• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইণ্ডিয়ান নায়েগ্রা পানীমুৰৰ অস্তিত্বৰ প্রতি চৰম ভাবুকি, নিমাত বন বিভাগ!

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
August 9, 2020 12:52 pm
IMG_20200808_212021

পানীমুৰত পাথৰ খননৰ কাম চলি থকা অংশৰ দৃশ্য। ফটো: নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাহাৰীয়া ডিমা হাছাওত যোৱা প্রায় এবছৰৰ পৰা  জিলাৰ আটাইবোৰ কাঠ ফলা মিল বন্ধ হৈ আছে। পার্বত্য জিলাৰ সেউজ পৰিবেশ ৰক্ষার্থেই স্বায়ত্ব শাসিত পৰিষদৰ এই সিদ্ধান্ত আছিল।

গছ কটা তথা সৰবৰাহ কাৰ্য বন্ধ হোৱাৰ পাছত এইবাৰ বন মাফিয়াসকলৰ নজৰ পৰিছে পানীমুৰ জলপ্ৰপাতৰ গাত লাগি থকা শিলৰ পাহাৰৰ ওপৰত।

Apply Now

পার্বত্য জিলাৰ অন্যতম পর্যটনস্থলী পানীমুৰ জলপ্রপাতৰ আশে-পাশে থকা এলেকাৰ পাহাৰকাটি শিল উলিয়াই নিয়াৰ কামত ইতিমধ্যে একাংশ ধুৰন্ধৰ ব্যক্তি  জড়িত হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে।

অকল এয়াই নহয়, পাহাৰ কাটি পাথৰ উলিয়াই নিয়াৰ কাৰণে ক্রেছাৰ মেচিন স্থাপনৰ যো-জা আৰম্ভ হৈছে। অবশ্যে এই বিষয়টো স্থানীয় ৰাইজৰ দৃষ্টি গোচৰ হোৱাৰ লগে লগে ৰাইজৰ ফালৰ পৰা বাধা দিয়া হয়।

হাফলঙৰ কংগ্রেছ পৰিষদ সদস্য ড্যানিয়েল লাংথাছা আৰু গৰমপানীৰ কংগ্রেছ পৰিষদ সদস্য জয়সিং দ্রুঙৰ নেতৃত্বত ডিমা হাছাও জিলা কংগ্রেছ কমিটিৰ এটা প্ৰতিনিধি দলে পানীমুৰ এলেকা পৰিদর্শন কৰি বন বিভাগৰ উদাসীনতাক লৈ ক্ষোভ ব্যক্ত কৰে।

তেওঁলোকৰ অভিযোগ হ’ল যে কোনো অৱস্থাতেই পানীমুৰৰ ঐতিহ্য বিনষ্ট হ’বলৈ দিয়া নহ’ব। প্রয়োজনত কংগ্রেছ দলে বৃহত্তৰ আন্দোলন গঢ়ি তুলিব।

কংগ্রেছ দলৰ অভিযোগ যে পানীমুৰত ক্ৰেছাৰ  স্থাপনৰ কাৰণে আনুসঙ্গিক কাম কাজ শেষ হৈছে। এতিয়া মাথোঁ মেচিন বহুৱা’ৰ কাম বাকী।

পার্বত্য ডিমা হাছাও বন বিভাগৰ পশ্চিম ডিভিজনৰ ডিএফ’অ তুহিন লাংথাছাই কয় ‘পানীমুৰৰ ঐতিহ্যকলৈ বন বিভাগে কোনো ধৰণৰ আপোচ নকৰে। আনহাতে, এই মুহূর্তত গৰমপানীৰ পৰা দিয়ুংমুখ এলেকাত এটিও ক্ৰেছাৰ নাই। লঙ্কা-গৰমপানী পথ নির্মাণৰ কাৰণে অধিক পৰিমাণৰ শিলগুটিৰ প্ৰয়োজন হ’ব। যাৰ বাবে ক্ৰেছাৰ স্থাপনৰ প্রস্তাৱ আছে। কিন্তু পানীমুৰ এলেকাত নহয়। তেওঁ জানিবলৈ দিয়ে যে এই এলেকাত পাথৰ খনন কার্যত  জড়িতসকলৰ  বিৰুদ্ধে ব্যবস্থা লোৱা হ’ব।’

উল্লেখনীয় যে পার্বত্য জিলাৰ শিল্প নগৰী বুলি খ্যাত উমৰাংচুৰ পৰা ৩২ কিলোমিটাৰ নিলগত অৱস্থিত এই ঐতিহ্যবাহী পানীমুৰ। ধর্মীয় দৃষ্টিকোণৰ পৰা পানীমুৰ এখন পবিত্র ভূমি।

ডিমাছা সম্প্রদায়ৰ লোকে প্রতি বছৰৰ মাঘ মাহৰ পূর্ণিমা তিথিত ইয়াত তর্পণ কৰে। লোকশ্রুতি অনুসৰি ইয়াত গা ধুলে পূণ্য প্ৰাপ্তি হয়। লগতে আছে আছে এক দৃষ্টি নন্দন জলপ্রপাত।

গোটেই বছৰ ধৰি দেশী-বিদেশী পর্যটক সকল পানীমুৰত ভিৰ কৰি থাকে। পর্যটক সকলে পানীমুৰৰ এই জলপ্রপাতক ‘ ইণ্ডিয়ান নায়েগ্রা নামে আখ্যায়িত কৰিছে।

বলীউডৰ অভিনেতা ছাহিদ কাপুৰ আৰু কঙ্গনা ৰানাৱাট অভিনীত বোলছবি ৰেঙ্গুনৰ উপৰি জুবিন গার্গৰ মিছন চাইনাৰ দৃশ্য গ্রহণ ইয়াতেই হৈছিল।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd