• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰক্ষকেই ভক্ষক! : থানাত বন্দী কৰি ১০ দিন ধৰি এগৰাকী মহিলাক ধৰ্ষণ ৫ আৰক্ষীৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
October 19, 2020 2:29 pm
unnamed
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ হাথৰাছৰ তৰুণীৰ গণ ধৰ্ষণে দেশ কঁপাই তোলাৰ সময়তে সমগ্ৰ দেশতে যোগী আদিত্যনাথৰ বিজেপি চৰকাৰে নাৰী সুৰক্ষা প্ৰদানত ব্যৰ্থ বুলি সমালোচিত হৈছিল।

সমগ্ৰ দেশতে ধৰ্ষণৰ বিৰুদ্ধে উঠা গণ জোৱাৰে দেশত ধৰ্ষণজনিত অপৰাধৰ পৰিমাণ হ্ৰাস কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও সেই ধাৰণা ভুল বুলি বাৰে বাৰে প্ৰমাণিত কৰিছে সঘনাই সংঘটিত হৈ থকা ইটোৰ পিছত সিটো ধৰ্ষণ কাণ্ডই।

Apply Now

বিকৃত আৰু অপৰাধী মানসিকাতাৰ লোকে এই ধৰ্ষণ কাণ্ডবোৰ সংঘটিত কৰি আহিছে মানুহে এক ধাৰণা কৰাৰ সময়তে এইবাৰ খোদ আৰক্ষীয়েই থানাত আৱদ্ধ কৰি ৰাখি এগৰাকী মহিলাক ১০ দিন ধৰি গণধৰ্ষণ কৰি অহাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে গাপ দি ৰখা এই ঘটনাটো সংঘটিত হৈছিল বিগত মে’ মাহত।

সূত্ৰৰ খবৰ মতে যোৱা ১০ অক্টোবৰ দিনাই এই ঘটনাটো পোহৰলৈ আহিছিল। ঘটনাটো সংঘটিত হৈছে বিজেপিৰ শিৱৰাজ সিং চৌহানৰ শাসনাধিষ্ঠ মধ্য প্ৰদেশত।

ঘটনাৰ বিৱৰণীৰ মতে মধ্য প্ৰদেশৰ ৰেওৱা জিলাৰ মাঙ্গাউন থানাত হত্যাৰ অভিযোগত এগৰাকী মহিলাক বন্দী কৰি ৰাখি উপৰ্যুপৰি ১০ দিন ধৰি ৫ আৰক্ষীয়ে গণধৰ্ষণ কৰে।

মহিলা গৰাকীয়ে দাবী কৰিছে যে তেওঁ নিজেও পূৰ্বতে এগৰাকী আৰক্ষী কনিষ্টবল আছিল। এক ভুৱা গোচৰত তেওঁক আটক কৰি থানাত আৱদ্ধ কৰি যোৱা ৯ মে’ৰ পৰা ২১ মে’লৈ ৫ জন আৰক্ষীৰ লোকে উপৰ্যুপৰি ধৰ্ষণ কৰিছিল।

পিছে এই সমগ্ৰ ঘটনাটো গোপনে ৰখা হয় বুলিও মহিলা গৰাকীয়ে দাবী কৰিছে।

বৰ্তমানেও জেইলত কাৰাৰুদ্ধ হৈ থকা মহিলা গৰাকীয়ে ৰেওৱা জিলাৰ অতিৰিক্ত জিলা আদালতৰ বিচাৰপতিয়ে কাৰাগাৰত সাক্ষাৎ কৰোতে এই সমস্ত ঘটনাটো অৱগত কৰে। মহিলা গৰাকীয়ে বিচাৰপতিক লগতে এইটোও জনায় যে কাৰাগাৰৰ ৱাৰ্ডেনকো এই ঘটনাৰ বিষয়ে জনোৱা হৈছিল। কিন্তু তেওঁ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

বিচাৰপতিয়ে এই অভিযোগ পোৱাৰ পিছতে ঘটনাটোৰ তদন্তৰ বাবে নিৰ্দেশ দিছে। ইফালে তদন্তত বহু চাঞ্চল্যকৰ তথ্য লাভ কৰা বুলি জানিব পৰা গৈছে।

ইফালে কাৰাগাৰৰ ৱাৰ্ডেনে মহিলা গৰাকীয়ে তেওঁক ধৰ্ষণৰ বিষয়ে অৱগত কৰা বুলি স্বীকাৰ কৰিছে। আনহাতে মহিলা গৰাকীয়ে ভুৱা অভিযোগ উত্থাপন কৰা বুলি আৰক্ষীয়ে দাবী কৰি ২১ মে’ত মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰা বুলি জনাইছে।

ঘটনাটোৱে শিৱৰাজ সিং চৌহানৰ বিজেপিৰ চৰকাৰখনক যথেষ্ট অস্বস্তিত পেলোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে ৰাজ্যখনত কিছু মাহৰ পাছতে ২৮ খন বিধানসভা আসনৰ বাবে নিৰ্বাচন হোৱাৰ কথা। এই নিৰ্বাচনৰ ফলাফলৰ ওপৰতে চৌহানৰ চৰকাৰৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব বুলিও ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd