দেশৰ ৭৪ সংখ্যক স্বাধীনতাৰ দিৱসৰ দিনাই পাকিস্তান সীমান্তৰ বৰফত ছমাহ দিন পোত গৈ থকা এজন সেনাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
উল্লেখ্য যে, জন্মু-কাশ্মীৰৰ গুলমাৰ্গ সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত ছমাহৰ পূৰ্বে ভাৰতীয় সেনা বাহিনীৰ ১১ গড়ৱাল ৰাইফলছৰ হাবিলদাৰ ৰাজেন্দ্ৰ সিংহ নেগী(৩৬) পোষ্টত কৰ্মৰত আছিল।
সেনা সূত্ৰৰ মতে যোৱা জানুৱাৰী মাহৰ প্ৰথমটো সপ্তাহতে হালিবদাৰ ৰাজেন্দ্ৰ সিংহ নেগী কৰ্তব্যৰত স্থানৰ পৰাই সন্ধানহীন হয়।
জানুৱাৰী মাহৰ ৮ তাৰিখে হাবিলদাৰজনৰ নিখোজ হোৱাৰ ৰিপোৰ্ট সেনাবাহিনীত দাখিল কৰা হয়।
সেনা বাহিনীয়ে নিজাববীয়াকৈ হাবিলদাৰজনৰ সন্ধান অব্যাহত ৰাখে যদিও কোনো শুং সূত্ৰ উলিয়াব নোৱাৰি সেনাই তেওঁক ছহিদ ঘোষণা কৰি যোৱা ২১ জুন তাৰিখে হাবিলদাৰজনৰ পৰিয়ালক তেওঁ সন্ধানহীন হোৱাৰ খবৰ দিয়ে।
কিন্তু হাবিলদাৰ পত্নীয়ে স্বামীৰ মৃতদেহ নেদেখা পৰ্যন্ত স্বামীৰ মৃত্যু হোৱা বুলি মানিব ল’বলৈ অস্বীকাৰ কৰে।
সেনা সূত্ৰই প্ৰকাশ কৰিছে যে যোৱা শনিবাৰে গুলমাৰ্গ সীমান্তৰ নিয়ন্ত্ৰৰেখাৰ বৰফৰ পোত গৈ থকাৰ অৱস্থাত হাবিলদাৰ ৰাজেন্দ্ৰ সিংহ নেগীৰ মৃতদেহটো উদ্ধাৰ কৰা হৈছে।
সেনা সূত্ৰৰ মতে টহলদাৰী সেনাৰ জোৱানে বৰফৰ মাজত এটা মৃতদেহ পৰি থকা দেখা পায় আৰু বৰফ কাটি মৃতদেহটো উদ্ধাৰ কৰি সেইটো যোৱা জানুৱাৰীত নিখোজ হোৱা হাবিলদাৰ ৰাজেন্দ্ৰ সিং নেগীৰ মৃতদেহ বুলি চিনাক্ত কৰে।
ধাৰণা কৰা হৈছে যে জানুৱাৰী বৰফৰ ধুমুহাই হাবিলদাৰজনক পুতি পেলাইছিল।
ইতিমধ্যে হাবিলদাৰজনৰ পৰিয়ালক তেওঁৰ মৃতদেহটো উদ্ধাৰ হোৱাৰ খবৰ দিয়া হৈছে।
উত্তৰাখণ্ডৰ চামুলি জিলাৰ নিৱাসী ৰাজেন্দ্ৰ সিং নেগীয়ে ২০০১ চনত ভাৰতীয় সেনা বাহিনীত যোগদান কৰিছিল।
নেগীৰ পত্নী ৰাজেশ্বৰী দেৱীয়ে তিনি সন্তানৰ সৈতে বৰ্তমান ডেহৰাডুনত বাস কৰে।
জানিব পৰা মতে অহা ১৯ আগষ্টত হাবিলদাৰ ৰাজেন্দ্ৰ সিংহ নেগীৰ শেষকৃত্য উত্তৰাখণ্ডৰ ডেহৰাডুনতে সম্পন্ন কৰা হ’ব।