সদৌ বড়ো ছাত্ৰ সন্থাৰ (আবছু) কোকৰাঝাৰ জিলা সমিতিয়ে ইয়াৰ কোকৰাঝাৰ আঞ্চলিক সমিতিৰ সহযোগত কোকৰাঝাৰত সামাজিক কুসংস্কাৰ সম্পৰ্কত শুকুৰবাৰে এখন সভাৰ আয়োজন কৰে।
উক্ত সভাত ধৰ্মীয় সংগঠনকে ধৰি কেইবাটাও বড়ো সামাজিক সংগঠনৰ জিলা সমিতিয়ে অংশ গ্ৰহণ কৰে। কোকৰাঝাৰ চহৰৰ আবছুৰ কোকৰাঝাৰ আঞ্চলিক সমিতিৰ কাৰ্যালয় চৌহদত সভাখন অনুষ্ঠিত হয়।
অংশগ্ৰহণকাৰীসকলে বিভিন্ন সমাজিক সমস্যাসমূহৰ ওপৰত আলোকপাত কৰি বিশেষকৈ বড়ো সম্প্ৰদায়ৰ মাজত সংঘটিত হোৱা ঘটনাবোৰ ৰোধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
সভাখন পৰিচালনা কৰে আবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জনক উজীৰে।
বিভিন্ন সংগঠনৰ পৰা অংশগ্ৰহণ কৰা নেতাসকলে কেইবাটাও বহুমূলীয়া ভাষণ আগবঢ়ায়।
আবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ছোন্দন ব্ৰহ্মই কয় যে সমস্যাসমূহৰ বিষয়ে দীঘলীয়া আলোচনাৰ অন্তত সভাই দুটা প্ৰস্তাৱ গ্ৰহণ কৰে।
তেওঁ কয় যে সমূহীয়াভাৱে এইটো প্ৰস্তাৱ লোৱা হয় যে কোকৰাঝাৰ জিলাৰ অধীনৰ ধৰ্মীয় সংগঠনকে ধৰি সকলোবোৰ সামাজিক সংগঠনে ডাইনীৰ নামত হত্যা, বাল্য বিবাহ, অন্ধবিশ্বাস, মদৰ প্ৰচলন, জুৱা, ছাত্ৰৰ মাজত ড্ৰাগছ সেৱন আৰু অন্যান্য সামাজিক কুসংস্কাৰ নিৰ্মূলকৰণৰ বাবে একত্ৰিতভাৱে কাম কৰা উচিত।
তদুপৰি, সভাত এইটোও প্ৰস্তাৱ লোৱা হয় যে সামাজিক সমস্যাসমূহৰ ওপৰত আলোচনা কৰাৰ বাবে এনেধৰণৰ সভা কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত সঘনে অনুষ্ঠিত কৰিব লাগে আৰু তাত ধৰ্মীয় সংগঠনকে ধৰি সকলো সামাজিক সংগঠনৰ অংশগ্ৰহণ নিশ্চিত হ’ব লাগে।
কোকৰাঝাৰ জিলা সন্মিলনীৰ সাধাৰণ সম্পাদক নগেন ব্ৰহ্ম, কোকৰাঝাৰ জিলা বড়ো সমাজৰ সাধাৰণ সম্পাদক সবাৰাম বড়ো, কোকৰাঝাৰ জিলা বড়ো সাহিত্য সভাৰ সভাপতি বানেশ্বৰ বসুমতাৰী, সদৌ বড়ো কেথলিক কল্যাণ সংস্থাৰ সম্পাদক জনক বসুমতাৰী, সদৌ বড়ো সাংস্কৃতিক সংস্থাৰ উপ সভাপতি যোগেশ্বৰ ব্ৰহ্ম, সদৌ কোকৰাঝাৰ জিলা বাথৌ সংস্থাৰ সভাপতি টিকেন্দ্ৰ বসুমতাৰী, কোকৰাঝাৰ জিলা ব্ৰহ্ম ধৰ্মীয় সংস্থাৰ সম্পাদক জয়ন্ত কছাৰী উক্ত সভাখনত উপস্থিত আছি