• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙাত গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায় : অস্থায়ী বন কৰ্মীৰ লগতে ডিফুৰ পৰা আটক মানসিং তেৰাং

উত্তম শইকীয়া by উত্তম শইকীয়া
September 27, 2020 12:35 pm
Handcuff-1140x570

প্ৰতিনিধিত্বমূলক ফটো

235
VIEWS
Share on FacebookShare on Twitter

গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ২৫ ছেপ্তেম্বৰত কৰায়ত্ত কৰা চাৰিজন চোৰাং ব্যৱসায়ীৰ এজন ক’ভিড-১৯ৰ দ্বাৰা সংক্ৰমিত ৰোগী বুলি জানিব পৰা গৈছে।

এক গোপন তথ্যৰ আধাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ গগৈৰ নেতৃত্বত যোৱা এক অভিযানকাৰী দলে  যোৱা ২৫ ছেপ্তেম্বৰৰ নিশা গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত হাতীখুলি বৰবিল গাঁৱৰ ধনপুৰ কার্দং, ইংলে পথাৰৰ হৰিৰাম ইংতি, ৰামেশ্বৰ চিংনাৰ আৰু ৰঙগড়াৰ বিমান টাৰক কৰায়ত্ব কৰিছিল।

ধৃত চোৰাং ব্যৱসায়ী কেইজনৰ স্বাস্থ্য পৰীক্ষা কৰাওতে ধনপুৰ কার্দং ক’ভিড-১৯ত আক্রান্ত বুলি উদ্যান কর্তৃপক্ষই জানিবলৈ দিছে।

স্বাস্থ্য পৰীক্ষাৰ পিচতে ধৃত লোক কেইজনক আদালতত হাজিৰ কৰা হয়। ক’ভিড-১৯ত সংক্ৰমিত ধনপুৰ কাৰ্ডঙক ক’ভিড চিকিৎসালয়ত ভর্তি কৰাৰ লগতে কার্বি আংলং জিলাৰ ৰঙাগড়াৰ বিমান টাৰ’ক বন বিভাগৰ জিম্মাত দিয়াৰ বিপৰীতে ঘটনাৰ সৈতে জড়িত ইংলেই পথাৰৰ হৰিনাম ইংতি আৰু ৰামেশ্বৰ চিংনাৰক আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে।

ফটো : নৰ্থ-ইষ্ট নাও

উল্লেখযােগ্য যে ধৃত বিমান টাৰ’য়ে গঁড়ৰ খর্গৰ এটা টুকুৰা চলিত বৰ্ষৰ ১০ ছেপ্টেম্বৰত ডিফু নিৱাসী মানসিং তেৰাঙক দিয়া বুলি স্বীকাৰ কৰে।

বিমান টাৰ’ৰ স্বীকাৰোক্তিৰ আধাৰত কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকৰ তৎপৰতাত ডিফুৰ আৰক্ষীয়ে মানসিং তেৰাঙকো কৰায়ত্ত কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষক চমজাই দিয়ে৷ 

ইফালে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ অধীনত হাতী মাউত হিচাপে কাম কৰি থকা অস্থায়ী বন কৰ্মী অশােক ভূঞা আৰু হবিবুৰ ৰহমানো এই ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত কৰায়ত্ব কৰি আদালতত হাজিৰ কৰাইছে বন বিভাগে৷

২৬ চেপ্তেম্বৰৰ দিনা আদালতে দুয়ােজন অস্থায়ী বনকৰ্মীকে কাৰাগাৰলৈ প্রেৰণ কৰিছে।

ধৃত অস্থায়ী বন কৰ্মীদ্বয়ে ২০১৮ চনত ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কর্তব্যৰত অৱস্থাত এটা গঁড়ৰ খৰ্গ পায় কাৰ্বি আংলং জিলাৰ ইংলে পথাৰ নিৱাসী ৰামেশ্বৰ চিংনাৰক দিয়া বুলি ইতিমধ্যে স্বীকাৰ কৰিছে । ৰামেশ্বৰ চিংনাৰকো ইতিমধ্যে বন বিভাগে কৰায়ত্ব কৰিছে৷

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd