• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জন্মদিনৰ পাৰ্টি চলি থাকোতে ভাঙি পৰিল ৰেষ্টোৰাঁ : ২৯ গৰাকী লোক নিহত আৰু আহত ৩০

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2020 4:50 pm
aa-Cover-hvc1839lu9pnr73g04o07t2ks6-20200830104304.Medi
416
VIEWS
Share on FacebookShare on Twitter

জন্মদিনৰ পাৰ্টি চলি থকা অৱস্থাত এখন ৰেষ্টোৰেণ্ট ভাঙি অতি কমেও ২৯ জন লোকৰ মৃত্যু ঘটিছে।

এই কৰুণ দুৰ্ঘটনাটো ঘটিছে চীনৰ চানজি প্ৰদেশৰ জিয়াংফেন অঞ্চলত।

স্থানীয় সূত্ৰৰ খবৰ মতে শনিবাৰে জিয়াংফেন অঞ্চলৰ জুজিয়াং নামৰ এখন ৰেষ্টোৰেণ্টত এজন লোকৰ জন্মদিনৰ পাৰ্টি আয়োজন কৰা হৈছিল। উক্ত পাৰ্টিত প্ৰায় ৭০০ জন লোক উপস্থিত আছিল।

উক্ত জন্মদিনৰ পাৰ্টিত অভ্যাগতসকলে আনন্দ উপভোগ কৰি থকাৰ সময়তে হঠাতে ৰেষ্টোৰেণ্টৰ দুই মহলীয়া বিল্ডিঙটো খহি পৰে।

বিল্ডিঙটো খহি পৰাৰ ফলত তাত উপস্থিত থকা সকলো লোক ধ্বংসস্তূপত আৱদ্ধ হৈ পৰে। আৰু ইয়াৰে ৯০ জন লোক ধ্বংসস্তূপৰ তলত সোমাই পৰে।

দুভাৰ্গ্যজনক ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰে।

দেওবাৰে দুপৰীয়ালৈকে উদ্ধাৰকাৰী দলে বিল্ডিঙটোৰ ধ্বংসস্তূপৰ তলত সোমাই পৰা ৯০ জন লোকৰ মাজৰ ২৯ জন লোকক মৃত অৱস্থাত আৰু অন্য ৬০ গৰাকীক আহত অৱস্থাত উদ্ধাৰ কৰিছে।

আহতসকলক ততালিকে চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ইয়াৰে অধিক সংখ্যকৰে অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

স্থানীয় প্ৰশাসনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে জন্মদিনৰ পাৰ্টি চলি থকা অৱস্থাত হঠাতে এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু এতিয়াও দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই।

তদন্তকাৰী দলে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ ৰেষ্টোৰাঁখনৰ কৰ্তৃপক্ষকক জেৰা কৰি দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd