• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মই এজন কৰ’না ৰোগী; এতিয়া হোম কোৱাৰেন্টাইনত, মোক খাদ্য দিয়ক

কৰ'না আক্ৰান্ত সাংবাদিক হৈয়ো নাপালো হোম কোৱাৰেন্টাইনত পাবলগীয়া সুবিধা; অন্য জনতাৰ হ'ব কি?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 18, 2020 1:04 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদায় অন্যৰ বাবেই মাত মাতি আহিছিলো আজি নিজৰ বাবে মাত মাতিবলৈ পৰিস্থিতিয়ে বাধ্য কৰিছে।

এটা সময় আছিল, কৰ’নাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ যুঁজখনত নিজেও এগৰাকী সৈনিকৰ দৰে ভূমিকা লৈ মহানগৰীৰ বিভিন্ন স্থানত নিজে গৈ বাতৰি পৰিবেশন কৰিছিলো।

Apply Now

কোভিড ৰোগী চিনাক্ত হোৱা অঞ্চল যাক কণ্টেইনমেণ্ট জ’ন হিচাপে কোৱা হয় তেনে ঠাইৰ লোকসকলে খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নোপোৱাত নিজে সেই সম্পৰ্কে বিস্তৃত ৰূপত বাতৰি প্ৰকাশ কৰিছিলো।

কিন্তু আজি মই নিজে এগৰাকী তেনে ভুক্তভোগী। মোৰ ক্ষেত্ৰতে হোবা কিছু বৈষম্যমূলক ঘটনাৰ বিষয়ে অৱগত কৰিম।

কথাখিনি কোৱাৰ পূৰ্বে আগৰ কিছু কথা কৈ লৈছো।

মই কল্পজ্যোতি শইকীয়া। মহানগৰীৰ ছয়মাইলৰ আনন্দনগৰত এগৰাকী ভাৰাতীয়া হিচাপে থাকো। মই নৰ্থ ইষ্ট নাও ৱেব পৰ্টেলটোত সাংবাদিক হিচাপে কৰ্মৰত।

একেটা ভাড়াঘৰত মোৰ কাষৰ ৰুমত থকা দাদাৰ কৰ্মৰত সংবাদ প্ৰতিষ্ঠানত তেওঁৰ সহকৰ্মী চাৰিগৰাকীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাত তথা দাদাৰো জ্বৰ কাহ চৰ্দি হোৱাত আমি স্বাৱ টেষ্ট কৰাৰ সিদ্ধান্ত ল’লো।

সেইদিনা আছিল ১ জুলাই, বুধবাৰ। কথা মতেই মই, কোঠাৰ কাষৰ দাদা আৰু ভাইটি তিনিও দিছপুৰ ৰাজধানী ৰাজ্যিক চিকিৎসালয়ত স্বাৱ পৰীক্ষাৰ দি আহিলো।

তাৰ পাছত সমাজৰ অন্য ১০ জনৰ কথা চিন্তা কৰি আৰু স্বাস্থ্য বিভাগে বান্ধি দিয়া নিৰ্দেশনা পালন কৰি ৰিজাল্ট নহা পৰ্যন্ত তিনিও নিজক নিজক কোঠাত আছুতীয়াকৈ ৰখাৰ সিদ্ধান্ত ল’লোঁ।

স্বাৱ টেষ্ট কৰোৱাৰ ছয় দিন পাছত অৰ্থাৎ ৬ জুলাইৰ দিনা স্বাস্থ্য বিভাগৰ পৰা ফোন কৰি জনোৱা হ’ল আমাৰ তিনিওৰে কোভিড-১৯ পজিটিভ।

তেতিয়াৰে পৰা আমাৰ পৰিচয় কৰ’না আক্ৰান্ত ৰোগী।

এটা কথা এইখিনিতে উল্লেখ কৰি থওঁ মোৰ স্বাৱ সংগ্ৰহ কৰাৰ পৰা আজি পৰ্যন্ত দেহত কৰ’না ৰোগৰ কোনো লক্ষণ বা উপসৰ্গই দেখা দিয়া নাই। কোঠাৰ দাদাৰ স্বাৱ টেষ্ট কৰোৱাৰ আগদিনা সামান্য জ্বৰ কাহ হৈছিল যদিও পাছদিনাৰ পৰা জ্বৰ হোৱা নাই। মাজে সময়ে কেইদিনমানৰ বাবে কাহ দুই এটা হৈছিল।

৬ জুলাইৰ প্ৰায় ৫ বজাত স্বাস্থ্য বিভাগৰ পৰা ফোন কৰি জনোৱা হ’ল পাছদিনা পুৱাৰ ভাগত সাজু হৈ থাকিব লাগে। স্বাস্থ্য বিভাগৰ এম্বুলেঞ্চ আহিব আৰু আমাক লৈ যাব।

তেওঁলোকৰ নিৰ্দেশ মতেই পাছদিনা পুৱাৰ ভাগত চিকিৎসালয়লৈ যাবলৈ ৰুমৰ ভাইটিৰ সৈতে সাজু হৈ আছিলো।

অ’ এইখিনিতে আৰু এটা কথা মনত পৰিছে ৬ জুলাইৰ নিশাৰ ভাগতে ৰুমৰ দাদাক সংবাদ প্ৰতিষ্ঠানটোৰ ফালৰ পৰা ঠিক কৰি দিয়া এম্বুলেঞ্চত লৈ যোৱা হ’ল উত্তৰ গুৱাহাটীৰ আমিনগাঁওস্থিত IIT গুৱাহাটীলৈ।

আমি ৭ জুলাইৰ পুৱাৰ ভাগত চিকিৎসালয়লৈ যাবলৈ নিজকে সাজু কৰি ৰৈ আছিলো যদিও সেইদিনা বিয়লি প্ৰায় ৩:৩০ বজাতহে স্বাস্থ্য বিভাগৰ এম্বুলেঞ্চ আহিল। মোক আৰু ভাইটিক লৈ যোৱা হ’ল জালুকবাৰিস্থিত আয়ুৰ্বেদিক মেডিকেল’ কলেজলৈ।

আয়ুৰ্বেদিক মেডিকেল কলেজৰ ভিতৰৰ অভিজ্ঞতাখিনি এতিয়া নকওঁ। তাত আমাক ৰখা হ’ল ১১ জুলাই লৈকে।

১১ জুলাইৰ দিনা আমাক এন্টিজেন টেষ্ট কৰি কোভিড-১৯ নিগেটিভ ওলোৱাত ঘৰলৈ যাবলৈ দিয়া হ’ল ১৪ দিনৰ কোৱাৰেন্টাইনৰ বাবে।

চিকিৎসালয়ৰ পৰা বিশেষ বাহনৰে নিগেটিভ ওলোৱা ৰোগীসকলক আনি থৈ যোৱা হ’ল নিজৰ নিজৰ ৰুমত।

সেইদিনাই IIT গুৱাহাটী কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ থকা কোঠাৰ দাদাজন আহি পাইছিলহি।

তেওঁৰ পৰা গম পালো যে তেওঁক ১৪ দিনৰ হোম কোৱাৰেন্টাইনত পঠোৱাৰ বাবে চাউল, দালি, মিঠাতেল, নিমখ, আলু পিয়াজ সকলোখিনি দি পঠাইছে।

তাৰ বিপৰীতে আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় কোভিড কেয়াৰত চিকিৎসাধীন হৈ মই আৰু ভাইটি লক্ষজিত বৰা ৰেচন পাতি লাভ কৰাৰ পৰা বঞ্চিত হ’লো।

মইও কথাটো জানিব পাৰি অভিযোগ দাখিল কৰা জৰুৰীকালীন নম্বৰ ১০৪ ত যোগাযোগ কৰিলো। তেওঁলোকেও মই কোনো ধৰণৰ খাদ্য সামগ্ৰী নোপোৱাৰ অভিযোগ নোট কৰি ৰাখি সংশ্লিষ্ট কর্তৃপক্ষলৈ প্ৰেৰণ কৰা বুলি জনায়।

সেইদিনা অপেক্ষা কৰিলো আৰু ৰুমত যিখিনি আছিল সেয়াৰে ৰান্ধি-বাঢ়ি খাই শুই থাকিলো।

যিহেতু ৰুমত পৰিয়ালৰ অন্য কোনো লোক নাছিল সেয়েহে পাছদিনা অৰ্থাৎ কোৱাৰেন্টাইনৰ দ্বিতীয় দিনটোত মোৰ আৰু ভাইটিটোৰ খাদ্য সামগ্ৰী প্ৰায় নোহোৱা হ’ল।

দাদাই পোৱা চাউল দালিৰে কিছু অংশ ৰান্ধিবৰ বাবে আমাকো দিলে। হোম কোৱাৰেন্টাইনৰ দ্বিতীয় দিনা স্বাস্থ্য বিভাগৰ পৰা বিয়লি ভাগত এটা ফোন আহিল আৰু সোধা হ’ল আপুনি কালি ১০৪ সেৱাত যি অভিযোগ দিছিল বা আপুনি যি সমস্যাৰ বিষয়ে জনাইছিল সেয়া  সমাধান হ’ল নে? মই নাই হোৱা বুলি ক’লো। তেতিয়া পুনৰ মোৰ সম্পূৰ্ণ নাম ঠিকনা বিচাৰিলে আৰু সকলোখিনি বিৱৰি ক’লো।

কোৱাৰেন্টাইনৰ তৃতীয় দিনা অৰ্থাৎ ১৩ জুলাইৰ দুপৰীয়া ভাগত মই খাদ্য বিচাৰি পুনৰ যোগাযোগ কৰিলো ১০৪ সেৱাত। তেওঁলোকে মোক স্থানীয় থানাৰ সৈতে যোগাযোগৰ পৰামৰ্শ দিলে।

কথা মতে উক্ত দিনটোত বাৰম্বাৰ মই ফোনযোগে যোগাযোগৰ চেষ্টা কৰিলো দিছপুৰ থানাৰ লগতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ তালুকদাৰৰ সৈতে। কিন্তু এবাৰো তেওঁলোকৰ পৰা সঁহাৰি নাপালো।

এদিন পুনৰ অপেক্ষা কৰিলো আৰু ৰুমত যিকেইটা সামগ্ৰী আছিল তাকে খালো।

কোৱাৰেন্টাইনৰ পঞ্চম দিনা মই পুনৰ ১০৪ ত যোগাযোগ কৰাত পুনৰ স্থানীয় থানাৰ সৈতে যোগাযোগ কৰিবলৈহে পৰামৰ্শ দিয়ে। থানাৰ আৰক্ষীয়ে কোনো সঁহাৰি নিদিয়ে বুলি ক’লো।

ষষ্ঠ দিনা অৰ্থাৎ ১৬ জুলাইৰ দিনা মই উপায়ন্তৰ হৈ দিছপুৰ থানাৰ উপ আৰক্ষী আয়ুক্ত হিমাংশু প্ৰসাদ দাসৰ লগত যোগাযোগ কৰিছিলোঁ। তেওঁ মোক মেছেজত মোৰ ৰুমৰ ঠিকনা লিখি দিব ক’লে। তেওঁৰ কথা মতে মই সকলো লিখি তেওঁলৈ পঠিয়াই দিলো।

কিন্তু ২৪ ঘণ্টা উকলি গ’ল। এতিয়ালৈকে নাপালোঁ একো।

আজি কোৱাৰেন্টাইন হৈ থকাৰ সপ্তম দিন। ইতিমধ্যে শেষ হৈ আহিছে দাদাৰ ভাগৰ এজনৰ বাবে দিয়া ৰেচন-পাতি। আৰু ৭ দিনৰ হোম কোৱাৰেন্টাইন বাকী আছে। চৰকাৰৰ স্বাস্থ্য বিভাগীৰ নীতি-নিৰ্দেশনা মানি চলি ১ জুলাইৰ পৰা আজি ১৭ জুলাইলৈকে নিজকে সমাজৰ পৰা আছুতীয়া কৰিয়ে ৰাখিলো।

হোম কোৱাৰেন্টাইন আৰু ঘৰটো ছীল কৰা হোৱা বাবে চৌহদৰ পৰাও বাহিৰলৈ নোলালো।

আমাৰ হাত ভৰি এতিয়া বান্ধ খাই আছে; আমি নিজে বাহিৰলৈ ওলাই গৈ নিজৰ বাবে খাদ্য ক্ৰয় কৰিব নোৱাৰা অৱস্থা। এতিয়া স্বাস্থ্য বিভাগেই কওক আমি ক’ৰ পৰা যোগাৰ কৰিম খাদ্য?

মনৰ মাজত উপলব্ধি হৈছে, এজন সাংবাদিক হৈয়ো চৰকাৰৰ সম্পূৰ্ণ নীতি- নিৰ্দেশনা মানি চলিলো যদিও যিখিনি প্ৰাপ্য তাৰ পৰা বঞ্চিত হ’লো।

তেনেক্ষেত্ৰত সমাজৰ অন্য সাধাৰণ কোভিড আক্ৰান্ত লোকৰ কি গতি হৈছে সেয়া নিশ্চয়কৈ চিন্তনীয় বিষয়। ইতিমধ্যে, পাণ্ডু মালিগাঁৱৰ ফালে কণ্টেইনমেণ্ট জ’ন ভাঙি লোকসকল ওলাই আহিবলৈ চেষ্টা কৰা বুলি বাতৰি বৈদ্যুতিন মাধ্যমত দেখিবলৈ পাইছো।

আজি মোৰ কোঠাৰ কাষত দাদা নথকাহেঁতেন মই আৰু লক্ষজিত ভোকে-লঘোণে দিন কটাবলগীয়া নহ’লহেঁতেন নে?

মাননীয় স্বাস্থ্য মন্ত্ৰী মহোদয়ে ইমান সুন্দৰভাৱে তেওঁৰ দপ্তৰৰ কাম কাজ চলাই নিয়া বুলি গৌৰৱৰে ক’লেও ক’ত কেনেকৈ সুৰুঙা ৰৈ গৈছে? কাৰ গাফিলতিত নিয়াৰিকৈ কোভিড যুদ্ধ পৰিচালনা কৰা বুলি দাবী কৰা স্বাস্থ্য মন্ত্ৰী মহোদয় বদনামৰ ভাগি হ’বলগীয়া হৈছে?

একেটা ভাড়াঘৰৰ তিনিটা কোঠাৰ এজনে লাভ কৰিলে ১৪ দিন কোৱাৰেন্টাইন থকাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰী। কিন্তু তাৰে দুজন বঞ্চিত কিয়? কিয় এইক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ বৈষম্যমূলক নীতি দেখা গ’ল?

মইতো এতিয়া গৃহবন্দী অসহায়, কি নো ক’ম, কাকনো ক’ম, কোনেনো শুনিব?

সেয়েহে পুনৰবাৰ স্বাস্থ্য বিভাগকে কৈছো “মই হোম কোৱাৰেন্টাইন হৈ থকা কৰ’না ৰোগী, মোক খাদ্য দিয়ক।”

Tags: COVID_19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd