিৰ্বাচনত ব্যাপক হিংসা হোৱাৰ বাৰ্তা এয়ে হ’ল হেঁতেন যে নাগা ৰাইজে নিৰ্বাচন বিচৰা নাছিল, জোৰ কৰি জাপি দিয়া হ’ল। এতিয়া দুয়োটা অপবাদৰ পৰা কেন্দ্ৰীয় চৰকাৰ তথা নিৰ্বাচন আয়োগ মুক্ত হ’ল।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd