• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শীঘ্ৰেই হ’ব নেকি ক’ৰ’না কালৰ অৱসান! : দেখা গৈছ বিশ্বৰ লগতে ভাৰতবাসীৰ বাবেও আশাৰ ৰেঙণি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 23, 2020 3:13 pm
corona-2-jpg_710x400xt
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বই কোবিড১৯ৰ সন্ত্ৰাসত সন্ত্ৰস্ত। এক ৰুদ্ধশ্বাস পৰিস্থিতি সমগ্ৰ বিশ্বত।

তেনে সময়তে বিশ্ববাসীৰ লগতে ভাৰতীয়সকলৰ বাবে আহিছে এটা অতি ভাল খবৰ। বিশ্বত প্ৰায় চাৰিটা কোভিড ভেকচিনৰ তৃতীয় তথা শেষ পৰ্যায় ট্ৰায়েলৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে।

Apply Now

কেই সপ্তাহ মানৰ পূৰ্বে ৰাছিয়াই দাবী কৰিছিল মহামাৰী কোভিড১৯ৰ ভেকচিন আৱিষ্কাৰ কৰাৰ কথা। ৰাছিয়াই ইতিমধ্যে ভেকচিনৰ বাণিজ্যিক উৎপাদনো আৰম্ভ কৰিছে।

চলিত সপ্তাহতে আমেৰিকাৰ ফাইজাৰে দাবী কৰে যে মৰ্ডানাই প্ৰস্তুত কৰা কোভিড ভেকচিন শেষ পৰ্যায়ৰ ট্ৰায়েল আৰম্ভ কৰা হৈছে।

এই পর্যায়ত ভেকচিনটো ১৩ হাজাৰৰো অধিক স্বেচ্ছাসেৱকৰ শৰীৰত ট্ৰায়েল কৰা হ’ব। ইয়াৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে।

ইফালে ভাৰত বায়’টেকে ভাৰতত কোভিকচিন নামৰ এটা কোভিড ভেকচিন নিৰ্মাণ কৰি ইতিমধ্যে মানৱ শৰীৰত ট্ৰায়েল চলাই আছে।

তেনে সময়তে অক্সফোৰ্ডৰ ভেকচিনটোৱে অহা ২২ আগষ্টৰ পৰা বিশ্বৰ ১৭ খন দেশত তৃতীয় পৰ্যায়ৰ ট্ৰায়েল আৰম্ভ কৰিব।

ইয়াৰ মাজতে প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ছেৰামে আৰু মাত্ৰ ৭২ দিনৰ পিছতে বিশ্বই মহামাৰী কোভিড১৯ৰ প্ৰতিষেধক লাভ কৰিব বুলি দাবী কৰিছে। আৰু ভাৰতীয়সকলে এই কোভিড ভেকচিন লাভ কৰিব বিনামূ্ল্যে!

উল্লেখ্য যে বিশ্বৰ বৃহত্তম ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ভাৰতৰ ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ছুইডিছ প্ৰতিষ্ঠান আষ্ট্ৰাজেনাকাৰে বাণিজ্যিক ভাৱে উৎপাদন কৰিবলৈ চুক্তিৱদ্ধ হোৱা অক্সফোৰ্ড কোভিড ভেকচিন কোভিডশ্বীড ইতিমধ্যে ভাৰতত দ্বিতীয়টো মানৱ শৰীৰৰ পৰীক্ষণ সম্পন্ন হৈ গৈছে।

এই ভেকচিনটোৰেই অহা ২২ আগষ্টৰ পৰা বিশ্বৰ ১৭ খন দেশত তৃতীয় পৰ্যায়ৰ ট্ৰায়েল আৰম্ভ কৰা হ’ব।

এই ট্ৰায়েলত উক্ত ১৭ খন দেশৰ প্ৰতিখনতে ১০০ জনকৈ মুঠ ১৭০০ স্বেচ্ছাসেৱকৰ শৰীৰত ভেকচনিটোৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে।

এই ট্ৰায়েল সফল হ’লেই ভেকচিনটো বিশ্ববাসীৰ বাবে মুকলি কৰি দিব প্ৰস্তুতকাৰী প্ৰতিষ্ঠান দুটাই।

ছেৰাম ইনষ্টিটিউটৰ সূত্ৰই জনোৱা অনুসৰি আষ্ট্ৰাজেনেকাৰ সৈতে ছেৰামে ভাৰতৰ লগতে বিশ্বৰ ৯২ খন দেশত কোভিডশ্বীলৰ একচেটীয়াভাৱে বিক্ৰীৰ কৰাৰ স্বত্ত্ব লাভ কৰিছে।

ইফালে ভাৰত চৰকাৰে ছেৰাম ইনষ্টিটিউটক জনাইছে যে তেওঁলোকৰ ভেকচিনটো সংগ্ৰহ কৰি সকলো ভাৰতীয়কে টিকাকৰণৰ ব্যৱস্থা কৰিব।

ইয়াৰ অংশ হিচাপে ছেৰাম ইনষ্টিটিউটে ১৩০ কোটি ভাৰতবাসীৰ ভিতৰত ৬৮ কোটিৰ বাবে ভেকচিন প্ৰস্তুত কৰিব বুলি জানিব পৰা গৈছে।

আৰু বাকী থকা ভাৰতীয় লোকসকলক আইচিএমআৰ আৰু ভাৰত বায়’টেকৰ ‘কোভিকচিন’ আৰু জাইডাচ কাডিলাৰ ‘জাইকোড-ভি’ প্ৰতিষেধক দিয়া হ’ব পাৰে!

ছেৰামৰ সূত্ৰৰ মতে ইতিমধ্যে ছেৰাম ইনষ্টিটিউটে মাহে ৬ কোটি ড’জ উৎপাদন কৰিছে। ২০২১ বৰ্ষৰ এপ্ৰিলৰ মাজ ভাগত ইয়াৰ উৎপাদন প্ৰতি মাহে ১০ কোটিলৈ বৃদ্ধি কৰা হ’ব।

ইফালে বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনে জনাইছে যে তেওঁলোকে দুখীয়া দেশসমূহত ১০ কোটি ড’জ কোভিড ভেকচিন উৎপাদনৰ বাবে ছেৰামক ১৫০ মিলিয়ন ড’লাৰ অৰ্থাৎ প্ৰায় ১১২৫ কোটি টকা প্ৰদান কৰিব।

সেয়ে পূৰ্ব নিৰ্ধাৰিত মূল্য ১০০০ টকাৰ পৰিৱৰ্তে ইয়াৰ বজাৰ মূল্য ২৫০ টকালৈ হ্ৰাস কৰিবলৈ সক্ষন হৈছে উৎপাদনকাৰী প্ৰতিষ্ঠানে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd