বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং খন নিৰ্মাণ হৈ আছে আমাৰ এই ভাৰতবৰ্ষতে।
প্ৰাকৃতিক সুষমাৰে ভৰপূৰ কাশ্মীৰত নিৰ্মাণ হৈ থকা বিশ্বৰ আটাইতকৈ ওখ ৰে’ল দলং খন ২০২১ চনৰ ভিতৰত সাজু হৈ উঠিব।
ইয়াৰ লগে লগে দেশৰ অন্যান্য প্ৰান্তৰ সৈতে কাশ্মীৰ উপত্যকাৰ প্ৰায় সকলো অঞ্চল ৰে’ল সেৱাৰে সংযুক্ত হৈ পৰিব।
কাশ্মীৰৰ চেনাব নদীৰ ওপৰত বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং খনৰ নিৰ্মাণ আৰম্ভ হৈছিল ২০০৮ চনতে।
কিন্তু কেতবোৰ প্ৰাকৃতিক প্ৰতিকূলতাৰ বাবে ২০০৯ চনত দলং খনৰ নির্মাণ কাৰ্য বন্ধ কৰিবলগীয়া হৈছিল।
২০১০ চনৰ পৰা পুনৰ দলং খনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয়।
বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং হিচাবে পৰিগণিত হ’বলগীয় চেনাব নৈৰ ওপৰৰ এই ৰে’ল দলং খনৰ দৈৰ্ঘ ৪,৩১৪ ফুট।
কাশ্মীৰৰ বাক্কা আৰু কৌৰিৰ মাজত নির্মাণ কৰি থকা ৰে’ল দলং খন ওখই ১,১৭৮ ফুট।
দলং খনৰ প্ৰস্থ ১,৫৩২ ফুট। এই দলং খনেই হ’ব দেশৰ আটাইতকৈ বহল ৰে’ল দলং।
ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ২০২১ চনৰ শেষৰ পিনে দলং খন দেশৰ নামত উচৰ্গা কৰিব পৰা যাব।
কাশ্মীৰত শেহতীয়াকৈ নিৰ্মাণ হৈ থকা ৰে’লপথৰ ভিতৰৰে ১৭৪ কিলোমিটাৰ পথে হৈছে সুৰংগ পথ।
বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং খন নিৰ্মাণ কৰি আছে এফকনছ ইনফ্ৰাষ্ট্ৰাকছাৰ লিমিটেড নামৰ কোম্পানীটোৱে।