• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

পূব চৌদি আৰৱৰ ধাহৰানত ৰাষ্ট্ৰীয় তেল প্ৰতিষ্ঠান চৌদি আৰামকোৰ সৈতে জড়িত এটা প্ৰশাসনিক ভৱনত হোৱা আক্ৰমণৰ পাছতে বুধবাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰায় ১ শতাংশ বৃদ্ধি পাইছে। মধ্যপ্ৰাচ্যত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাই বিশ্বজুৰি শক্তিৰ যোগান ব্যাহত কৰাৰ আশংকা সৃষ্টি কৰিছে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 14, 2026 10:46 am
ফটো - সংগৃহীত

ফটো - সংগৃহীত

34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূব চৌদি আৰৱৰ ধাহৰানত দেশখনৰ ৰাষ্ট্ৰীয় তেল প্ৰতিষ্ঠান চৌদি আৰামকোৰ সৈতে জড়িত এটা প্ৰশাসনিক ভৱনত হোৱা আক্ৰমণৰ পাছতে ১৪ অক্টোবৰ, বুধবাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰায় ১ শতাংশ বৃদ্ধি পাইছে। চৌদি শক্তি মন্ত্ৰালয়ৰ মতে, এই আক্ৰমণৰ ফলত ভৱনটোত সামান্য অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। মধ্যপ্ৰাচ্যত ক্ৰমাৎ বৃদ্ধি পোৱা সামৰিক উত্তেজনাৰ মাজতে সংঘটিত এই ঘটনাই বিশ্বজুৰি শক্তিৰ যোগান শৃংখল ব্যাহত হোৱাৰ আশংকা বৃদ্ধি কৰিছে। এই ঘটনাৰ পাছতে বুধবাৰে আন্তঃৰাষ্ট্ৰীয় বেঞ্চমাৰ্ক ব্ৰেণ্ট ক্ৰুড ফিউচাৰছৰ মূল্য ০.৯৩ শতাংশ বৃদ্ধি পাই প্ৰতি বেৰেলত ১০৬.০৬ ডলাৰ হয়গৈ। আনহাতে, আমেৰিকাৰ ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউটিআই) খাৰুৱা তেলৰ মূল্য ১.২৪ ডলাৰ বা ১.৩২ শতাংশ বৃদ্ধি পাই প্ৰতি বেৰেলত ৯৫.৩৮ ডলাৰত উপনীত হয়।

 

Apply Now

চৌদি আৰামকোৰ এক গুৰুত্বপূৰ্ণ পৰিচালনা কেন্দ্ৰ থকা ধাহৰানৰ এই আক্ৰমণে বিনিয়োগকাৰীসকলক চিন্তিত কৰি তুলিছে। য়েমেনৰ গৃহযুদ্ধত চৰকাৰী বাহিনীক ৰিয়াধে সমৰ্থন জনোৱাৰ প্ৰতিশোধ স্বৰূপে বিগত এটা সপ্তাহ ধৰি হুথি বিদ্ৰোহীয়ে চৌদি আৰৱৰ কৌশলগত স্থানসমূহক লক্ষ্য কৰি বেলষ্টিক মিছাইল আৰু ড্ৰ’নেৰে আক্ৰমণ চলাই আহিছে। ইতিমধ্যে চৌদি আৰৱৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চাৰিবাৰকৈ আক্ৰমণ সংঘটিত হৈছে, য’ত যোৱা শনিবাৰে হোৱা এক আক্ৰমণত ১৩ জন লোকৰ মৃত্যু হৈছিল। মঙলবাৰে হুথি বিদ্ৰোহীয়ে চৌদি তেল প্ৰতিষ্ঠানসমূহক বৈধ লক্ষ্য আখ্যা দি ইয়াৰ সমীপৰ কৰ্মচাৰী আৰু সাধাৰণ নাগৰিকক স্থান ত্যাগ কৰিবলৈ সকীয়নি দিছিল। এই সকীয়নিৰ কিছু সময়ৰ পাছতে ছানাত বিস্ফোৰণৰ শব্দ শুনা গৈছিল আৰু চৌদি সমৰ্থিত বাহিনীয়ে আল-ছাবাহ অঞ্চলৰ এটা তেল প্ৰতিষ্ঠানত বিমান আক্ৰমণ চলোৱা বুলি হুথি সমৰ্থিত সংবাদ মাধ্যমে দাবী কৰিছিল।

 

আমেৰিকা-ইৰাণ যুদ্ধৰ বাবে সৃষ্টি হোৱা পৰিবহণ সমস্যাৰ মাজতো যোৱা মাহত চৌদি আৰৱে তেলৰ উৎপাদন বৃদ্ধি কৰিছিল, যাৰ ফলত ৰাছিয়াকে ধৰি অ’পেক প্লাছ (OPEC+) দেশসমূহৰ সামগ্ৰিক উৎপাদন যথেষ্ট বৃদ্ধি পাইছে। মঙলবাৰে প্ৰকাশিত তথ্য অনুসৰি, অ’পেকে মজুত ভাণ্ডাৰ পূৰণৰ বাবে ২০২৭ চনৰ তেলৰ চাহিদাৰ পূৰ্বানুমানো বৃদ্ধি কৰিছে। অৱশ্যে ভূ-ৰাজনৈতিক উত্তেজনাৰ বাবে তেলৰ যোগানৰ ক্ষেত্ৰত অনিশ্চয়তা বৰ্তি থাকিব।

 

ইপিনে, দুগৰাকী জ্যেষ্ঠ ইৰাণী বিষয়াৰ উদ্ধৃতি দি সংবাদ সংস্থা ৰয়টাৰ্ছে প্ৰকাশ কৰা অনুসৰি, তেলৰ মূল্য উচ্চ হাৰত বজাই ৰাখিবলৈ আৰু আমেৰিকাৰ মধ্যৱৰ্তীকালীন নিৰ্বাচনত প্ৰভাৱ পেলাবলৈ ইৰাণে হৰমুজ প্ৰণালীত জাহাজসমূহক লক্ষ্য কৰি লোৱাৰ নতুন কৌশল অৱলম্বন কৰিছে। বিশ্বৰ শক্তি পৰিবহণৰ এক অতি গুৰুত্বপূৰ্ণ জলপথ হিচাপে পৰিচিত হৰমুজ প্ৰণালী আৰু চৌদি আৰৱৰ তেল আন্তঃগাঁথনিত হ’ব পৰা যিকোনো নতুন আক্ৰমণে তেল আমদানিকাৰী দেশসমূহৰ অৰ্থনীতিত গভীৰ প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে। বর্তমান বিনিয়োগকাৰীসকলে ৰাছিয়াৰ পৰা ডিজেলৰ যোগান বৃদ্ধিৰ সম্ভাৱনা আৰু মধ্যপ্ৰাচ্যৰ এই সংকটৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক হত্যাৰ চেষ্টা! হোয়াইট হাউছৰ সমীপত অস্ত্ৰসহ গ্ৰেপ্তাৰ যুৱক, উদ্ধাৰ এ আৰ-১৫ ৰাইফল

ট্ৰাম্পক হত্যাৰ চেষ্টা! হোয়াইট হাউছৰ সমীপত অস্ত্ৰসহ গ্ৰেপ্তাৰ যুৱক, উদ্ধাৰ এ আৰ-১৫ ৰাইফল

November 7, 2026 11:06 am
কাপোৰৰ দোকানৰ পৰা আন্তৰ্জাতিক মঞ্চ! প্ৰথম ভাৰতীয় হিচাপে এমি বঁটাৰ অনুষ্ঠানত বিজয় সেতুপতি

কাপোৰৰ দোকানৰ পৰা আন্তৰ্জাতিক মঞ্চ! প্ৰথম ভাৰতীয় হিচাপে এমি বঁটাৰ অনুষ্ঠানত বিজয় সেতুপতি

November 7, 2026 10:15 am
ছমাহতে ৭ লাখ কোটি টকাৰ ৰাজহ ঘাটি, বাজেটৰ ৪২ শতাংশ; প্ৰতিবেদনত চাপত মোডী চৰকাৰ

ছমাহতে ৭ লাখ কোটি টকাৰ ৰাজহ ঘাটি, বাজেটৰ ৪২ শতাংশ; প্ৰতিবেদনত চাপত মোডী চৰকাৰ

November 7, 2026 8:55 am
৯০০ কোটি টকাৰ জালিয়াতি! ফিউচাৰ ৰিটেইল লিমিটেডৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ, চলিছে তদন্ত

৯০০ কোটি টকাৰ জালিয়াতি! ফিউচাৰ ৰিটেইল লিমিটেডৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ, চলিছে তদন্ত

November 7, 2026 8:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক হত্যাৰ চেষ্টা! হোয়াইট হাউছৰ সমীপত অস্ত্ৰসহ গ্ৰেপ্তাৰ যুৱক, উদ্ধাৰ এ আৰ-১৫ ৰাইফল

ট্ৰাম্পক হত্যাৰ চেষ্টা! হোয়াইট হাউছৰ সমীপত অস্ত্ৰসহ গ্ৰেপ্তাৰ যুৱক, উদ্ধাৰ এ আৰ-১৫ ৰাইফল

November 7, 2026 11:06 am
কাপোৰৰ দোকানৰ পৰা আন্তৰ্জাতিক মঞ্চ! প্ৰথম ভাৰতীয় হিচাপে এমি বঁটাৰ অনুষ্ঠানত বিজয় সেতুপতি

কাপোৰৰ দোকানৰ পৰা আন্তৰ্জাতিক মঞ্চ! প্ৰথম ভাৰতীয় হিচাপে এমি বঁটাৰ অনুষ্ঠানত বিজয় সেতুপতি

November 7, 2026 10:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd