সুশীলাৰ লগত কথা পতাৰ পাছত বহুদেৰিলৈকে মৌন হৈ ৰ’লো। এনে নহয় যে ইয়াৰ আগত এনে কথা শুনা নাই। বৰঞ্চ অনৱৰতে এই ঘটনাবিলাকৰ লগত লাগি থাকি অস্থিৰ হৈ পৰো।
সুশীলাক গাঁৱৰে দুজন ল’ৰাই হায়দৰাবাদত চাকৰি(মানুহৰ ঘৰত কাম কৰিবলৈ) লৈ গৈছিল। তাইৰ যাবৰ মন নাছিল যদিও মাক দেউতাকৰ কৰুণ মুখকেইখন দেখি গুছি গ’ল। অন্তত দুসাজ ভালকৈ খাই বৈ ঘৰলৈও টকা পঠাব পৰা যাব!!
মোৰ সহকৰ্মী চিতলে পুলিচৰ লগ হৈ সুশীলাক গুজৰাটত নাৰী ব্যৱসায়ীৰ হাতৰ পৰা উদ্ধাৰ কৰিলে। তাই অসমীয়া নাজানে বাবে মোৰ লগত কথা পতাই ঘৰৰ ঠিকনা আৰু অন্যান্য খবৰবোৰ লিখি ল’লে। আমি সুশীলাক অসমলৈ ওভতাই অনাৰ ব্যৱস্থা কৰিলো।
কিন্তু কথাবোৰ সিমানতে শেষ নহয়। সুশীলাৰ মানসিক আৰু শাৰিৰীক অৱস্থাৰ খবৰ ৰাখিবলৈ কোন আগবাঢ়ি আহিব? আইনী প্ৰক্ৰিয়া এটাৰ মাজেৰে তাইক এটা নতুন জীৱনৰ বাট দেখুৱাব পৰা যাব হয়তো! কিন্তু ই কিমান ফলপ্ৰসূ হয় বাস্তবিকতে??
মানৱ সৰৱৰাহীৰ কৱলৰ পৰা উদ্ধাৰ কৰা এগৰাকী ভুক্তভোগীক জিলা ন্যায়িক আইন সেৱা প্ৰাধিকৰনৰ পৰা প্ৰথমে সাময়িক ক্ষতিপূৰণ দিয়া হয়। পৰৱৰ্তী পৰ্যায়ত দোষীক দোষী সাৱস্ত্য কৰা হ’লে সম্পূৰ্ণ ক্ষতিপূৰণ দিয়া হয়। অন্যান্য আৰ্থিক সাহায্যৰ নিৰ্দেশাৱলী ও আইনে আগবঢ়াইছে। কথাবোৰ খুব জটিল তথাপি আমি আওকাণ কৰিব নালাগে। আমাৰ অনুমতিৰ অবিহনে কোনো লোক কোঠালৈ হঠাতে সোমাই আহিলেই আমাৰ খং উঠে, অলপ হয়তো আত্মসন্মানতো লাগে। তেনে সময়তে যদি বেলেগ এগৰাকী ব্যক্তিৰ ইচ্ছাৰ বিপৰীতে গৈ আমি তেওঁৰ শৰীৰটোক তচ্ নচ্ কৰি পেলাওঁ, কি হ’ব পাৰে তেওঁৰ মানসিক অৱস্থা, ই সহজে অনুমেয়।
যোৱা ৩০ জুলাই তাৰিখে “বিশ্ব মানৱ সৰৱৰাহ বিৰোধী দিৱস” পালন কৰা হয়। বহু Webinar হ’ল, আলোচনা হ’ল, কাকত প্ৰৱন্ধ ওলাল ইত্যাদি ইত্যাদি। মই যেতিয়া সুশীলাৰ লগত কথা পাতি আছিলো, মই খুব অসহায় অনুভৱ কৰিছিলো। এনে আলোচনা, Webinar সকলো অৰ্থহীন যেন লাগিছিল। তাই খুব কাতৰেৰে কৈছিল “মোক সোনকালে ইয়াৰ পৰা লৈ যাওক বাইদেউ…।” তাই হয়তো ভাৱিছে ঘৰ পালেহিয়েই তাইৰ সকলো সমস্যা শেষ হৈ যাব। মই জানো, ঘৰত তাইৰ বাবে বেলেগ এখন দুনীয়া ৰৈ আছে। আমাৰ মনলৈ বাৰে বাৰে প্ৰশ্ন আহে ইমানবোৰ আইন-আদালত, পুলিচ, নীতি নিয়ম, সামাজিক গৱেষক, সজাগ জনসাধাৰণ থকাৰ পিছতো কিয় মানুহক বিক্ৰী কৰা হয়? এই অতি অমানৱীয় কাণ্ড কেৱল টকাৰ বাবেই কৰেনে? বৰ্তমান সময়ৰ আটাইতকৈ লাভজনক ব্যৱসায়েই মানব সৰৱৰাহ। ড্ৰাগছৰ পাছতে মানৱ সৰৱৰাহৰ ভয়াৱহতা সমগ্ৰ বিশ্ব জুৰি বিয়পি পৰছে।
বিশেষকৈ অসমৰ পৰা সদায়ে বাহিৰৰ ৰাজ্যলৈ গৈ আছে শ শ শিশু তথা মহিলা। লকডাউনৰ ফলত হাজাৰ হাজাৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা কঙাল হৈ পৰাৰ ফলত এই অপৰাধৰ পৰিমান দুগুণ বাঢ়ি যোৱাৰ সম্ভাৱনা অধিক।
আমি কি কৰিব পাৰোঁ এগৰাকী সাধাৰণ নাগৰিক হিচাপে!
১. নিজৰ অঞ্চলৰ দৰিদ্ৰ (যাক সহজ লক্ষ্য হিচাপে লোৱা হয়) লোকসকলক সচেতন কৰা উচিত যাতে কোনোৱে তেওঁলোকৰ সন্তানক ফুচুলাই নিব নোৱা।
২. কোনো লোক বাহিৰলৈ কাম কৰিবলৈ যাব লগা হ’লে গাঁওবুঢ়া, পঞ্চায়ত, স্থানীয় পুলিচ আদিক লিখিতভাৱে জনাই যাব লাগে যাতে ভৱিষ্যত বিপদৰ পৰা নিজক বচাব পাৰে।
৩. Anti human trafficking unit ( AHTU) ক প্ৰত্যেক জিলাতে অধিক সক্ৰিয় ৰূপত পুনঃনিৰ্মাণ কৰিব লাগে।
৪. বানপানী আৰু লকউনৰ ফলত অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰা অঞ্চলসমূহত গাঁওৰক্ষী বাহিনীক অধিক সক্ৰিয় কৰিব লাগে।
৫. দৰিদ্ৰতাৰ কবলত পৰি যাতে বাধ্য হৈ কোনো লোক মানৱ সৰৱৰাহৰ দৰে জঘন্য অপৰাধৰ ভূক্তভোগী হ’ব লগা নহয় তাৰ বাবে চৰকাৰে তৎকালে কিছুমান কল্যাণমূলক আচঁনি কাৰ্য্কৰী কৰিব লাগে।
তাৰবাহিৰেও সমাজৰ একোজন দায়বদ্ধ নাগৰিক হিচাপে আমি সামাজিক মাধ্যমৰ জৰিয়তে হওক বা আন ধৰণে হওক সজাগতা গঢ়ি তুলিব লাগে।
আহক আমি প্ৰত্যেকে নিজকে প্ৰতশ্ৰুতি দিওঁ যে পাঁচজনৰ ভিতৰত অন্তত এজন শিশু অথবা ব্যক্তিক মানৱ সৰৱৰাহীৰ কৱলৰ পৰা ৰক্ষা কৰোঁ।
এনে অপৰাধৰ বিষয়ে অৱগত হোৱাৰ লগে লগে অনুগ্ৰহ কৰি যোগাযোগ কৰক :-
১. 100 আৰক্ষীৰ নম্বৰ।
২. 1098 চাইল্ড লাইন নম্বা।
৩. 18001027222 বচপন বচাও আন্দোলনৰ নম্বৰ।
লেখিকা, আইনী পৰামৰ্শদাতা আৰু ৰাজ্যিক সমন্ৱয়ক, অসম বচ্পন বচাও আন্দোলন, নতুন দিল্লী,
যোগাযোগ নম্বৰ ৯২০৫৫৮৫৯৬৬