২০১৮ চনৰ এটা মানহানিৰ গোচৰত দিল্লীৰ ছাকেত আদালতে শনিবাৰে ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি এই গোচৰটো ২০১৮ চনৰ মে’ মাহত ধ্ৰুৱ ৰাঠীয়ে প্ৰকাশ কৰা এটা ভিডিঅ’ৰ সৈতে জড়িত। অভিযোগ অনুসৰি উক্ত ভিডিঅ’টোত ৰাঠীয়ে দাবী কৰিছিল যে ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপিৰ আই টি কোষে তেওঁক বদনামী কৰিবলৈ এজন ব্যক্তিক উৎকোচ দিয়াৰ চেষ্টা কৰিছিল। সামাজিক মাধ্যমৰ একাউণ্টত ধ্ৰুৱ ৰাঠীয়ে প’ষ্ট কৰা এই ভিডিঅ’টো দিল্লীৰ তদানীন্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৰিটুইট কৰিছিল, যাৰ পাছত বিকাশ সাংকৃত্যায়ন ওৰফে বিকাশ পাণ্ডে নামৰ অভিযোগকাৰীগৰাকীয়ে ভিডিঅ’টো আৰু ইয়াৰ প্ৰচাৰক লৈ ৰাঠী তথা কেজৰিৱালৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল।
ইয়াৰ পূৰ্বে যোৱা ১২ অক্টোবৰত ছাকেত আদালতৰ এগৰাকী ন্যায়িক দণ্ডাধীশে ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে নতুনকৈ চমন জাৰি কৰাৰ নিৰ্দেশ দিছিল। অভিযোগকাৰী পক্ষই আদালতক অৱগত কৰিছিল যে গোচৰটো আৰম্ভ হোৱাৰে পৰা ৰাঠীলৈ চমন প্ৰেৰণ কৰাৰ বাবে বাৰে বাৰে চেষ্টা চলোৱা হৈছিল যদিও সেই সকলো প্ৰচেষ্টা ব্যৰ্থ হয়। অভিযোগকাৰীৰ অধিবক্তাগৰাকীয়ে আদালতত কয় যে ধ্ৰুৱ ৰাঠী বিদেশত বাস কৰা বাবেই কেইবাবছৰ ধৰি তেওঁলৈ চমন প্ৰেৰণ কৰিব পৰা নগ’ল। অৱশ্যে ঘটনাটো সংঘটিত হোৱাৰ সময়ত ৰাঠী ভাৰততে আছিল আৰু হাৰিয়ানাৰ গুৰুগ্ৰামস্থিত এটা ঠিকনাত বাস কৰি আছিল বুলি আদালতক জনোৱা হয়।
ন্যায়িক দণ্ডাধীশগৰাকীয়ে তথ্য পৰীক্ষা কৰি দেখে যে ২০১৯ চনৰ ২৩ জুলাইত ৰাঠীলৈ প্ৰথমবাৰৰ বাবে চমন জাৰি কৰা হৈছিল। ইয়াৰ পাছত ২০২৬ চনৰ ১৭ অক্টোবৰত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হয় আৰু উক্ত দিনটোতেই আদালতে ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে জামিনযোগ্য পৰোৱানা জাৰি কৰে। উল্লেখ্য যে দেশৰ বিভিন্ন প্ৰান্তত ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন চমুকৈ এছ আই আৰ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদসমূহলৈ ধ্ৰুৱ ৰাঠীয়ে নিজৰ সমৰ্থন আগবঢ়োৱাৰ সময়তে আদালতৰ এই নিৰ্দেশনাটো আহিছে। বেংগালুৰুত চি জে পিৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ উপৰি যোৱা ১০ অক্টোবৰত দিল্লীত চি জে পিয়ে আহ্বান জনোৱা প্ৰতিবাদৰ দিনা আৰক্ষীয়ে ৰাঠীক আটক কৰিছিল।
ইফালে সংবাদপত্ৰখনৰ তথ্য অনুসৰি আন এটা পৃথক গোচৰতো ধ্ৰুৱ ৰাঠীয়ে ছাকেত আদালতত মানহানিৰ গোচৰৰ সন্মুখীন হ’বলগীয়া হৈছে। এই দ্বিতীয়টো গোচৰো তেওঁৰ এটা ভিডিঅ’ৰ সৈতে জড়িত, য’ত ভগৱান ৰাম আৰু দেৱী সীতাই বনবাসৰ সময়ত মাংস আৰু সুৰা সেৱন কৰিছিল বুলি দাবী কৰাৰ অভিযোগ উঠিছে। উক্ত ভিডিঅ’টোৱে ধৰ্মীয় অনুভূতিত আঘাত হনা বুলি অভিযোগ তুলি অভিযোগকাৰীসকলে আদালতৰ দ্বাৰস্থ হৈছিল আৰু বৰ্তমান ২০১৮ চনৰ গোচৰটোত জাৰি হোৱা জামিনযোগ্য পৰোৱানাৰ পাছত ইউটিউবাৰগৰাকীৰ আইনী জটিলতা অধিক বৃদ্ধি পাইছে।





