লাডাখৰ ভাৰত-চীন সীমান্তৰ পৰিস্থিতি কেনে ? সেনাৰ ক’ৰ কামাণ্ডাৰ পৰ্যায়ৰ বৈঠকৰ সিদ্ধানক সন্মান জনাইছে নে চীনে ? আকৌ বিশ্বাসঘাটকতা কৰিছে নেকি চীনে ?
হয়, সংবাদ সংস্থা ANIৰ বাতৰিৰ অনুসৰি চীনে পুনৰ ভাৰতক বিশ্বাসঘাতকতা কৰিছে।
পূৱ লাডাখত চীনে এতিয়াও ৪০ হাজাৰ পদাতিক সৈন্য মোতায়েন কৰি ৰাখিছে।
দুই দেশৰ সেনা বাহিনীৰ ক’ৰ কামাণ্ডাৰ বৈঠকৰ সিদ্ধান্তৰ মতে দুই দেশেই লাডাখৰ বিবাদিত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা সৈন্যবাহিনী প্ৰত্যাহাৰ কৰাৰ কথা আছিল।
সেই সিদ্ধান্ত মৰ্মে ভাৰতে সীমান্তৰ বিবাদিত এলেকাৰ পৰা ভাৰতীয় সেনা প্ৰত্যাহাৰ কৰিছিল।
চীনেও সীমান্তৰ পৰিস্থিত স্বাভাৱিক কৰাৰ স্বাৰ্থত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা সেনাবাহিনী প্ৰত্যাহাৰ কৰিবলৈ আৰম্ভ কৰিছিল।
কিন্তু ANIৰ বাতৰি অনুসৰি পিপ’লছ লিবাৰেশ্যন আৰ্মি-এ এতিয়াও পূৱ লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ৪০ হাজাৰ পদাতিক সৈন্য মোতায়েন কৰি ৰাখিছে।
ANIৰ বাতৰিৰ মতে ভাৰতৰ লগত পুনৰ বিশ্বাসঘাতকা কৰিছে চীনে।
সূত্ৰৰ খবৰ অনুসৰি চীনে সীমান্তত সেনা মোতায়েনৰ লগতে ভাৰতক লক্ষ্য কৰি একাধিক কামান, যুদ্ধ বিমান আদিও মুজুত কৰি ৰাখিছে।
সূত্ৰটোৰ মতে ইয়াৰ পৰা প্ৰমাণ হয় যে চীন সীমান্তৰ উত্তপ্ত পৰিস্থিতি স্বাভাৱকি কৰাৰ পক্ষপাতি নহয়।
অৱশ্যে ANIএ এই সন্দৰ্ভত ভাৰতীয় সেনা বাহিনীৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। ভাৰতীয় সেনাৰ সূত্ৰয়ো এই সম্পৰ্ক বৰ্তমান কোনো তথ্য প্ৰকাশ কৰা নাই।