• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিত যোগদান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ‘গুৰুত্বহীন’ মুখ্য সাংগঠনিক সম্পাদকসহ ২৬ সদস্যৰ

টিআৰপি শেষ! আৰু বহু কৃষক মুক্তিৰ শীৰ্ষ নেতাৰ সোঁত ব’ব বিজেপিলৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 31, 2020 3:54 pm
KMSSS Final
389
VIEWS
Share on FacebookShare on Twitter

শিল্পীৰ পিছে পিছে এইবাৰ বিজেপিৰ নিৰ্বাচনী টোপ গিলিবলৈ আৰম্ভ কৰিছে জাতীয় সংগঠনৰ বহু নেতা-সদস্যই।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পদত্যাগী বহু নেতা তথা সদস্যই আজি আনুষ্ঠানিকভাৱে গেৰুৱা সাজ পিন্ধে।

কিছু দিন পূৰ্বলৈকে ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিজেপিক নানা ৰকমে কটাক্ষ কৰি ৰাজপথ কঁপাই তোলা একাংশ নেতা-কৰ্মীয়ে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক লেখন হাজৰিকা, লখিমপুৰ জিলাৰ সাংগঠনিক সম্পাদক ৰূপেশ্বৰ গগৈ, লখিমপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বাপধন মিৰিকে ধৰি মুঠ ২৬ গৰাকীয়ে আজি গেৰুৱা দলৰ সৈতে চামিল হয়।

বিজেপিত যোগদান কৰি লেখন হাজৰিকাই নিজৰ গুৰুত্ব কৃষক মুক্তি সংগ্ৰাম সমিতিত নোহোৱা হ’ল বুলি সদৰী কৰে।

তেওঁ কয় ‘মই ২০০৮ চনৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিত আছিলো। পুৰণা হৈ অহাৰ লগে লগে পুৰণাখিনিক দলীয় নেতৃত্বই বাদ দিয়ে, নতুন নেতৃত্বক গুৰুত্ব দিয়ে। গুৱাহাটীত যি হৈ থাকে সেয়া গাঁৱৰ লোকে গম নাপায়। সমন্বয়, সহায় সহযোগিতা পুৰণা হৈ অহাৰ লগে লগে কমি যায়। তেনেকুৱা ঠাইত থকাকৈ নথকাই ভাল।‘

ইপিনে, কিছুদিন পূৰ্বলৈকে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বেনাৰত ‘কা’ বিৰোধী আন্দোলন কৰি বিজেপিক কটাক্ষ কৰি থকা নেতাৰ মুখতো অভিনেতা যতীন বৰাৰ দৰে ‘আৱেগিক’ হৈ আন্দোলন কৰা বুলিহে উচ্চাৰিত হয়।

‘আজিৰ দিনটোলৈকে অসমৰ কোনো এখন ঠাইত ‘কা’ৰ জৰিয়তে বহিৰাগত লোক আনি সংস্থাপন দিয়া বুলি শুনা নাই। এতিয়া ‘কা’ আইনখন সমৰ্থন কৰিম। বিভিন্ন সংবাদ মাধ্যমত ওলাই আছিল যে দুই কোটি ডেৰ কোটি বাংলাদেশী আহিব বুলি হিচাপ দি আছিল। সকলো ৰাইজ ওলাই অহা বাবে আৱেগিক হৈ ময়ো ওলাই আহিছিলো। জনসাধাৰণৰ বাবে কৰিছে যিহেতু ভালেই হ’ব আইনখন।‘ লেখন হাজৰিকাই এইদৰে কয়।

ইপিনে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বহু বিয়াগোম নেতাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব বুলি দাবী কৰে প্ৰাক্তন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা তথা বৰ্তমানৰ বিজেপিৰ পেনেলিষ্ট হিৰণ্য পাঠৰীয়ে।

তেওঁ কয় ‘কৃষক মুক্তিৰ বহু বিয়াগোম নেতাই কৃষক মুক্তি সংগ্ৰাম সমিতিত যোগদান কৰিব। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজনৈতিক দল গঠন হোৱাৰ পূৰ্বে সৰহ সংখ্যক নেতাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। অখিল গগৈৰ সোঁহাত-বাঁওহাত আৰু কেন্দ্ৰীয় বহু বিয়াগোম নেতাই যোগদান কৰিব। বৰ্তমানো আলোচনা চলি আছে। আজি এয়া আৰম্ভণিহে মাথো।‘

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd