• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কৰ্মী আকৌ ন ৰূপত : চাইকেল লৈ অসম নাগালেণ্ড সীমান্তত ৰূপজ্যোতি কুৰ্মী

হাতত দা লৈ বাহ কাটি নিৰ্মাণ কৰিলে অসম নগালেণ্ড সীমান্তৰ বি অ পি

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
July 18, 2020 9:09 pm
IMG-20200718-WA0075
841
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ যোৰহাট জিলাৰ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক নিতৌ ন ন  ৰূপত দেখা গৈছে। কেতিয়াবা যদি হাতত নগা দা লৈ সীমান্তত নগা খেদিছে আকৌ কেতিয়াবা বাহুবলী ৰূপ লৈ হাতেৰে পকী বেৰ বগৰাই দিছে।

এইবাৰ বিধায়ক ৰূপজ্যোতিক দেখা গ’ল গৃহ নিৰ্মানকাৰীৰ ৰূপত। বিধায়ক গৰাকীয়ে নিৰ্মাণ কৰিছে বিশেষ এটা গৃহ। গৃহটো নিৰ্মাণ কৰিবলৈ যোৰহাট জিলাৰ অসম নগালেণ্ড সীমান্তত চাইকেল চলাই গৈ উপস্থিত হ’ল বিধায়ক ৰূপজ্যোতি।

মূৰত গামোচাৰ পাগুৰি মাৰি একাংশ গঞাৰ লগত বিধায়ক গৰাকী নিজৰ কৰ্মত খুবেই ব্যস্ত। হাতত দা লৈ বাঁহ কাটিছে, জোখ মাখ কৰিছে। গৃহটোৰ চালত টিং তুলিছে। কাৰোবাক কিবা নিৰ্দেশো দিছে। মুঠতে ৰ’বলৈ সময় নাই।

বিভিন্ন সময়ত ন ন ৰূপ লৈ সংবাদ শিৰোনামা দখল কৰি অহা বিধায়ক ৰূপজ্যোতি এইবাৰ গৃহ নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৰিয়নীৰ অসম নগালেণ্ড সীমান্তৰ ৰনখাম গাঁওত। ৰনখাম গাঁৱৰ সমীপত থকা অস্থায়ী সীমান্ত আৰক্ষী চকীৰ গৃহ ৰাইজৰ সহযোগত নিৰ্মাণ কাৰ্যত নামি পৰে বিধায়ক ৰূপজ্যোতি কুৰ্মী।

উল্লেখ্য যে, ২০১৫ চনত অসমৰ মাটীত নগাৰ আগ্ৰাসনৰ সময়ত হোৱা সংঘাতৰ পাছতে অসম চৰকাৰে ৰনখামত এটা অস্থায়ী সীমান্ত আৰক্ষী চকী স্থাপন কৰিছিল।

কিন্ত পাঁচ বছৰে অসম চৰকাৰে সীমান্ত আৰক্ষী চকীটো স্থায়ীকৈ নিৰ্মাণ কৰাটো দূৰেৰে কথা বাঁহৰ গৃহ কেইটাও মেৰামতি কৰাৰ প্ৰয়োজন বোধ নকৰিল।

ফলত জহি খহি যোৱা আৰক্ষী চকীটোৰ বাহঁৰ গৃহ কেইটা প্ৰতি বছৰে ৰনখাম গাঁও বাসীয়ে দান বৰঙনি সংগ্ৰহ কৰি নিৰ্মান কৰি আহিছে।

উল্লেখ্য যে, কিছু দিন পূৰ্বে গাঁওবাসীৰ সহযোগত যোৰহাট জিলা প্ৰশাসনে আৰক্ষী চকীটোৰ মুল গৃহটো মেৰামতি কৰি দিলে যদিও ৰান্ধনী শাল আৰু স্থায়ী শৌচালয়ৰ অভাৱত সমস্যাৰ সন্মুখীন হৈ আহিছিল আৰক্ষী চকীটোৰ বিষয়া জোৱান সকল।

আনহাতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি  চেলেং গাঁও পঞ্চায়তৰ সভাপতি ৰাজেন গগৈৰ সহযোগিতাত তথা ৰনখাম গাঁও বাসীৰ সৈতে লগ হৈ সীমান্ত আৰক্ষী চকীটোৰ  জৰাজীৰ্ণ এটা বেৰেকৰ লগতে ৰান্ধনী শাল আৰু শৌচালায় গৃহটো বাঁহেৰে নিৰ্মাণ কৰি দিয়ে।

বিধায়ক গৰাকীয়ে চৰকাৰৰ গৃহ বিভাগক ৰনখাম সীমান্ত আৰক্ষী চকীটো স্থায়ীকৈ নিৰ্মান কৰিবৰ বাবে আবেদন নিবেদন কৰি ভাগৰি পৰা বুলি উল্লেখ কৰি সীমান্ত বাসীৰ প্ৰতি বিজেপি চৰকাৰৰ কোনো ধৰণৰ গুৰুত্ব নাই বুলি ক্ষোভ উজাৰে।

Recent News

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd