পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভোটাৰ তালিকাৰ এছ আই আৰ প্ৰক্ৰিয়াক লৈ কেন্দ্ৰৰ শাসকীয় বিজেপি আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে। দেওবাৰে দিল্লীত ইণ্ডিয়া মিত্ৰজোঁটে আয়োজন কৰা ‘চলো দিল্লী’ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বেনাৰ্জীয়ে বিজেপিয়ে বংগ লুণ্ঠন কৰা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে যিকোনো পৰিস্থিতিতে আত্মসমৰ্পণ নকৰে বুলি হুংকাৰ দিয়ে।
বংগক এই এছ আই আৰ প্ৰক্ৰিয়াৰ “পৰিস্থিতিৰ বলি” বুলি অভিহিত কৰি তেওঁ কয় যে তেওঁলোকে কেতিয়াও হাৰ নামানে আৰু প্ৰাণ আহুতি দিলেও যুঁজ চলাই যাব। গণতন্ত্ৰৰ জৰিয়তে ৰাজনৈতিকভাৱে ইয়াৰ প্ৰতিশোধ লোৱা হ’ব বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰোপৰি, ৰাম জন্মভূমি আৰু ৱাকফ সম্পত্তিৰ পুঁজিসমূহ বিজেপিয়ে লুণ্ঠন কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি বেনাৰ্জীয়ে কয় যে আৰক্ষী বৰ্তমান বিজেপিৰ “সতীৰ্থ”লৈ পৰিণত হৈছে। কেন্দ্ৰীয় চৰকাৰে নিজৰ দলীয় স্বাৰ্থত আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহক অপব্যৱহাৰ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে।
সমদলত ভাষণ প্ৰদানৰ সময়ত মমতা বেনাৰ্জীয়ে জনপ্ৰিয় ইংৰাজী শিশু কবিতা ‘জনী জনী য়েছ পাপা’ৰ ৰাজনৈতিক ৰূপান্তৰ ঘটাই মুখ্য নিৰ্বাচন আয়ুক্ত আৰু কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰে। তেওঁ কবিতাটোৰ শৈলীত “জ্ঞানেশ ভেনিছ, য়েছ পাপা” আৰু “ভোট চুৰি, য়েছ পাপা” বুলি শ্লোগান দিয়ে। লগতে “গণতন্ত্ৰ ৰক্ষা কৰক” আৰু “ইণ্ডিয়া ৰক্ষা কৰক” ধ্বনি দি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু অপসাৰণৰ দাবী জনায়।
মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগৰ দাবীত দেওবাৰে দিল্লীত ইণ্ডিয়া মিত্ৰজোঁটে এই বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে। এই কাৰ্যসূচীত ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ৱাদ্ৰা, অখিলেশ যাদৱ আৰু মমতা বেনাৰ্জীকে ধৰি বিৰোধী মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকলে হেজাৰ হেজাৰ সমৰ্থকৰ সৈতে ৰামলীলা ময়দানলৈ সমদল উলিয়ায়।




