• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজস্থানৰ চম্বল নদীত ভয়ংকৰ নাও দুৰ্ঘটনা : শিশু-মহিলাসহ ১৪ গৰাকী তীৰ্থযাত্ৰীৰ সলিল সমাধিৰ আশংকা!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2020 2:48 pm
rescue-888245-1600238496
908
VIEWS
Share on FacebookShare on Twitter

ৰাজস্থানৰ চম্বল নদীত সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা।

বুধবাৰে পুৱা হোৱা উক্ত নাও দুৰ্ঘটনাটোত অতি কমেও ১৪ গৰাকী লোকৰ সলিল সমাধি ঘটাৰ আশংকা কৰিছে স্থানীয় প্ৰশাসনে।

স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি বুধবাৰে(আজি) পুৱা ৰাজস্থানৰ কোটা জিলাৰ খাটুলি অঞ্চলৰ বিখ্যাত মন্দিৰ কমলেশ্বৰ ধামলৈ পূজা দিয়াৰ মানসেৰে চম্বল নদীয়েদি এখন নাৱেৰে ৪০-৫০ গৰাকী তীৰ্থযাত্ৰীয়ে যাত্ৰা কৰিছিল।

তীৰ্থযাত্ৰী লৈ যাত্ৰা কৰি থকা নাওখন হঠাতে পানীৰ মাজত দুঘৰ্টনাত পতিত হয়।

দুৰ্ঘটনাগ্ৰস্ত নাওখনত থকা তীৰ্থযাত্ৰীসকলৰ কিছু সংখ্যকে সাঁতুৰি জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈ যদিও বহু যাত্ৰী সন্ধানহীন হৈ আছে।

স্থানীয় প্ৰশাসনে নাও দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে স্থানীয় লোক আৰু আৰক্ষীৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে।

পিটিআইৰ বাতৰি অনুসৰি এছডিআৰএফৰ বাহিনীয়ে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰি ২০-২৫ গৰাকী সন্ধানহীন লোককউদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত চাৰিজনক মৃত অৱস্থাত উদ্ধাৰ কৰিছে অভিযানকাৰী দলে।

বৰ্তমানেও ১০ জনৰো অধিক লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।

পুৱা প্ৰায় ৮.৪৫ বজাত সংঘটিত নাও দুৰ্ঘটনাটোত সন্ধানহীন হোৱা এই লোকসকল সলিল সমাধি ঘটাৰ আশংকা কৰিছে স্থানীয় প্ৰশাসনে।

“বুধবাৰে পুৱা ৮.৪৫ বজাত বুন্দী জিলাৰ ইন্দাৰগড়ৰ ৪০ জনৰো অধিক তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন নাও কোটা জিলাৰ খাটুলিৰ চম্বল নদীত দুৰ্ঘটনাত পতিত হৈছে।” কোটাৰ গ্ৰাম্য জিলাৰ আৰক্ষী অধীক্ষক চাৰদ চৌধুৰীয়ে পিটিআইৰ আগত কয়।

“উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে।” তেওঁ লগতে কয়।

পিটিআইৰ বাতৰি অনুসৰি উক্ত তীৰ্থযাত্ৰীসকলৰ মাজত শিশু আৰু মহিলাও আছিল।

উল্লেখ্য যে, ক’ৰ’ণা সংক্ৰমণৰ কাৰণে কমলেশ্বৰ ধাম দীৰ্ঘ দিন ধৰি বন্ধ হৈ আছিল। কিছুদিন পূৰ্বে চৰকাৰী স্বাস্থ্য বিধি মানি মন্দিৰটো পুনৰ মুকলি কৰা হৈছিল।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd