• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভয়াবহ বানৰ মাজতে বিবাহ অনুষ্ঠান; টুলুঙা নাৱেৰে কইনা ঘৰলৈ আহিবলৈ সাজু বৰযাত্ৰী

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
July 13, 2020 10:00 am
VideoCapture_20200713-073743

ফটো: নৰ্থইষ্ট নাও

12.3k
VIEWS
Share on FacebookShare on Twitter

বিবাহ অনুষ্ঠান বুলি ক’লে আনন্দ উল্লাসে বিৰাজ কৰা এখন ঘৰৰ কথা আপোনাৰো মনলৈ আহে নিশ্চয়! কিন্তু ইয়াৰ বিপৰীতে চামগুৰিৰ নৈপৰীয়া লাওঁখোৱাৰ এখন বিবাহথলীত এতিয়া বিৰাজ কৰিছে এক নিমাওমাও পৰিৱেশে।

কিয়নো পূৰ্বে ধাৰ্য কৰি থোৱা তাৰিখ মতে বিয়াখন আজি অনুষ্ঠিত হৈছে থিকেই, কিন্তু বিয়া খনৰ সকলো হৰ্ষ-উল্লাস যেন ম্লান কৰি পেলালে অকস্মাৎ বৃদ্ধি পাই অহা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে।

উল্লেখযোগ্য যে, বিগত তিনি দিন ধৰি চামগুৰিৰ নৈপৰীয়া লাওঁখোৱাত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ জলস্তৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বাবে সম্পূৰ্ণৰূপে প্লাৱিত কৰি পেলাইছে লাওঁখোৱা ভূৰবন্ধাৰ বৃহত্তৰ অঞ্চল।

ইয়াৰ বাবে বিশেষ বিবাহখন অনুষ্ঠিত হ’বলগীয়া ২নং ভূৰবন্ধা স্থিত পৰিয়ালটোৰ বাসগৃহৰ চাৰিওফালে এতিয়া বানপানী, বৈছে ব্ৰহ্মপুত্ৰৰ কোৱাল সোঁত।

উপায়হীন পৰিয়ালটোৱে নিজৰ ঘৰৰ সন্মুখৰ ওখ চোতালখনতে সাধাৰণভাবে এটি মণ্ডপ তথা হোম থলী তৈয়াৰ কৰি অনুষ্টুপীয়াকৈ বিদায় দিয়াৰ ব্যৱস্থা কৰিছে চেনেহৰ জীয়ৰী গৰাকীক।

ইপিনে, জলস্তৰ বৃদ্ধি পোৱাত কেৱল নিমন্ত্ৰিত অতিথি সকলৰ আগমনত অসুবিধা হোৱাই নহয় নিশা বৰযাত্ৰী আহিবলৈও পৰিছে যথেষ্ট বিপাঙত।

তথাপিও চামগুৰিৰ আমবাগানৰ পৰা বৰযাত্ৰী সহ আহিব লগীয়া দৰাই নিৰ্ধাৰিত দিনটোত নাঁৱৰে আহি হ’লেও নিশা নিৰ্দিষ্ট বিবাহ বিধি সম্পন্ন কৰাৰ আশ্বাস প্ৰদান কৰিছে ২নং ভূৰবন্ধাৰ বন্যাৰ্ত পৰিয়ালটোক।

অৱশ্যে এই চৰম অসুবিধা-বিপৰ্যয়ৰ মাজতো যেন মুখত হাঁহি বিৰিঙিছে কইনা গৰাকীৰ পিতৃ-মাতৃৰ মুখ মণ্ডলত।

কিয়নো পৰিয়ালটোৰ অতি মৰমৰ জীয়ৰী গৰাকীক বিয়া দিছে এনে এটা অঞ্চললৈ যিটো অঞ্চলত চামগুৰিৰ নৈপৰীয়া লাওঁখোৱাৰ বৃহত্তৰ অঞ্চলৰ দৰে প্ৰতিবছৰে বান বিভীষিকাত আজিৰ পৰা আৰু দিন অতিবাহিত কৰিব লগীয়া নহয় বানাক্ৰান্ত পৰিয়ালটোৰ চেনেহৰ কন্যা গৰাকীয়ে।

Recent News

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd