• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধুবুৰীৰ সাংবাদিক গ্ৰেপ্তাৰৰ ঘটনাৰ তদন্ত কৰিব অপৰাধ অনুসন্ধান শাখাই

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
July 18, 2020 12:27 pm
Rajiv-Sarma-750x375-1

সাংবাদিক ৰাজীৱ শৰ্মা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰীৰ এগৰাকী সাংবাদিক ৰাজীব শৰ্মাক জিলা বন বিষয়া এগৰাকীৰ পত্নীক দুৰ্ব্যৱহাৰ কৰা তথা ধনদাবীৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনাৰ তদন্ত অপৰাধ অনুসন্ধান শাখা (চি আই ডি)ক দিয়াৰ কথা শুকুৰবাৰে অসম আৰক্ষীয়ে ঘোষণা কৰিছে।

ৰাজ্যখনৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই কথা জানিবলৈ দিয়ে।

Apply Now

এটা নিউজ চেনেলৰ ধুবুৰীৰ সাংবাদিক ৰাজীব শৰ্মাক বৃহস্পতিবাৰে তেওঁৰ গৌৰীপুৰৰ বাসভৱনৰ পৰা নিশা ২ বজাত গ্ৰেপ্তাৰ কৰিছিল।

তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছতে তেওঁৰ ৬৪বছৰীয়া অসুস্থ পিতৃৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল।

‘’এটা বৈদ্যুতিন মাধ্যমৰ এগৰাকী স্থানীয় সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ ঘটনাৰ গোচৰটো সঠিক তদন্তৰ বাবে অপৰাধ অনুসন্ধান শাখালৈ বদলি কৰা হৈছে,’’-আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে শুকুৰবাৰে ধুবুৰীৰ সাংবাদিকসকলক জানিবলৈ দিয়ে।

আৰক্ষী বিষয়াগৰাকীয়ে শৰ্মাৰ বাসভৱনলৈ গৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সান্তনা জনায়। তেওঁ লগতে ধুবুৰী আৰক্ষী থানালৈও যায়।

শুকুৰবাৰে এখন স্থানীয় আদালতে শৰ্মাক তেওঁৰ পিতৃৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে।

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে ভিজিলেন্স এণ্ড এন্টি-ক’ৰাপশ্যন শাখাই  ডিএফঅ’ৰ গোচৰটো সুকীয়াকৈ তদন্ত কৰিব আৰু ইয়াৰ সাংবাদিকগৰাকীৰ বিৰুদ্ধে থকা অপৰাধ গোচৰটোৰ সৈতে সম্পৰ্ক নাথাকিব।

তেওঁ লগতে কয় যে যোৱা দুবছৰত গৰুৰ চোৰাং ব্যৱসায়ত ধুবুৰী জিলা আৰক্ষীৰ ভূমিকা সম্পৰ্কে তদন্ত কৰিবলৈ এটা বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰা হ’ব।

‘’মই আজি প্ৰাথমিক তদন্ত কৰিলো আৰু আজি নিশা মোৰ প্ৰতিবেদন ডিজিপি আৰু মুখ্য মন্ত্ৰীক দাখিল কৰিম,’’- অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়।

শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছেও শৰ্মাৰ গ্ৰেপ্তাৰৰ ঘটনাক গৰিহনা দিছে।

আনহাতে, সাংবাদিক গৰাকীৰ গ্ৰেপ্তাৰৰ ঘটনাই গোটেই ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছতে জিলাখনৰ আৰক্ষী অধীক্ষক আৰু ডিএফঅ’ গৰাকীক শুকুৰবাৰে বদলি কৰা হৈছে।

সাংবাদিক শৰ্মাক গ্ৰেপ্তাৰৰ আঁৰত আৰক্ষী অধীক্ষকগৰাকী জৰিত থকা বুলি বিভিন্নজনে কৰা অভিযোগৰ পাছতেই শুকুৰবাৰে মুখ্য মন্ত্ৰীৰ নিৰ্দেশত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আৰক্ষী অধীক্ষক যুৱৰাজ সিঙক বদলি কৰা হৈছে অসম আৰক্ষীৰ ১ নম্বৰ বেটেলিয়নৰ কমাণ্ডেণ্ট পদলৈ।

ইপিনে, ধুবুৰীৰ ডি এফ অ’ বিশ্বজিৎ ৰায়কো বশিষ্ঠলৈ বদলি কৰা হৈছে।

উল্লেখ্য যে গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে নিৰন্তৰে বাতৰি প্ৰচাৰ কৰি আহিছিল সাংবাদিক ৰাজীৱ শৰ্মাই।

ইয়াৰ পাছতে ধুবুৰীৰ ডি এফ অ’ বিশ্বজিৎ ৰায়ৰ এজাহাৰৰ ভিত্তিত সাংবাদিক শৰ্মাক আক্ৰোশমূলকভাৱে ১৫ জুলাইৰ পুৱতি নিশা গ্ৰেপ্তাৰ কৰিছিল ধুবুৰী আৰক্ষীয়ে।

ইতিমধ্যে বিষয়টোক লৈ ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ৰাজ্যৰ বিভিন্ন জিলাৰ সাংবাদিক সন্থা সমূহে ৰাজীৱ শৰ্মাক মুক্তি দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবীও জনাইছে।

ইফালে IPS আনন্দ মিশ্ৰক ধুবুৰীৰ নতুন আৰক্ষী অধীক্ষক আৰু P.V Trimbak ক নতুন জিলা বন বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।

মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd