২০১৯ বৰ্ষৰ ১৩ জুনত ওলোৱা বিজ্ঞাপনৰ ভিত্তিত নৱগঠিত ২০০ খন বিদেশী ন্যায়ধীকৰণৰ বাবে ১৬০০ নিৰ্বাচিত মেধাবী নিবনুৱা ১০ মাহে নিযুক্তিৰ পৰা বঞ্চিত হৈছে ৷
গুৱাহাটী প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে অনুষ্ঠিত এক সংবাদমেলত এই অভিযোগ বিদেশী ন্যায়ধীকৰণৰ বাবে নিৰ্বাচিত প্ৰাৰ্থী কুনাল ভৰালীৰ ৷
আগন্তুক দহ দিনৰ ভিতৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাই নিৰ্বাচিত প্ৰাৰ্থী সুশান্ত ডেকাই ৷
ইফালে সততে দূৰ্নীতি আৰু নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা চৰকাৰ খনে ১০ মাহে কিয় ১৬০০ নিবনুৱাক নিযুক্তি দিব পৰা নাই বুলি প্ৰশ্ন কৰি ভৰালীয়ে কয়,”বিদেশী ন্যায়ধীকৰনৰ বাবে প্ৰয়োজনীয় সকলো কাম হৈ যোৱাৰ পিছতো কিহৰ বাবে আমাৰ নিযুক্তি ৰখাই ৰাখিছে জানিব বিছাৰিছো”৷
উল্লেখযোগ্য যে বিজ্ঞাপনত উল্লেখ থকা অনুসৰি এক বছৰৰ ভিতৰত এই ষোল্লশ প্ৰাৰ্থীক নিযুক্তি নিদিলে প্ৰাৰ্থী সমূহৰ নিযুক্তিৰ ম্যাদ বাতিল হব বুলি উল্লেখ কৰি কুনাল ভৰালীয়ে কয়, “আমাৰ মেৰিট লিষ্ট ওলাইছিল ২০১৯চনৰ ১৯ চেপ্তেম্বৰত ৷ যদি আগন্তক চেপ্তেম্বৰ মাহলৈ আমাক নিযুক্তি নিদিয়ে তেনেহ’লে চৰকাৰে এইখনৰ ম্যাদ বাতিল কৰিব পাৰে ৷ সেয়ে আমাক আগন্তক ১০ দিনৰ ভিতৰত এটা স্পষ্টীকৰণ নিয়ক যাতে আমাৰ ১৬০০ প্ৰাৰ্থীৰ ভবিষ্যত অন্ধকাৰত গুচি নাযায় ৷”
যদি আমি চাকৰিৰ কাৰণে আন্দোলন কৰিব লাগে, যদি আমি এনেদৰে সংবাদ মেল কৰিব লাগে তেনেহ’লে পঢ়া শুনা কৰি কি লাভ হ’ল বুলি উল্লেখ কৰি তেওঁ আক্ষেপেৰে কয়, “এন আৰ চিৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই ৷ আমাক এন আৰচিৰ বাবে নালাগে ৷ নতুন বিদেশী ন্যায়ধীকৰণত ভগাই দিয়া বিচাৰাধীন হৈ থকা ১ লাখ তিনি হাজাৰ গোচৰৰ কাৰণে আমাক চাকৰিটো দিয়ক”৷
মুখ্য মন্ত্ৰীক আমি বহুবাৰ টুইটো কৰিছো, ফেচবুকত টেগও কৰিছো কিন্তু কোনো ধৰণৰ গুৰুত্ব নাই ৷ আমি কিদৰে বিশ্বাস কৰিম এই খন চৰকাৰক ৷ আমি বিশ্বাসতেই এইখন চৰকাৰক ভোট দিছিলো ৷ নিবনুৱা সকলৰ ভাল হব ৷ কিন্তু যদি ১৬শ নিবনুৱাৰ চাকৰি নহয় তেনেহ’লে কি হব ,পৰিয়াল সমূহৰ কি হব বুলি কয় ভৰালীয়ে।
যিহেতু সৰ্বানন্দ সোণোৱালক জাতীয় নায়ক বুলি কোৱা হয় ৷ সেয়ে ১৬ শ নিৰ্বাচিত নিবনুৱাৰ যাতে জীৱন ধ্বংস নহয় তাৰবাবে তেওঁ যেন চকু মেলি চায় ৷ আমাক চাকৰি দিয়ক বুলি অনুৰোধ জনায় বিদেশী ন্যায়ধীকৰণৰ চাকৰিৰ বাবে নিৰ্বাচিত হোৱা নিবনুৱা সকলে ৷





