• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এহাল বৃদ্ধ দম্পতিৰ বাবে আতংকৰ কাৰণ হৈছে উঠিছে নিজৰেই পুত্ৰ : শিকলিৰে বান্ধি থোৱা হৈছে পুত্ৰক

উপদ্ৰৱ সহিব নোৱাৰি লোৰ শিকলিৰে নিজৰ ঘৰতে বান্ধি ৰাখিব লগা হৈছে যুৱক জনক

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
August 27, 2020 7:58 am
Polish_20200826_233254799
871
VIEWS
Share on FacebookShare on Twitter

কিমান মৰ্মাহত হ’লে এহাল বৃদ্ধ দাম্পতিৰ দুহাল চকুৰে নিগৰিব পাৰে তপত চকুলো! জীৱনত কিমান দুখৰ তিক্ততাপূৰ্ণ দিন পাৰ কৰিলে ক’ব পাৰে “আৰু মানুহৰ জন্ম নালাগে প্ৰভূ… কিয় ইমান দুখ দিছে ভগবানে..!”

এনে এক অন্তহীন হতাশা আৰু চৰম বিপৰ্যয়ৰ মাজত এতিয়া দিন পাৰ কৰিছে নগাঁও জিলাৰ পুৰণিগুদামৰ নিকটৱৰ্ত্তী তেলীয়াগাঁৱৰ এহাল সত্তৰ উৰ্ধ্বৰ বৃদ্ধ-বৃদ্ধায়ে।

এখন ঘৰ থাকিও নিশা কটাইছে চুবুৰীয়াৰ চৌহদত, এজন পুত্ৰ থাকিও দুবেলা দুমুঠিৰ বাবে বৃদ্ধ দাম্পতিয়ে কৰিলগীয়া হৈছে হাহাকাৰ।

চকুৰ সন্মুখতে যেন তিলতিলকৈ নিঃশেষ হৈ গৈছে বৃদ্ধ-বৃদ্ধা হালে গাঁঠিৰ ধন ভাঙি সজা হেঁপাহৰ ঘৰখন, ভিতৰৰ এপদ এপদ কষ্টোপাৰ্জিত সা-সামগ্ৰীও।

কাৰণ বৃদ্ধ দাম্পতি হালৰ একমাত্ৰ মেধাৱী পুত্ৰ বিগত কেইবা বছৰ ধৰি ৰোগীয়া। দহ বছৰ পূৰ্বে হাইদৰাবাদৰ পৰা ওভতি অহাৰ পিছৰ পৰায়ে পুত্ৰ পাপুল শইকীয়া মানসিক ভাৱে ভাৰাসাম্যহীন হৈ পৰাৰ পৰিণতিত এতিয়া প্ৰতি মুহুৰ্ততে আতংকিত হৈ থাকিব লগীয়া হৈছে পিতৃ-মাতৃৰ লগতে সমগ্ৰ অঞ্চলবাসী।

মানসিক ভাৰাসাম্যহীন উদণ্ড পাপুলে নিজৰ ঘৰৰে সমূহ সা-সামগ্ৰীৰ সমুলঞ্চে বিনষ্ট কৰাৰ উপৰিও বৃদ্ধ দাম্পতিৰ একমাত্ৰ উপাৰ্জনৰ থল স্বৰূপ ঘৰৰ সন্মুখৰ দোকান খনো ভাঙি লণ্ডভণ্ড কৰাত এতিয়া চৰম বিপাঙত পৰিছে নিঃসহায় বৃদ্ধ-বৃদ্ধা হাল।

ইফালে কেৱল নিজৰ ঘৰতে নহয়, চৰম উদ্ভণ্ডালিৰে ওচৰ চুবুৰীয়াকো নিতৌ যথেষ্ট অসুবিধাত পেলাইছে ৰোগীয়া পাপুলে।

নিজ পিতৃ মাতৃ, চুবুৰীয়াক বহু সময়ত উপৰ্যুপৰি আক্ৰমণ কৰি কেইবাবাৰো আহত কৰাত বৰ্তমান চৰম নিৰাপত্তাহীনতাত ভুগিছে বৃদ্ধ দাম্পতি হালৰ লগতে সমীপৱৰ্ত্তী বহু সংখ্যক পৰিয়ালো।

যুৱক জনক তেজপুৰ মানসিক চিকিৎসালয়ে বহু কেইমাহ ৰখি পুনৰ ঘৰলৈ পঠিয়াই দিয়াৰ পিছত নিতৌ উপদ্ৰৱ কৰিবলৈ ধৰিছে পিতৃ-মাতৃৰ লগতে চুবুৰীয়াৰ ওপৰত।

উপায়ন্তৰ হৈ চুবুৰীয়াই বিষয়টোৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে বহুবাৰ স্থানীয় আৰক্ষী তথা প্ৰশাসনক কাকূতি-মিনতি কৰিও কোনো পল পোৱা নাই।

ফলত উপায়ন্তৰ হৈ স্থানীয় একাংশ লোকে যুৱকজনক লোৰ শিকলিৰে বান্ধি থৈছে নিজৰ ঘৰতে।

অৱশ্যে শীঘ্ৰে মানসিকভাৱে বাধাগ্ৰস্ত যুৱক জনক উপযুক্ত চিকিৎসা আৰু আশ্ৰয় প্ৰদান কৰি পৰিয়ালটোৰ লগতে ওচৰ-চুবুৰীয়া ৰাইজক বিপদমুক্ত কৰিবৰ বাবে প্ৰশাসনক কাতৰ আহ্বান জনাইছে স্থানীয় লোকে।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd