• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনুসূচিত জাতিৰ বাবে বোকাখাত সমষ্টি সংৰক্ষণৰ দাবী

অনুসূচিত জাতি সমন্বয়ৰক্ষী উন্নয়ন সমিতিৰ দাবী

উত্তম শইকীয়া by উত্তম শইকীয়া
August 20, 2020 7:31 pm
SC reservation demanded for Bokakhat LAC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনুসূচিত জাতি সমন্বয়ৰক্ষী উন্নয়ন সমিতিয়ে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত ৯৩নং বোকাখাত সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ দাবী জনাইছে।

লগতে দেৰগাঁৱক মহকুমা ঘোষণা কৰি বোকাখাত মহকুমাৰ লগত সামৰি বোকাখাতক জিলা হিচাবে ঘোষণা কৰাৰ বাবেও সমিতিয়ে দাবী জনায়।

Apply Now

বোকাখাতৰ পুৱতি সাহিত্য সভাৰ প্রেক্ষাগৃহত অনুষ্ঠিত সংগঠনটোৰ বোকাখাত জিলা সমিতিৰ এক বিশেষ কার্যনির্বাহক সভাত আজি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷

সংগঠনটোৰ সভাপতি ৰাতুল দাসৰ পৌৰোহিত্যত অনুষ্ঠিত আজিৰ কাৰ্যনিৰ্বাহক সভাত আন কেতবোৰ গুৰুত্বপূৰ্ণ সিধান্তও গ্ৰহন কৰে৷

সভাৰ শেষত আয়োজিত এক সংবাদমেলত সংগঠনটোৰ মুখ্য উপদেষ্টা বকুল হাজৰিকাই সাংবাদিকৰ আগত সভাত গৃহীত প্ৰস্তাৱসমূহ দাঙি ধৰে৷

১৬টা উপজাতিৰে গঠিত ও সাংবিধানিকভাৱে স্বীকৃত অনুসূচিত জাতিৰ লোকসকলৰ বাবে স্বায়ত্ত শাসন প্রদান কৰিবৰ বাবেও ভাৰত চৰকাৰক  দাবী জনায় আজিৰ কাৰ্যনিৰ্বাহৰ সভাই।

বোকাখাত পৌৰসভাৰ ৩নং ৱার্ডটো পূর্বতে অনুসূচীত জাতিৰ বাবে বিশেষভাৱে সংৰক্ষিত আছিল, কিন্তু যোৱা দুটা পৌৰসভা নিৰ্ব্বাচনত অসম চৰকাৰে এই সংৰক্ষণ উঠাই দিয়াৰ প্ৰতিবাদ জনাই ৱার্ডটো  পুনৰ অনুসুচীত জাতিৰ বাবে সংৰক্ষণ কৰিবৰ বাবেও সভাই দাবী জনায়৷

ইয়াৰ উপৰিও পানবাৰী আদৰ্শ গাওঁৰ আঁচনি সম্পূৰ্ণ কৰা, বোকাখাত সমষ্টি তথা বোকাখাত মহকুমাত থকা অনুসূচীত জাতিৰ লোকসকলৰ প্রকৃত আৰু শুদ্ধভাবে লোকপিয়ল কৰা, বোকাখাত মহকুমাত অতীজৰে পৰা বসবাস কৰি অহা অনুসুচীত জাতিৰ লোকসকলক বিধিগত ভাৱে ভূমিৰ পট্টা প্ৰদান কৰা, মহকুমাটোৰ অন্তর্গত গেলাবিল নদী, ধনশিৰি আৰু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ কৰা আৰু ইয়াৰ দাঁতি কাষৰীয়া বানবিধস্ত অঞ্চলসমূহৰ গৃহহীন পৰিয়াল সমূহক তাৎক্ষণিকভাৱে পুনৰ সংস্থাপন আৰু ক্ষতিপুৰণ প্ৰদান কৰা, বোকাখাত মহকুমাত থকা চৰকাৰী, বেচৰকাৰী কাৰ্যালয়ত কৰ্মৰত অনুসূচীত জাতিৰ বিষয়া-কর্মচাৰীৰ অনুসূচীত জাতি প্রমাণপত্র সমূহ পৰীক্ষা কৰি ভূৱা প্রমান পত্ৰৰ ক্ষেত্ৰত উচিত তদন্ত কৰি শাস্তিমূলক ব্যৱস্থা হিচাবে তাৎক্ষণিকভাবে বৰ্খাস্ত কৰিবলৈ অসম চৰকাৰৰ বিভাগীয় কর্তৃপক্ষক দাবী জনোৱাৰ উপৰিও মুঠ ১৭টা দাবী আজিৰ কাৰ্যনিৰ্বাহক সভাই গৃহীত কৰে  বুলি জনায় মুখ্য উপদেষ্টা বকুল হাজৰিকাই৷

সংবাদ মেলত সংগঠনটোৰ বোকাখাত জিলাৰ সভাপতি ৰাতুল দাস, সম্পাদক মনোজ দাস, কাৰ্যকৰী সভাপতি অপুৰ্ব দাসৰ লগতে বিভিন্ন বিষয়ববীয়াও উপস্থিত থাকে৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd