• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ধুবুৰী জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2018 2:55 pm
crime-against-women-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত চৰকাৰ আৰু বেচৰকাৰী সংস্থাসমূহে মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধ কমাবলৈ নানা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি অহা স্বত্তেও যে সফল হ’ব পৰা নাই তাৰেই জ্বলন্ত প্ৰমাণ হৈছে ৰাজ্যখনৰ ধুবুৰী জিলাত উদ্বেগজনকভাৱে  মহিলাৰ বিৰুদ্ধে ক্ৰমশ বাঢ়ি অহা অপৰাধৰ ঘটনাৰ বৰ্ধিত পৰিসংখ্যা। শেহতীয়াভাৱে জিলাখনৰ মুঠ আঠখন আৰক্ষী থানাত পঞ্জীয়ন হোৱা অপৰাধৰ তালিকাত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ বাঢ়ি অহাটো লক্ষ্য কৰা গৈছে ।

লাভ কৰা তথ্য অনুযায়ী,  ২০১৭ চনত ধুবুৰীৰ মুঠ ৮খন আৰক্ষী থানাত  পঞ্জীয়নভুক্ত হোৱা গোচৰৰ ভিতৰত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ ভিতৰত প্ৰতি মাহৰ গড় সংখ্যা আছিল ১৪৩টা যিটো ২০১৬ বছৰৰ গড় ৩১৮তকৈ অধিক।

Apply Now

আৰক্ষীৰ প্ৰতিবদনত প্ৰকাশ পোৱা মতে জিলাখনত  ২০১৭ চনত  মহিলাৰ বিৰুদ্ধে হত্যা, বলাৎকাৰ, অপহৰণ, যৌতুকজনিত মৃত্যু, যৌতুকজনিত হত্যা, যৌন নিৰ্যাতন, স্বামীৰ দ্বাৰা হিংসা, বে-আইনী সৰবৰাহ  আদি সৰ্বমুঠ ১৭২৪টা গোচৰ পঞ্জীয়নভুক্ত হৈছিল। ২০১৬ চনত সংঘটিত হোৱা এনেধৰণৰ গোচৰৰ সংখ্যা আছিল ১৬৫৭টা।

লক্ষ্যণীয়ভাৱে চলিত বছৰৰ জানুৱাৰি মাহত জিলাখনত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা ১১২টা গোচৰ ইতিমধ্যে আৰক্ষী থানাত পঞ্জীয়নভুক্ত হৈছে।

২০১৭ চনৰ তথ্য অনুযায়ী জিলাখনত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা মুঠ অপৰাধৰ ভিতৰত অধিক সংখ্যকেই হৈছে স্বামীৰ দ্বাৰা নিৰ্যাতনত ঘটনা। বিগত বছৰত প্ৰায় ১০৩৪টা এই ধৰণৰো গোচৰ আৰক্ষী তানাত পঞ্জীয়নভুক্ত হৈছিল।

তাৰোপৰি, ৩৬৩টা যৌন নিৰ্যাতন, ১৯২টা অপহৰণ আৰু ১০২টা বলাৎকাৰৰ গোচৰ পঞ্জীয়নভুক্ত কৰা হৈছিল।

আৰক্ষীৰ তৰফৰ পৰা জনোৱা হৈছে যে অৱশ্যেই এই তথ্যখিনি  জিলাখনত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ প্ৰকৃত তথ্য নহয়। কাৰণ বিভিন্ন কাৰণত বহুতো ঘটনা পঞ্জীয়ন নোহোৱাকৈ থাকি যায় ।

আৰক্ষীয়ে আৰু জনাইছে যে বাল্য বিবাহ প্ৰতিবন্ধক আইন-২০০৬ আৰু যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন-২০১২ (পিঅচিএছঅ এক্ট) ৰ অধীনত ভালেমান গোচৰ পঞ্জীয়ন কৰা হৈছে। এই গোচৰত বেছিভাগেই হৈছে কন্যা শিশু।

এই তথ্য অনুসৰি জিলাখনত বাল্য বিবাহৰ পৰিসংখ্যা যথেষ্ট অধিক।

মহিলা অধিকাৰ কৰ্মী আৰু লেখিকা ছুলতানা ছালিমা আহমেদে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে মহিলাৰ বিৰুদ্ধে এনে ধৰণৰ পৰাধ বাঢ়ি অহাৰ কাৰণ হৈছে দাৰিদ্ৰ আৰু নিৰক্ষৰতা।

আহমেদে কয় যে দুখীয়া পৰিয়ালৰ কন্যা শিশুক বিদ্যালয়লৈ যাবলৈ দিয়া নহয় আৰু গ’লেও ৪ৰ্থ মান বা ৫ম মানৰ পৰা অধিক পঢ়িবলৈ দিয়া নহয়। ছোৱালীক অতি কম বয়সতে বিয়া দিয়া হয় আৰু সন্তান জন্ম দিয়া মেচিন হিচাপে ব্যৱহাৰ কৰা হয়।

‘’এনে ক্ষেত্ৰত তেওঁলোকক তেওঁলোকক নিজৰ অধিকাৰ সম্পৰ্কে অৱগত কৰাটো সম্ভৱ নহয়’’ -লেখিকাগৰাকীয়ে মন্তব্য কৰিছে।

লেখিকাগৰাকীয়ে আৰু কৈছে যে তেওঁলোকৰ ওচৰে পাঁজৰে থকা অন্যন্য মহিলাৰ  বিৰুদ্ধে সংঘটিত হোৱা নিৰ্যাতন সদায় দেখি থাকি ডাঙৰ হোৱা সকলে তেওঁলোকৰ বিৰুদ্ধে হোৱা নিৰ্যাতনকো স্বাভাৱিক বুলি মানি লোৱাৰ মানসিকতা গঢ়ি উঠিছে।

মহিলাৰ বিৰুদ্ধে ক্ৰমে বাঢ়ি অহা অপৰাধৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পি বি কলেজৰ সহকাৰী অধ্যাপিকা তথা মহিলা অধিকাৰ কৰ্মী পাৰবীন ছুলতানাই  কৈছে,’’মহিলাৰ অৱস্থা কিছু পৰিমাণে উন্নত হৈছে যদিও যথাৰ্থতে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত বহুতো কৰণীয় আছে।

তেওঁ আৰু কৈছে,’’ মহালাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ বৰ্ধিত হাৰৰ পৰা জানিব পাৰি কেনেদৰে মহালাৰ বাবে নিৰাপদ স্থান নোহোৱা  হৈ আহিছে। ইয়ে মহিলাৰ বাবে  গতিশীলতা আৰু নিয়োগৰ সুযোগ সুবিধা লাভ সংকুচিত কৰি আনিছে।‘’

অধ্যাপিকা পাৰবীন ছুলতানাই  কয় ‘’কিছু কিছু ক্ষেত্ৰত মাটি সংক্ৰান্তীয় বিবাদত ইটো পৰিয়ালে সিটো পৰিয়ালৰ ওপৰত যৌন নিৰ্যাতনৰ গোচৰ জাপি দিব বিচাৰে। এই ক্ষেত্ৰটো মহিলাগৰাকীহে বলিৰ পঠা হ’ব লগীয়া হয়।’’ এনেধৰণৰ ঘটনাই  মহিলাৰ ওপৰত চলা নিৰ্যাতনৰ প্ৰকৃত ছবিখনৰ পৰা মনোযোগ আঁতৰাই নিয়ে বুলি অধ্যাপিকাগৰাকীয়ে মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd